জনজাতিকৰণৰ প্ৰতিবেদন সংশোধনৰ পৰা গোৱাৰ অগ্নিকাণ্ডলৈ, দিনটোৰ খবৰ…
Top9 News: কাইলৈ গুৱাহাটীত অনুষ্ঠান পৰিৱেশন কৰিব আন্তঃৰাষ্ট্ৰীয় শিল্পী পোষ্ট মেলনে। ইয়াৰ পূৰ্বে আজি তেওঁৰ সহযোগী শিল্পীয়ে কামাখ্যা মন্দিৰ দৰ্শন কৰে। কামাখ্যাৰ ইতিহাস জানিব পাৰি আপ্লুত হৈ পৰে আটাইয়ে।
আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ উল্লেখ কৰা হ’ল-
১) জনজাতিকৰণক লৈ মন্ত্ৰীগোটে দাখিল কৰা প্ৰতিবেদনৰ হ’ব সংশোধন। মটক জনগোষ্ঠীয়ে বিচাৰিছে বিশেষ সংশোধনী। এই সংশোধনী সন্নিবিষ্ট হোৱাৰ পাছত প্ৰতিবেদন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে দিল্লীলৈ প্ৰেৰণ কৰা হ’ব। এই মন্তব্য প্ৰদান কৰি মন্ত্ৰী ৰনোজ পেগুৱে কয় যে, এই প্ৰতিবেদনৰ ফলস্বৰূপে এটা ফেৰ্ম ৱাৰ্ক লাভ কৰিছো। যি দিল্লীত দাখিল কৰিম।
২) শক্তিপীঠ কামাখ্যাত আন্তঃৰাষ্ট্ৰীয় গায়ক পোষ্ট মেলনৰ সহযোগী শিল্পীৰ দল। মা কামাখ্যাৰ শ্ৰীচৰণত পূজা-অৰ্চনা দলটিৰ। অসম আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজেৰে মন্দিৰ দৰ্শন শিল্পীৰ দলটোৰ। কামাখ্যা মন্দিৰৰ মহত্ব আৰু ইতিহাস জানি আপ্লুত হৈ পৰে তেওঁলোক। মন্দিৰ প্ৰাংগনত বহু সময় কটাই সংবাদ মাধ্যমৰ আগত নিজকে কামাখ্যা মন্দিৰ দৰ্শন কৰি ধন্য বুলি মন্তব্য কৰে দলৰ সদস্যসকলে।
৩)আজি বৰাকত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰে। উধৰবন্দত এক অনুষ্ঠানত অংশ লৈ শৰ্মাই ১৫০০০ ৰো অধিক মহিলাক ১০ হাজাৰ টকাৰ চেক বিতৰণ কৰে। ইয়াৰ পাছতে শৰ্মাই কয় যে,বৰাকত নাৰী শক্তিৰ জাগৰণে অসমৰ অৰ্থনৈতিক উন্নয়নৰ যাত্ৰাত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব পাৰে। এই সম্ভাৱনা উপলব্ধি কৰি আজি ১৫ হাজাৰৰ অধিক মহিলাক চেক বিতৰণ কৰো।
৪)অসম সমবায় মৰাপাট কলৰ অচলাৱস্থাক লৈ গুৰুত্বপূৰ্ণ বৈঠক কলিয়াবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত। অসম সমবায় মৰাপাট কলৰ অধ্যক্ষ তথা মন্ত্ৰী কেশৱ মহন্তৰ অধ্যক্ষতাত অনুষ্ঠিত হয় বৈঠক। বিগত প্ৰায় এসপ্তাহ ধৰি বন্ধ হৈ আছে মৰাপাট কলটোৰ দ্বিতীয়টো ইউনিটৰ উৎপাদন। অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি মৰাপাট কলটোৰ পৰিচালন সঞ্চালক গুনমনি গগৈয়ে দুৰ্নীতি চলাই আছে। আজিৰ সভাত এই বিষয়টো উত্থাপন কৰি বিভাগীয় তদন্তৰ অন্তত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰী মহন্তই আশ্বাস দিয়ে।
৫) গোৱাৰ এটা নাইট ক্লাবত সংঘটিত ভয়ংকৰ বিস্ফোৰণৰ ফলত ২৫ জন লোকৰ মৃত্যু হয় আৰু কেইবাজনো আহত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনাৰ ওপৰত শোক ব্যক্ত কৰি নিহতসকলৰ পৰিয়াললৈ ২ লাখ টকা আৰু আহতসকলৰ পৰিয়াললৈ ৫০,০০০ টকাৰ এককালীন সাহাৰ্য ঘোষণা কৰে। জানিব পৰা মতে, চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই ঘটনা সংঘটিত হয়। এই জুই ইমানেই ভয়ংকৰ আছিল যে এতিয়াও কেইবাটা মৃতদেহ উদ্ধাৰ হোৱা নাই।
৬) সংকটৰ পৰা বাহিৰ হোৱা নাই দেশৰ সৰ্ববৃহৎ বিমান সংস্থা ইণ্ডিগ’। আজি ৬৫০খনতকৈও অধিক ইণ্ডিগ’ৰ বিমান বাতিল। ইয়াৰ পূৰ্বে শুকুৰবাৰে ১৬০০খন আৰু শনিবাৰে প্ৰায় ৮০০খন বিমান বাতিল কৰা হৈছিল। এই সন্দৰ্ভত দিল্লী বিমান বন্দৰৰ অপাৰেটৰ GMR য়ে যাত্ৰীসকলক বিশেষ অনুৰোধ জনায়। GMR য়ে কয় যে, ইণ্ডিগৰ সমস্যা সম্পূৰ্ণৰূপে ঠিক হোৱা নাই।গতিকে ঘৰৰ পৰা ওলোৱাৰ পূৰ্বে যাত্ৰীসকলে বিমানৰ ষ্টেটাছ পৰীক্ষা কৰক।
৭) দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস উপলক্ষে সশস্ত্ৰ বাহিনীক কৃতজ্ঞতা জ্ঞাপন কৰে। সামাজিক মাধ্যমযোগে মোদীয়ে দেশ ৰক্ষাৰ ক্ষেত্ৰত সশস্ত্ৰ বাহিনীৰ অদম্য সাহস, অনুশাসন, দৃঢ়তা, আৰু মনোভাৱক প্ৰশংসা কৰে। লগতে সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস পুঁজিলৈ অনুদান আগবঢ়াবলৈ জনসাধাৰণক আহ্বান জনায়। উল্লেখ্য যে, ১৯৪৯ চনৰ পৰা প্ৰতিবছৰে ৭ ডিচেম্বৰৰ দিনটো সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস হিচাপে উদযাপন কৰা হয়।
৮)ভাৰতীয় মহিলা ক্ৰিকেট দলৰ উপ-অধিনায়ক স্মৃতি মান্ধনাই ছ’চিয়েল মিডিয়াত এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰি নিজৰ বিবাহক লৈ চলি থকা জল্পনা-কল্পনাৰ অন্ত পেলায়। তেওঁ কয় যে, এয়া ব্যক্তিগত বিষয় আৰু তেওঁ পৰিয়ালৰ সৈতে ইয়াৰ সমাধানৰ বাবে সময় বিচাৰে। ইয়াৰ লগতে পলাশ মুচলৰ সৈতে বিবাহ বাতিল কৰাৰ কথা ঘোষণা কৰিছে।
৯)বিগত কেইটামান দিনৰ পৰা চৰ্চাত আছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান। ইয়াৰ মাজতে আদিয়ালা কাৰাগাৰত বন্দী হৈ থকা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক পাকিস্তানী সেনাই ‘মানসিক বিকাৰগ্ৰস্ত’ ঘোষণা কৰে। সেনাবাহিনীৰ এগৰাকী মুখপাত্ৰই এক বিবৃতি প্ৰকাশ কৰি কয় যে ইমৰান খান এতিয়া মানসিকভাৱে অসুস্থ হৈ পৰিছে। তেওঁ দেশদ্ৰোহীৰ দৰে কথা কৈ আছে।
অন্য খবৰ পঢ়কঃ কি হ’ব ইমৰান খানৰ? ‘মানসিক বিকাৰগ্ৰস্ত’ ঘোষণা পাকিস্তানী সেনাৰ…