শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
বাংলাদেশৰ এটা বিশেষ ঘৰ বচাবলৈ মমতাৰ কাতৰ আহ্বান, কিন্তু কিয়?

বাংলাদেশৰ এটা বিশেষ ঘৰ বচাবলৈ মমতাৰ কাতৰ আহ্বান, কিন্তু কিয়?

Trishna Kalita
Trishna Kalita | Edited By: Raj Saikia | Updated On: 17 Jul 2025 11:49 AM

বাংলাদেশ চৰকাৰ আৰু মোদী চৰকাৰক ঘৰটো বচোৱাৰ ক্ষেত্ৰত পদক্ষেপ ল’বলৈ আহ্বান জনাই মুখ্যমন্ত্রীয়ে লিখিছে, “মই বাংলাদেশ চৰকাৰ আৰু সেই দেশৰ সকলো হৃদয়বান লোকক এই ঐতিহাসিক ঘৰটো বচাবলৈ আহ্বান জনাইছো। ভাৰত চৰকাৰে বিষয়টোত গুৰুত্ব দিব লাগে৷”

বাংলাদেশত ইউনুছ প্ৰশাসনৰ আন এক ডাঙৰ পদক্ষেপ। মৈমনসিং জিলাৰ হৰিকিশোৰ ৰায় চৌধুৰী পথত অৱস্থিত সত্যজিৎ ৰায়ৰ পূৰ্বপুৰুষৰ ঘৰ ভাঙি পেলোৱাৰ প্ৰস্তুতি চলাইছে চৰকাৰে। সত্যজিতৰ পূৰ্বপুৰুষৰ এই ঘৰটো বাংলাদেশ শিশু একাডেমীৰ ভৱন হিচাপে ব্যৱহাৰ কৰা হৈছিল। যিটো এইবাৰ মহম্মদ ইউনুছৰ প্ৰশাসনে ভাঙি পেলোৱাৰ সিদ্ধান্ত লৈছে। ইয়াৰ পিছতে বিষয়টোক লৈ সৰৱ হৈ পৰিছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । বাংলাদেশী সংবাদ মাধ্যমৰ উদ্ধৃতি দি মমতাই নিজৰ এক্স হেণ্ডেলত লিখিছে, “এই ঐতিহাসিক ঘৰটো ভাঙি পেলোৱাৰ কাম আৰম্ভ হৈছে।”  লগতে তেওঁ মোদী চৰকাৰক এই বিষয়ত গুৰুত্ব দিবলৈ আহ্বান জনায়।

সত্যজিৎ ৰায়চৌধুৰীৰ স্মৃতিৰ সৈতে জড়িত ঘৰ ভাঙি পেলোৱাৰ কথা জানিব পাৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মমতাই। এক্স হেণ্ডেলত লিখিছে, “বাংলাদেশৰ মাইমেনসিংহ চহৰত সত্যজিৎ ৰায়চৌধুৰীৰ স্মৃতিৰ সৈতে জড়িত পূৰ্বপুৰুষৰ ঘৰটো ভাঙি পেলোৱাৰ খবৰ পোৱা গৈছে।” তেওঁ লিখিছে, “এই খবৰটো অতি দুখজনক। ৰায় পৰিয়াল বঙালী সংস্কৃতিৰ অন্যতম ৰক্ষক আৰু বাহক। উপেন্দ্ৰ কিশোৰ বঙালী নৱজাগৰণৰ স্তম্ভ।সেয়েহে মই ভাবো এই ঘৰটো বংগৰ সাংস্কৃতিক ইতিহাসৰ সৈতে অবিচ্ছেদ্যভাৱে জড়িত।”

বাংলাদেশৰ পুৰাতত্ত্ব বিভাগৰ মতে এই ঘৰটো এশ বছৰতকৈও অধিক পুৰণি। ১৯৪৭ চনত দেশ বিভাজনৰ পিছত সেই ঘৰটো সেই দেশৰ চৰকাৰৰ অধীনলৈ আহে।  এজন বাংলাদেশী বিষয়াই দাবী কৰিছে যে ১০ বছৰ ধৰি পৰিত্যক্ত হৈ আছে ঘৰটো। কিন্তু এনে এক ঐতিহাসিক ঘৰ ভাঙি পেলোৱাক লৈ  এতিয়া প্ৰশ্ন উত্থাপন হৈছে।