মোদীৰ অসম ভ্ৰমণৰ পৰা আমেৰিকাৰ শুল্কলৈ, পঢ়ক দিনটোৰ খবৰ…
সলনি মোদীৰ অসম ভ্ৰমণৰ দিন। ৮ ছেপ্টেম্বৰত অসমলৈ নাহে মোদী। ইয়াৰ বিপৰীতে আজিৰ পৰা কাৰ্যকৰী হয় আমেৰিকাই ভাৰতৰ ওপৰত আৰোপ কৰি অতিৰিক্ত শুল্ক।

আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-
১. ৰাজ্যজুৰি ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা সদৌ অসম ছাত্ৰ সন্থাৰ। অহা ৪ ছেপ্টেম্বৰ পৰা ৰাজ্যজুৰি সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰিব আছুৱে। অসমৰ প্ৰতিখন জিলা সদৰত পুৱা ৬ বজাৰপৰা বিয়লি ৫ বজালৈ ১১ ঘণ্টীয়া অনশন কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত ছাত্ৰ সংগঠনটোৰ। ১৬ ছেপ্টেম্বৰত প্ৰতিখন জিলা সদৰত ৰূপায়ন কৰা হ’ব বিক্ষোভ কাৰ্যসূচী। ২৩ ছেপ্টেম্বৰত অসমৰ প্ৰতিখন জিলা সদৰত অনুষ্ঠিত হ’ব জোঁৰ সমদল।
২. ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে বছৰজোৰা বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ সদৌ অসম ছাত্ৰ সন্থাৰ। ড° ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সৈতে যৌথভাৱে আছুৱে ৰূপায়ণ কৰিব এই কাৰ্যসূচী। সেই অনুসৰি ৮ ছেপ্টেম্বৰত ৰাজ্যজুৰি শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সন্ধিয়া গুৱাহাটীত অনুষ্ঠিত কৰা হ’ব ‘উদ্দীপনা’ অনুষ্ঠান। লগতে সেই দিনটোত সমগ্ৰ ৰাজ্যৰ প্ৰতিখন জিলা সদৰত জিলা ছাত্ৰ সন্থাসমূহে পুৱাৰ ভাগত শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিব। অনুষ্ঠানত ‘মানুহে মানুহৰ বাবে’ গীতটো পৰিৱেশন কৰি সুধাকণ্ঠলৈ শ্রদ্ধাঞ্জলি জনাব ১০০ গৰাকী ছাত্র-ছাত্রী, যুৱক-যুৱতী, শিল্পী, মহিলাই।
৩. আজি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকত বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। অহা ১২ অক্টোবৰত ঝুমইৰ বিনন্দিনী অনুষ্ঠানত অংশ লোৱা শিল্পীক প্ৰদান কৰা হ’ব প্ৰাপ্য ধন। ২৫ হাজাৰ টকাকৈ লাভ কৰিব প্ৰতিগৰাকী অংশগ্ৰহণকাৰীয়ে।
৪. ভূমি ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ অসম চৰকাৰৰ কেবিনেটৰ। ইণ্টাৰ ৰিলিজন লেণ্ড ট্ৰান্সফাৰৰ বাবে এক এছ অ’ পিত অনুমোদন কেবিনেটৰ। ইয়াৰ দ্বাৰা স্বধৰ্মীয় মানুহক ভূমি হস্তান্তৰৰ ক্ষেত্ৰত কোনো সমস্যা নাথাকে যদিও আন ধৰ্মৰ লোকক ভূমি হস্তান্তৰৰ ক্ষেত্ৰত কেবাটাও পৰীক্ষণ কৰা হ’ব। ৰাজ্যৰ বাহিৰৰ এন জি অ’ আদিৰ বাবেও প্ৰযোজ্য হ’ব এই এছ অ’ পি।
৫. কালিলৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গুৱাহাটীত উপস্থিত হৈয়েই বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত এক বৈঠকত অংশ ল’ব গৃহমন্ত্ৰীয়ে। ২৯ আগষ্টত পুৱা নতুন ৰাজভৱন উদ্বোধনৰ পাছত পঞ্চায়ত সন্মিলনত ভাগ ল’ব শ্বাহে। বিয়লি গোলাপ বৰবৰা জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠানতো অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
৬. আজিৰে পৰা কাৰ্যকৰী হ’ল আমেৰিকাই ভাৰতৰ ওপৰত আৰোপ কৰা অতিৰিক্ত ২৫ শতাংশ আমদানি শুল্ক। ৰাষ্ট্ৰপতিৰ আসনত বহিয়েই ট্ৰাম্পে বিভিন্ন দেশৰ ওপৰত শুল্ক আৰোপ কৰিছিল। ভাৰতৰ ওপৰত প্ৰথমে ২৫ শতাংশ শুল্ক আৰোপ কৰা হৈছিল যদিও ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰে ট্ৰাম্পে।
৭. H-1B ভিছা আৰু গ্ৰীণ কাৰ্ডৰ প্ৰক্ৰিয়াত ডাঙৰ পৰিৱৰ্তন কৰিবলৈ সাজু হৈছে ট্ৰাম্প প্ৰশাসন। ইয়াৰ ফলত ভাৰতীয় কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীৰ ওপৰত বিশেষ প্ৰভাৱ পৰিব । কাৰণ এইচ-১বি ভিছাৰ প্ৰায় ৭০% আছে ভাৰতীয়ৰ হাতত। আমেৰিকাত চাকৰিৰ ক্ষেত্ৰত প্ৰথমে আমেৰিকাৰ নাগৰিকহে অগ্ৰাধিকাৰ দিয়া হ’ব বুলিও ঘোষণা কৰিছে আমেৰিকাৰ বাণিজ্য মন্ত্ৰীয়ে।
৮. অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আবেদন জনাইছে অসম মানৱ অধিকাৰ আয়োগত। উচ্ছেদ অভিযান আৰু ভূমি অধিগ্ৰহণৰ ব্যৱস্থাৰ জৰিয়তে খিলঞ্জীয়া গোট, সংখ্যালঘু, খহনীয়া ক্ষতিগ্ৰস্ত পৰিয়ালৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে “মানৱ অধিকাৰৰ ধাৰাবাহিক উলংঘা” কৰা বুলি অভিহিত কৰিছে শইকীয়াই। এই বিষয়টোক ছুও ম’টো গোচৰ হিচাপে ল’বলৈও আহ্বান বিৰোধী দলপতিৰ।
৯. সলনি হ’ল প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ কাৰ্যসূচী। উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অহা ৮ ছেপ্টেম্বৰৰ পৰিৱৰ্তে ১৩ আৰু ১৪ ছেপ্টেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব নৰেন্দ্ৰ মোদী। ৮ ছেপ্টেম্বৰত ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান উদ্বোধন কৰাৰ কথা আছিল প্ৰধানমন্ত্ৰীয়ে। অৱশ্যে নিৰ্ধাৰিত দিনতে অনুষ্ঠিত হ’ব সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী। কেবিনেট বৈঠকৰ অন্তত জনালে মুখ্যমন্ত্ৰীয়ে।
অন্য খবৰ পঢ়কঃ৭০% ভাৰতীয় পৰিব বিপদত! শুল্কৰ পাছতে আন এক ডাঙৰ সিদ্ধান্ত গ্ৰহণৰ দিশে ট্ৰাম্প চৰকাৰ…