শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
১৩ বছৰ ধৰি সম্পৰ্ক কিং খানৰ সৈতে, কিমান সম্পত্তিৰ গৰাকী পূজা?

১৩ বছৰ ধৰি সম্পৰ্ক কিং খানৰ সৈতে, কিমান সম্পত্তিৰ গৰাকী পূজা?

barasha-sarma
Barasha Sarma | Published: 16 Jul 2025 22:31 PM

বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খান। বিভিন্ন সময়ত বলীউডৰ পৰা বিভিন্ন ধৰণ খবৰ পোহৰলৈ আহে। পিছে আপুনি শ্বাহৰুখ খানৰ ঘনিষ্ঠ এগৰাকী মহিলাৰ বিষয়ে জানেনে?

বলীউডৰ পৰা বহু সময়ত বহু ধৰণৰ খবৰ পোহৰলৈ আহে। কেতিয়াবা এই খবৰসমূহ সঁচা হয় আৰু কেতিয়াবা মিছা। শ্বাহৰুখ খান সন্দৰ্ভতো বিভিন্ন সময়ত বহু খবৰ পোহৰলৈ আহে। এগৰাকী মহিলাই শ্বাহৰুখ খানৰ সৈতে প্ৰায় ১৩ টা বছৰ কাম কৰি আহিছে। শ্বাহৰুখ খানৰ সুখৰ পৰা আৰম্ভ কৰি দুখলৈ, প্ৰতিটো ক্ষেত্ৰতে তেওঁ লগ দিয়ে। এইগৰাকী মহিলাৰ নাম পূজা দাদলানী। বছৰি কোটি কোটি টকা পূজাই লাভ কৰে শ্বাহৰুখ খানৰ পৰা।

ইয়াৰ পূৰ্বে পূজাই দীপিকা পাডুকনৰ লগত কাম কৰিছিল। কিন্তু ১৩ বছৰ ধৰি শ্বাহৰুখ খানৰ মেনেজাৰ হিচাপে কৰ্মৰত। বিভিন্ন অনুষ্ঠানত পূজাক শ্বাহৰুখ খানৰ সৈতে দেখা যায়। এই পূজাৰ সম্পত্তিৰ পৰিমাণ শুনিলে আচৰিত হ’ব আপুনি।