শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আধৰুৱা হৈ ৰ’ল এটি সপোন, প্ৰেমিকৰ সৈতে পলাই যাওঁতেই সকলো শেষ হৈ গ’ল জানমণিৰ

জানিব পৰা মতে,  দীৰ্ঘদিনে প্ৰেমৰ সম্পৰ্কত আছিল  চিলাপথাৰৰ চিলাপথাৰৰ জানমণি মেদক আৰু ভাঙিদিয়া গাঁৱৰ শচীন দলে।  দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত কালি দেওবাৰে বিবাহৰ বাবে এখন গ্লেমাৰ বাইকত উঠি প্ৰেমিক শচীনৰ সৈতে গৈছিল জানমণি। পলাই গৈ গোপনে বিবাহপাশত আৱদ্ধ হোৱা সিদ্ধান্ত আছিল দুয়োৰে।

আধৰুৱা হৈ ৰ’ল এটি সপোন, প্ৰেমিকৰ সৈতে পলাই যাওঁতেই সকলো শেষ হৈ গ’ল জানমণিৰ
প্ৰেমিকৰ সৈতে পলাই গৈ দুৰ্ঘটনাত নিহত জানমণি!
Trishna Kalita
Trishna Kalita | Edited By: Raj Saikia | Updated On: 10 Feb 2025 18:19 PM

এটা প্ৰেম কাহিনী । চুপহি মেলোঁতেই মৰহি যোৱা এটা প্ৰেম কাহিনীৰ বিষয়ে এই প্ৰতিবেদনত প্ৰকাশ কৰিবলৈ লৈছোঁ । যিটো কাহিনীয়ে আপোনাৰ দুচকু সেমেকাই তুলিব । এবাৰ ক’বলৈ মন যাব হে ভগৱান! তোমাৰ কেনে বিচাৰ এয়া । ঘটনাটো অসমৰে । শচীন-জানমণিৰ আধৰুৱা প্ৰেম কাহিনী । বুকুত অলেখ সপোন বান্ধি যোৱা নিশা প্ৰেমিক শচীনৰ সৈতে পলাই গৈছিল জানমণি । কিন্তু আধাবাটতে ঘটিল এটা অভাৱনীয় ঘটনা । সাত শতৰুৱেও বাঞ্ছা নকৰা এক ঘটনা সংঘটিত হ’ল শচীন-জানমণিৰ সৈতে ।

জানিব পৰা মতে,  দীৰ্ঘদিনে প্ৰেমৰ সম্পৰ্কৰে বান্ধ খাই আছিল চিলাপথাৰৰ জানমণি মেদক আৰু ভাঙিদিয়া গাঁৱৰ শচীন দলে ।  দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত কালি দেওবাৰে সংসাৰ কৰাৰ মনেৰে বাইকত উঠি প্ৰেমিক শচীনৰ সৈতে পলাই গৈছিল জানমণি । পলাই গৈ গোপনে বিবাহপাশত আৱদ্ধ হোৱা সিদ্ধান্ত আছিল দুয়োৰে । কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস । আধা বাটতে ঘটিল সেই অভাৱনীয় ঘটনাটো । যি ঘটনাই থান-বান কৰি পেলালে শচীন-জানমণিৰ সপোনবোৰ । ইচ্ছা কৰিলেও এতিয়া আৰু একলগ হ’ব নোৱাৰে দুয়ো ।

দেওবাৰে নিশা প্ৰেমিকা জানমণিক লগত লৈ বাইক চলাই গৈ আছিল শচীন দলে । দাম্বুক বকুলগুৰিৰ পৰা আহি নিশা প্ৰায় ১০ বজাত চিলাপথাৰৰ পুমি গাঁও পাইছিলহি দুয়ো । বাটত ৰৈ আছিল অদৃশ্য কাল । হঠাৎ দুৰ্ঘটনাত পতিত হয় শচীন আৰু জানমণি । দুৰ্ঘটনাটোৱে শচীনৰ জীৱনৰ পৰা চিৰদিনৰ বাবে লৈ গ’ল জানমণিক । আহত শচীন এতিয়া ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

যুগ্ম জীৱনৰ পাতনি মেলিবলৈ লওঁতেই পৰিসমাপ্তি ঘটিল এটা মধুৰ অধ্যায়ৰ । শচীন-জানমণিৰ সকলো আশা, সকলো সপোন জানমণিৰ লগতেই চিতাৰ জুইত মিলি গ’ল । হাস্পতালৰ বিচনাত পৰি থকা শচীনে হয়তো গমেই নাপায় যে, তাক এৰি চিৰদিনৰ বাবে আঁতৰি গ’ল লগৰী কৰিব খোজা জানমণি । এই ঘটনাই ধেমাজি জিলাত শোক ছাঁ পেলাইছে । সকলোৱেই এই কথাই কৈছে যে এনে ঘটনা আৰু দুনাই নঘটক আন কাৰো জীৱনত ।

উল্লেখ্য যে বিগত বৰ্ষৰ নৱেম্বৰ মাহত সংঘটিত হৈছিল অনুৰূপ এক শোকাৱহ দুৰ্ঘটনা। মেঘালয়ৰ ৰিভই জিলাৰ ছাংবাংলাত গুৱাহাটী- শ্বিলং সংযোগী ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল অসমৰ দুই যুৱক- যুৱতীৰ । পথ দুৰ্ঘটনাত মৃত্য়ু হোৱা যুৱকজন মৰাণৰ ২ নং সৰুপথাৰ গাঁৱৰ ২৩ বছৰীয়া নিলোৎপল দুৱৰী আৰু যুৱতীগৰাকী মৰাণৰ জ্যোতিপুৰ গদাধৰ সিংহ পথৰ ২১ বছৰীয়া গাৰ্গী চুতীয়া। একাংশৰ মতে দুয়ো প্ৰেমিক-প্ৰেমিকা আছিল আৰু গুৱাহাটীৰ পৰা শ্বিলঙলৈ ফুৰিবলৈ গৈছিল দুয়ো ।