শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Top9 News: অসমলৈ মোদীৰ উপহাৰৰ পৰা ইৰাণৰ ভয়ংকৰ তথ্যলৈ, দিনটোৰ খবৰ…

Top9 News: দুদিনীয়া ভ্ৰমণসূচী সামৰি দিল্লীলৈ উভতি গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি তেওঁ কলিয়াবৰৰ পৰা কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰোপৰি মুকলি কৰে দুখনলৈ অমৃত ভাৰত এক্সপ্ৰেছ।

Top9 News: অসমলৈ মোদীৰ উপহাৰৰ পৰা ইৰাণৰ ভয়ংকৰ তথ্যলৈ, দিনটোৰ খবৰ…
টপ৯Image Credit source: Facebook (himanta biswa sarma)
Barasha Sarma
Barasha Sarma | Published: 18 Jan 2026 17:08 PM

আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-

১) দুদিনীয় কাৰ্যসূচীৰে অসম ভ্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দ্বিতীয় দিনাৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীগৰাকী কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰে। পাছত মোদীয়ে কলিয়াবৰৰ মৌচন্দা পথাৰৰ পৰা সম্বোধন কৰে বিশাল জনসভা। উল্লেখ্য যে, ৬,৯৫৭কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব কাজিৰঙাৰ এলিভেটেড ক’ৰিডৰ। এই প্ৰকল্পৰ অধীনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা NH-715 ৰ ৪-লেন যুক্ত কৰা আৰু ৩৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিব।

২)আজি মোদীয়ে ৰাজ্যবাসীক উপহাৰ দিলে দুখনকৈ অমৃত ভাৰত ৰে’ল। কলিয়াবৰৰ পৰা ভাৰ্চুৱেলী ৰে’ল দুখন মুকলি কৰে মোদীয়ে। এই নতুন ৰে’ল দুখন হৈছে ক্ৰমে কামাখ্যা–ৰোহটক অমৃত ভাৰত এক্সপ্ৰেছ আৰু ডিব্ৰুগড়–গোমতী নগৰ (লক্ষ্ণৌ) অমৃত ভাৰত এক্সপ্ৰেছ। নতুন এই ৰে’ল দুখনে উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে দেশৰ আন প্ৰান্তৰ সংযোগ ব্যৱস্থাক এক বিশেষ মাত্ৰা প্ৰদান কৰিব।

৩)কলিয়াবৰত জনসভা সম্বোধন কৰি কংগ্ৰেছক তীব্ৰ কটাক্ষ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। তেওঁ কয় যে,কংগ্ৰেছৰ শাসনকালত অসমক দিয়া ৰে’লৱেৰ বাজেট আছিল মাত্ৰ ২,০০০ কোটি টকা আৰু এতিয়া আমাৰ চৰকাৰে প্রদান কৰে ১০,০০০ কোটি টকা। ইয়াৰ দ্বাৰা অসমত ৰে’লৱেৰ আন্তঃগাঁথনি উন্নত হোৱা বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

৪)বিজেপিৰ দিনত গঁড় হত্যা বন্ধ হৈছে বুলি কয় মোদীয়ে। তেওঁ কয়, কাজিৰঙাত এটা সময়ত গঁড় হত্যা বৃদ্ধি পাইছিল। ২০১৪ৰ পূৰ্বে গঁড়ৰ চিকাৰ অধিক হৈছিল। বিজেপি চৰকাৰে গঁড়ৰ চোৰাং চিকাৰ বন্ধ কৰাৰ লক্ষ্য লৈছিল। ২০২৫ত এটাও গঁড়ৰ চিকাৰ হোৱা নাই। এয়া বিজেপি চৰকাৰৰ ৰাজনৈতিক সদিচ্ছাৰ বাবে সম্ভৱ হোৱা বুলি কয় মোদীয়ে।

৫)এলিভেটেড কৰিড’ৰৰ বিৰোধিতা কৰাৰ বাবে গৌৰৱ গগৈক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, গগৈয়ে বিৰোধিতা কৰি থাকক। অসমে এতিয়া আকাশ চুৱাৰ সপোন দেখিছে। দেশৰ ভিতৰত অসমক শ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিম। পাকিস্তানী এজেন্টৰ ওচৰত আমি শিৰনত নকৰো।

৬)সমাগত অসম বিধানসভা নিৰ্বাচন। ইয়াকে লৈ ইতিমধ্যে প্ৰতিটো দলে নিজা নিজা প্ৰস্তুতি চলাইছে। ইয়াৰ মাজতে AIUDF ৰ মুৰব্বী বদৰুদ্দিন আজমলে কয় যে, ২০২৬ ৰ নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ বাবে তেওঁ এতিয়াও আশাবাদী। তেওঁ আৰু কয়, বিজেপিক পৰাস্ত কৰাৰ একমাত্ৰ উপায় হৈছে বিৰোধিৰ ঐক্য়। গতিকে যদি কংগ্ৰেছে মিত্ৰতাৰ বাবে আগবাঢ়ি আহে তেন্তে আমি ইয়াক ১০০ শতাংশ বিবেচনা কৰিম।

৭)আজি মুম্বাইত বিহাৰ সেৱক উৰ্জা মিলনত অংশ গ্ৰহণ কৰে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে। জনতাক সম্বোধন কৰি তেওঁ কয় যে,ধৰ্মই সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডক পৰিচালিত কৰে। এখন ৰাষ্ট্ৰ ধৰ্মনিৰপেক্ষ হ’ব পাৰে, কিন্তু ধৰ্ম অবিহনে কোনো জীৱিত বা অজীৱিত সত্তা থাকিব নোৱাৰে।যেতিয়ালৈকে ভাৰত ধৰ্মৰ দ্বাৰা পৰিচালিত হৈ থাকিব, তেতিয়ালৈকে ই বিশ্বৰ নেতা হৈ থাকিব।

৮)মধ্যপ্ৰদেশ জবলপুৰৰ পৰা পোহৰলৈ আহিছে এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা। তীব্ৰবেগী বাহনে দুপৰীয়াৰ আহাৰ খাই থকা একাংশ লোকক মহতিয়াই লৈ যায়। এই ঘটনাৰ ফলত প্ৰায় ২০জন লোক আহত হয়। ৫ জনৰ অৱস্থা সংকটজনক।  ইতিমধ্যে আটাইকেইজনক হাস্পাতালত প্ৰেৰণ কৰা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।

৯)চলি আছে ইৰাণত প্ৰতিবাদ। ইয়াৰ মাজতে এক গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। ইৰাণৰ এজন বিষয়াই দেওবাৰে কয় যে চৰকাৰে এই পৰ্যন্ত প্ৰায় ৫০০ নিৰাপত্তাৰক্ষীকে ধৰি কমেও ৫ হাজাৰ লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। তেওঁ লগতে কয়,এই মৃত্যুৰ বাবে সন্ত্ৰাসবাদী আৰু সশস্ত্ৰ উগ্ৰবাদীসকল দায়ী। যাৰ বাবে বহু নিৰীহৰ প্ৰাণ গৈছে।

 

অন্য খবৰ পঢ়কঃ কি হ’ব চিকেন নেকৰ? বাংলাদেশ নিৰ্বাচনৰ পাছতে বিপদ বাঢ়িব নেকি ভাৰতৰ…