শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

TOP 9: মৰমৰ গ’ল্ডিৰ সমাধিত গৰিমাৰ উচুপনি! ১ মিনিটতে পঢ়ক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ

সোণাপুৰত জুবিন গাৰ্গৰ সমাধিত পত্নী গৰিমা গাৰ্গ। যোৰহাটলৈ যোৱাৰ পথত স্বামীৰ সমাধিত সেৱা জনালে গৰিমাই। জুবিনৰ মৃত্যুৰ ৰহস্য শীঘ্ৰে উদ্ঘাটনৰ বাবে চৰকাৰক দাবী জনাইছে গৰিমা গাৰ্গে। প্ৰকৃতিৰ মাজত জুবিন গাৰ্গ সদায় জীয়াই থাকক বুলি লগতে কয় গৰিমাই।

TOP 9: মৰমৰ গ’ল্ডিৰ সমাধিত গৰিমাৰ উচুপনি! ১ মিনিটতে পঢ়ক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ
barasha-misra
Barasha Misra | Updated On: 30 Sep 2025 18:50 PM

জুবিন গাৰ্গৰ সমাধিত গৰিমাৰ উচুপনিৰ পৰা এদিনীয়া মহিলা ক্ৰিকেট বিশ্বকাপলৈ আজি বহুকেইটা খবৰে শীৰ্ষ স্থান দখল কৰিছে। পলকতে চাও আহক সকলো খবৰ…

১. জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবী অনশনত বহিল অখিল গগৈ। গুৱাহাটীৰ চচলত আজিৰে পৰা অনিৰ্দিষ্টকাললৈ অনশন আৰম্ভ কৰিছে বিধায়কগৰাকীয়ে। তাৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চিবিআই দিবলৈ দাবী জনাই ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান কৰে অখিল গগৈয়ে।

২. গুৱাহাটীৰ দক্ষিণগাঁৱত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা। সুৰাপানত বাধা দিয়া বাবেই পত্নীক জীৱন্তে জ্বলাই হত্যা এজন লোকৰ। যোৱা নিশা প্ৰায় ১ মান বজাত সংঘটিত হয় এই শোকাৱহ ঘটনাটো। কুন্দন নামৰ ব্যক্তিগৰাকীয়ে প্ৰথমে পত্নীক ছুৰীকাঘাত কৰি পাছত গেছৰ চিলিণ্ডাৰৰ পাইপ খুলি অগ্নি সংযোগ কৰে।

৩. আজি যোৰহাটলৈ নিয়া হ’ল জুবিন গাৰ্গৰ চিতা-ভস্ম। বুধবাৰে যোৰহাটত অনুষ্ঠিত হ’ব শিল্পীগৰাকীৰ ১৩ দিনীয়া আদ্যশ্ৰাদ্ধ। যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত কৰা হৈছে এই অনুষ্ঠানৰ। পুৱা ৮ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ অব্যাহত থাকিব শ্ৰাদ্ধ অনুষ্ঠান।

৪. মহানগৰীৰ মালিগাঁৱত চাঞ্চল্যকৰ ঘটনা। মালিগাঁৱৰ মছজিদ গলিত মৃত অৱস্থাত উদ্ধাৰ এজন লোকক। অচিনাক্ত লোকজনক কোনোবাই হত্যা কৰি গছত ওলোমাই থৈ যোৱাৰ সন্দেহ। সমীপৰ ৰেলৱে কোৱাটাৰত থকা এজন লোকে খবৰ দিয়ে আৰক্ষীক। বৰ্তমান আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

৫. আজি চি আই ডিৰ কাৰ্যলয়ত উপস্থিত হয় ব্যৱসায়ী সঞ্জীৱ নাৰায়ণ। জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে চিআইডিয়ে তলব কৰিছিল বিষয়াগৰাকীক। জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত একেটা অনুষ্ঠানৰ বাবে ছিংগাপুৰত আছিল সঞ্জীৱ নাৰায়ণ। ইতিমধ্যে তেওঁ এক সংবাদমেলযোগে নিজৰ স্থিতি স্পষ্ট কৰি দিছিল।

৬. সোণাপুৰত জুবিন গাৰ্গৰ সমাধিত পত্নী গৰিমা গাৰ্গ। যোৰহাটলৈ যোৱাৰ পথত স্বামীৰ সমাধিত সেৱা জনালে গৰিমাই। জুবিনৰ মৃত্যুৰ ৰহস্য শীঘ্ৰে উদ্ঘাটনৰ বাবে চৰকাৰক দাবী জনাইছে গৰিমা গাৰ্গে। প্ৰকৃতিৰ মাজত জুবিন গাৰ্গ সদায় জীয়াই থাকক বুলি লগতে কয় গৰিমাই।

৭. গাজাত শান্তি প্ৰতিষ্ঠাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে গ্ৰহণ কৰা পৰিকল্পনাক সমৰ্থন ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ট্ৰাম্পৰ এই পৰিকল্পনাই পেলেষ্টাইন আৰু ইজৰাইলৰ জনসাধাৰণৰ বাবে “দীৰ্ঘম্যাদী আৰু বহনক্ষম শান্তিৰ” পথ প্ৰদান কৰিছে বুলি কয় মোদীয়ে। লগতে ৮ খন মুছলমান ৰাষ্ট্ৰয়ো ইয়াত সমৰ্থন জনাইছে।

৮. পাকিস্তানৰ কুৱেটাত সেনাৰ কাৰ্যালয়ৰ বাহিৰত ভয়ংকৰ বোমা বিস্ফোৰণ। এই ঘটনাত প্ৰায় ৮ জন লোক নিহত হোৱাৰ লগতে আহত হৈছে বহু লোক। কুৱেটাৰ জাৰ্ঘুন ৰোডত সংঘটিত এই বিস্ফোৰণৰ পিছতে তীব্ৰ গুলীচালনা সংঘটিত হোৱাৰ খবৰো প্ৰকাশ পাইছে। আৰক্ষীৰ মতে, এই বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে ওচৰৰ অট্টালিকাৰ দুৱাৰ-খিৰিকী ভাঙি গৈছিল।

৯. আজিৰে পৰা আৰম্ভ হৈছে এদিনীয়া মহিলা ক্ৰিকেট বিশ্বকাপ। গুৱাহাটীৰ বৰ্ষাপাৰাত প্ৰথমখন মেচত মুখামুখি হৈছে ভাৰত আৰু শ্ৰীলংকা। টচত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত লয় শ্ৰীলংকাই। বৰষুণৰ বাবে মেচখন ৪৮ অভাৰলৈ সীমিত কৰা হয়।