Top9: কাৰ্বি আংলঙৰ ঘটনাৰ পৰা চীনৰ ষড়যন্ত্ৰলৈ, দিনটোৰ খবৰ…
Top9 News: কাৰ্বি আংলঙত এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰি আছে। জিলাখনত সংঘটিত হিংসাত্মক ঘটনাত এতিয়ালৈকে ২ জনৰ মৃত্যু আৰু কেইবাজনো আহত হয়। অঞ্চলটোত অধিক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে।
আজিৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-
১. পশ্চিম কাৰ্বি আংলঙত এতিয়াও চেঁপা উত্তেজনা। বন্ধ হৈ আছে ইণ্টাৰনেট সেৱা। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰা হৈছে ৰেপিড এক্সন ফৰ্চ। বৰ্তমানলৈকে হিংসাত্মক ঘটনাত ২ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে কমেও ৪৫ গৰাকী লোক।
২. অবৈধভাৱে অসমত প্ৰৱেশৰ চেষ্টা কৰি আটক ৭ বাংলাদেশী। শ্ৰীভূমি জিলাত আটক কৰা হয় এই বাংলাদেশীকেইটাক। এই একেটা গোটক যোৱা ১৯ ডিচেম্বৰত ওভতাই পঠাইছিল আৰক্ষীয়ে। কিন্তু পুনৰ অসমত অনুপ্ৰৱেশৰ চেষ্টাৰে আহিছিল বাংলাদেশী কেইটা।
৩. নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত আৰম্ভ শক্তি উৎপাদন প্ৰক্ৰিয়া। বান্ধটোৰ দ্বিতীয় ইউনিটত আৰম্ভ কৰা হৈছে শক্তি উৎপাদনৰ কাম। দিল্লীৰ পৰা কেন্দ্ৰীয় শক্তিমন্ত্ৰী মনোহৰ লাল খট্টৰে উদ্বোধন কৰে ২৫০ মেগাৱাট ক্ষমতাসম্পন্ন ইউনিট-২।
৪. অসমত বাংলাদেশী জনসংখ্যা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে মুখ্য়মন্ত্ৰীয়ে অসমৰ মুছলমানক ভাল নাপায়। মুখ্যমন্ত্ৰীয়ে যে হতাশ হৈছে তেওঁৰ বক্তব্যত এয়া প্ৰমাণ হৈছে। এই মন্তব্যক গৰিহনা দি অসমত ৪০ শতাংশ মুছলমান নাই বুলি কয় সৰকাৰে।
৫. কাইলৈ পবিত্ৰ বৰদিন। এই উপলক্ষে গুৱাহাটী মহানগৰীত দেখা গৈছে ব্যাপক উছাহ আৰু উদ্দীপনা। সজাই পৰাই তোলা হৈছে গীৰ্জাসমুহ। তাৰোপৰি খ্ৰীষ্টমাছ ট্ৰী, ষ্টাৰ, ৰঙ-বিৰঙী লাইট, সুস্বাদু খাদ্যৰে ভৰি পৰিছে গুৱাহাটীৰ বজাৰ।
৬. বাংলাদেশত হিন্দুৰ ওপৰত সংঘটিত অত্যাচাৰৰ বিৰুদ্ধে গোৱালপাৰাত প্ৰতিবাদ। বিশ্ব হিন্দু পৰিষদে দুধনৈত সাব্যস্ত কৰে ব্যাপক প্ৰতিবাদ। জোতা-চেণ্ডেলৰ মালা পিন্ধাই ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাংলাদেশ চৰকাৰৰ উপদেষ্টা মহম্মদ ইউনুছৰ পুত্তলিকাত দাহ কৰাৰ লগতে এক প্ৰতিবাদী সমদল উলিয়ায় সংগঠনটোৱে।
৭. ২০৪৯ চনৰ ভিতৰত এখন বৃহত্তৰ চীন গঢ়ি তোলাৰ সপোন দেখিছে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে। আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰালয় পেন্টাগনৰ এক নতুন প্ৰতিবেদনত দাবী কৰা হৈছে যে এই পৰিকল্পনাৰ অংশ হিচাপে চীনে এতিয়া ভাৰতৰ অৰুণাচল প্ৰদেশক নিজৰ ভূখণ্ডৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে বিবেচনা কৰিছে। ইয়াৰ ফলত ভাৰতত উদ্বেগৰ সৃষ্টি হৈছে।
৮. উন্নাওকাণ্ডৰ মাষ্টাৰ মাইণ্ড কুলদীপ সিং ছেংগাৰৰ জামিন সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰাহুল গান্ধীৰ। এই কাৰ্যক লজ্জাজনক তথা নিন্দনীয় আখ্যা ৰাহুলৰ। তেওঁ কয় যে ভুক্তভোগীয়ে আজিও ভয়ৰ মাজত দিন কটোৱাৰ সময়ত এই জামিন চৰম লজ্জাজনক। ৰাহুলে লগতে কয় যে ভুক্তভোগীক বাৰে বাৰে প্ৰহাৰ কৰা হৈছে।
৯. ইণ্ডিগো এয়াৰ লায়েন্সৰ আগ্ৰাসন নিয়ন্ত্ৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। দুটাকৈ নতুন এয়াৰ লায়েন্সক অনুমতি দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে। এই দুটা এয়াৰ লায়েন্স হৈছে অল হিন্দ এয়াৰ আৰু ফ্লাই এক্সপ্ৰেছ।
অন্য খবৰ পঢ়কঃ Yunus: কিমান নাৰীৰ সৈতে সম্পৰ্ক আছে ইউনুছৰ? ভাৰতৰ সৈতেও আছে সংযোগ…