শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বীৰ লাচিন সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকনক গ্ৰেপ্তাৰ…

সংবাদমেল সম্বোধন কৰাৰ সময়তে বীৰ লাচিন সেনাৰ নেতাগৰাকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। খ্ৰীষ্টানবস্তিৰ হোটেল এপল' গ্ৰেণ্ডত সংবাদমেল সম্বোধন কৰিছিল ৰণ্টু পানীফুকনে।

বীৰ লাচিন সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকনক গ্ৰেপ্তাৰ…
manas-borah
Manas Borah | Published: 27 Oct 2025 18:22 PM

আজি সোমবাৰে বিয়লি বীৰ লাচিন সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। শেহতীয়াকৈ চৰ্চালৈ অহা বীৰ লাচিত সেনাৰ নামত দাবী ঘটনাক কেন্দ্ৰ কৰি সংবাদমেল সম্বোধন কৰাৰ সময়তে বীৰ লাচিন সেনাৰ নেতাগৰাকীক আটক কৰে আৰক্ষীয়ে। খ্ৰীষ্টানবস্তিৰ হোটেল এপল’ গ্ৰেণ্ডত সংবাদমেল সম্বোধন কৰিছিল ৰণ্টু পানীফুকনে।

সংবাদমেল চলি থকাৰ মাজতে আৰক্ষীৰ এই পদক্ষেপে সাংবাদিক আৰু উপস্থিতসকলক আচৰিত কৰি তুলিছিল আৰু মুহূর্ততে এইলৈ উত্তেজনাৰ সৃষ্টি হৈছিল। জানিব পৰা মতে, সংবাদমেল সম্পূৰ্ণ কৰাৰ আগতেই পানীফুকনক আটক কৰি লৈ যায় আৰক্ষীয়ে। ৰণ্টু পানীফুকনক গ্ৰেপ্তাৰ কৰাৰ আঁৰৰ কাৰণ সন্দৰ্ভত সবিশেষ এতিয়াও আৰক্ষীয়ে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই। অৱশ্যে ৰাজ্যত বীৰ লাচিত সেনাৰ নামত শেহতীয়াকৈ উত্থাপিত হোৱাৰ অভিযোগ সৈতে ইয়াৰ সম্পৰ্ক থাকিব পাৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে।

ইফালে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বীৰ লাচিত সেনাৰ বিৰুদ্ধে কেইবাটাও কঠোৰ মন্তব্য প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এক প্ৰকাৰে সতৰ্ক কৰি কয় যে,ৰাজ্যত ভয়-ভাবুকি, ধন দাবী, ৰাজহুৱা বিশৃংখলতা সৃষ্টিৰ অভিযোগত অভিযুক্ত সংগঠনটোৰ বিৰুদ্ধে সম্ভাৱ্য নিষেধাজ্ঞাকে ধৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ দৰে কথা চৰকাৰে ভাবিব পাৰে।

মুখ্যমন্ত্ৰী শৰ্মাই কয়,“লাচিত সেনাৰ কাৰ্য-কলাপক লৈ আমি গভীৰ অসন্তুষ্ট আৰু তেওঁলোকৰ কাৰ্য-কলাপক আমি গভীৰ উদ্বেগৰ সৈতে লক্ষ্য কৰি আছো। আলফা(স্বাধীন)-ৰ দৰে বীৰ লাচিত সেনাকো হয়তো নিষিদ্ধ কৰিবলগা এটা দিন আহিব পাৰে।”

যোৱা ২৬ অক্টোবৰ দেওবাৰে নিশা গুৱাহাটীত ৰাহুল মিশ্ৰ নামৰ এজন লোকক অপহৰণৰ কৰাৰ দৰে ঘটনা পোহৰলৈ আহিছিল। এই ঘটনাৰে বীৰ লাচিত সেনাৰ সদস্য জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল। গভীৰ নিশাৰ ক্ষীপ্ৰ অভিযানত দিছপুৰ আৰক্ষীয়ে মহানগৰীৰ বৰবাৰী অঞ্চলৰ প্ৰতীক্ষা চিকিৎসালয়ৰ বাহিৰৰ পৰা অপহৰণ কৰা ৰাহুল মিশ্ৰক উদ্ধাৰ কৰে।আৰক্ষী সূত্ৰই জনোৱা মতে, অপহৰণকাৰীয়ে ১৫–২০ লাখ টকা মুক্তিপণৰ দাবী জনাইছিল।