শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বিকাশ অসমক অব্যাহতি, গ্ৰেপ্তাৰ কৰা নেতৃত্বক মুকলি কৰি নিদিলে উত্তাল হ’ব ৰাজপথ, শিৱসাগৰত সৰৱ শৃংখল চহিলা

যদি অনতিপলমে এই আটাইকেইজনক মুকলি কৰি নিদিয়ে, তেন্তে কাইলৈৰ পৰা তীব্ৰ আন্দোলনৰ ভাবুকি দিছে চলিহাই। লগতে বিকাশ অসমৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগলৈ লক্ষ্য ৰাখি বিকাশ অসমক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ তেওঁক সংগঠনৰ সকলো বিষয়বাব আৰু প্ৰাথমিক সদস্য পদৰ পৰা অব্যাহতি দিয়া হৈছে বুলি চলিহাই ঘোষণা কৰে।

বিকাশ অসমক অব্যাহতি, গ্ৰেপ্তাৰ কৰা নেতৃত্বক মুকলি কৰি নিদিলে উত্তাল হ’ব ৰাজপথ, শিৱসাগৰত সৰৱ শৃংখল চহিলা
manas-borah
Manas Borah | Updated On: 27 Oct 2025 21:53 PM

অপহৰণ আৰু ধন দাবীৰ এক ঘটনাৰে নাম সাঙোৰ খাইছে বীৰ লাচিত সেনাৰ। শেহতীয়াকৈ এই বিষয়ত সংবাদমেল সম্বোধন কৰি থকাৰ সময়তে গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকনক। ইফালে, এই সন্দৰ্ভত শিৱসাগৰত সংবাদমেল সম্বোধন কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাই।

উল্লেখ্য যে, গুৱাহাটীত সম্বোধন কৰা সংবাদমেলৰ পৰা বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে শিৱসাগৰৰ নিজ বাসগৃহৰ পৰা এই বিষয়ত সংবাদ মাধ্যমক সম্বোধন কৰে শৃংখল চলিহাই। সংবাদমেলত ৰণ্টু পানীফুকনৰ গ্ৰেপ্তাৰ কৰাক লৈ শৃংখল চলিহাক সৰৱ হোৱা দেখা যায়। ৰণ্টু পানীফুকনৰ লগতে উৎপল অসম আৰু তন্ময় ফুকনক কিয় গ্ৰেপ্তাৰ কৰা হ’ল সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে শৃংখল চলিহাই।

যদি অনতিপলমে এই আটাইকেইজনক মুকলি কৰি নিদিয়ে, তেন্তে কাইলৈৰ পৰা তীব্ৰ আন্দোলনৰ ভাবুকি দিছে চলিহাই। লগতে বিকাশ অসমৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগলৈ লক্ষ্য ৰাখি বিকাশ অসমক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ তেওঁক সংগঠনৰ সকলো বিষয়বাব আৰু প্ৰাথমিক সদস্য পদৰ পৰা অব্যাহতি দিয়া হৈছে বুলি চলিহাই ঘোষণা কৰে।

আনহাতে বীৰ লাচিত সেনাৰ একাংশ সদস্যক ডকাইতি গোচৰত সংযোজিত কৰি গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰি কেইবাটাও প্ৰশ্ন উত্থাপন কৰে শৃংখল চলিহাই। তেওঁ কয়, “অপৰাধৰ লগত জড়িত সেই লোক কেইজন বীৰ লাচিত সেনাৰ হয় নে নহয় সেইটো প্ৰমাণ কৰক। যদি কোনোবা বীৰ লাচিত সেনাৰ সদস্য হয় ব্যৱস্থা লওক কব লগা নাই।”

লগতে পঢ়ক: অপহৰণৰ চেষ্টাৰ অভিযোগ! বীৰ লাচিত সেনাৰ ৮ সদস্য আটক, মুখ্যমন্ত্ৰীয়ে দিলে ডাঙৰ হুংকাৰ

বীৰ লাচিত সেনাৰ সত্তাক উৎখাত কৰিবলৈ চৰকাৰে এইদৰে উঠি-পৰি লাগিছে বুলি অভিযোগ কৰে শৃংখল চলিহাই। তেওঁ কয়, “এই ধৰণৰ কাৰ্যৰ বাবে এতিয়া মিঞা আৰু অনাঅসমীয়াই চল পাব। কিয়নো এনে অনাঅসমীয়াই যিকোনো কাম কৰিবলৈ ভয় কৰে কেৱল বীৰ লাচিত সেনাৰ বাবে।”

লগতে তেওঁ কয় যে, “একাংশ সংবাদ মাধ্যমে আমাক বিচাৰৰ অবিহনে দোষী বুলি ঘোষণা কৰে। কিন্তু যেতিয়া আমি দোষমুক্ত হওঁ তেতিয়া তেওঁলোক মৌন হৈ থাকে।”

একপ্ৰকাৰে বীৰ লাচিত সেনা ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱা বুলি দাবী কৰিছে শৃংখল চলিহাই। তেওঁ কয়, “শাসক-বিৰোধী সকলো দলে আমাক লৈ ভয় কৰে বাবেই আমাক উৎখাত কৰাৰ চেষ্টা কৰিছে। কিয়নো কোনো কোনো ৰাজনৈতিক দল যেনেকৈ বঙালীৰ বাবে দায়বদ্ধ, কোনো কোনো দল যেনেকৈ মিঞাক লৈ দায়বদ্ধ, আন কোনো দল বণিয়াক লৈ দায়বদ্ধ। কিন্তু বীৰ লাচিত সেনা কেৱল অসম আৰু অসমীয়াক লৈ দায়বদ্ধ। যাৰ বাবে চৰকাৰৰ আমাৰ প্ৰতি ভয় আছে।”

শৃংখল চলিহাই ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱা বুলি দাবী কৰি কয়, “অসমত এতিয়া এখন মহাভাৰতৰ সূচনা হৈছে। কিন্তু শকুনি কোন তাকে চিনি পোৱা নাই। দুদিনমান আগত মুখ্যমন্ত্ৰীয়ে বীৰ লাচিত সেনাৰ সকলো সৈনিকৰ গাত লাচিতৰ তেজ বৈ আছে কৈছিল, সেই মুখ্যমন্ত্ৰীয়ে আজি বীৰ লাচিত সেনাক নিষিদ্ধ কৰিবলৈ গৈ আছে।” যদি আজি গ্ৰেপ্তাৰ কৰা নেতৃত্বক কাইলৈ ভিতৰত মুকলি কৰি নিদিয়ে, তেন্তে বীৰ লাচিত সেনাই ৰাজপথ উত্তাল কৰিব বুলি সকিয়াই দিছে শৃংখল চলিহাই।

লগতে পঢ়ক: বীৰ লাচিন সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকনক গ্ৰেপ্তাৰ…