বিদেশী বহিষ্কৰণৰ পৰা চাহ শ্ৰমিকৰ বোনাচলৈ, চাওক দিনটোৰ খবৰ…
আজিৰ দিনটোত ৰাজ্যত কেইবাটাও গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হয়। আজি এছ আই টিয়ে মুখ্যমন্ত্ৰীৰ হাতত দাখিল কৰিলে গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্ক সন্দৰ্ভত তদন্তৰ প্ৰতিবেদন।

আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-
১. মুখ্যমন্ত্ৰীৰ হাতত সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰে সম্ভাব্য সম্পৰ্কৰ তদন্তৰ ফাইল। ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোটে আজি আনুষ্ঠানিকভাৱে প্ৰতিবেদন প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত। লোকসেৱা ভৱনত এই প্ৰতিবেদন প্ৰদানৰ সময়ত বিশেষ তদন্তকাৰী গোটৰ সদস্য ক্ৰমে মুন্না প্ৰসাদ গুপ্তা, ৰ’জী কলিতা, প্ৰণৱজ্যোতি গোস্বামী আৰু মৈত্ৰেয়ী ডেকা উপস্থিত থাকে।
২. অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ। মুখ্যমন্ত্ৰীয়ে তেওঁৰ বিৰুদ্ধে অভিযোগ ৰচনা কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে গগৈয়ে। সংবাদ মাধ্যমৰ আগত গগৈয়ে কয় যে তেওঁৰ মনেসজা অভিযোগ বিশ্বাস কৰিব পৰাকৈ অসমৰ মানুহক মূৰ্খ বুলি ভাবে মুখ্যমন্ত্ৰীয়ে। অসমৰ জনসাধাৰণৰ বুদ্ধিমত্তাক তেওঁ সন্মান নকৰে বুলিও কটাক্ষ কৰে সাংসদ গগৈয়ে। নিজৰ দুৰ্নীতি ঢাকিবলৈ মুখ্যমন্ত্ৰীয়ে এনে কাহিনীৰ সৃষ্টি কৰা বুলি দাবী সাংসদগৰাকীৰ।
৩. বিদেশী বহিষ্কৰণ সন্দৰ্ভত অসম চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তক আদৰণী জনাইছে ৰাজ্যিক বিজেপিয়ে। বিদেশী বহিষ্কৰণৰ বাবে প্ৰব্ৰজন আইন ১৯৫০ ৰ অধীনত এক এছ অ’ পি প্ৰস্তুত কৰাৰ বাবে অনুমোদ জনাইছে কেবিনেটে। ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামীয়ে কয় যে এই সিদ্ধান্তই বিদেশী চিনাক্তকৰণৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা লোৱাত সহায় কৰিব।
৪. কেবিনেট বৈঠকত অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে AIUDF ৰ বিধায়ক আমিনুল ইছলামে। কা’ৰ ক্ষেত্ৰত ১০ বছৰ ম্য়াদ বৃদ্ধিৰ যি সিদ্ধান্ত, তাৰ বিৰুদ্ধে উজনি অসমত প্ৰতিবাদ আৰম্ভ হৈছে। এই প্ৰতিবাদ ৰোধ কৰিবলৈ মিঞাক টাৰ্গেট কৰি লোৱা হৈছে বুলিও অভিযোগ কৰে বিধায়ক ইছলামে।
৫. দুৰ্গা পূজাৰ প্ৰাকক্ষণত চাহ শ্ৰমিকসকলৰ বাবে ভাল খবৰ। চৰাইদেউ জিলাৰ অসম চাহ কৰ্মচাৰী সংঘৰ সোণাৰি শাখাৰ অন্তৰ্গত ৫৬ খন সৰু বৰ চাহ বাগিচাৰ শ্ৰমিকসকলে চলিত বৰ্ষত লাভ কৰিব লগা দুৰ্গা পূজাৰ বোনাচ। বাগিচাৰ মালিক পক্ষই সংঘৰ পূৰ্বৰ দাবীৰ প্ৰতি সন্মতি জনাই ২০ শতাংশ বোনাচ দিবলৈ মান্তি হৈছে।
৬. নগাঁৱত ১৬ হাজাৰ ৭৪৭ গৰাকী শিক্ষাৰ্থীয়ে গালে ‘মানুহে মানুহৰ বাবে’। নুৰুল আমিন ষ্টেডিয়ামত পৰিৱেশন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ কালজয়ী গীতটি। ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ কলকতাস্থিত কাৰ্যালয়ৰ প্ৰতিনিধিৰ উপস্থিতিত পৰিবেশন কৰা গীতটিয়ে ইতিমধ্যেই ” INDIA BOOK OF RECORDS”ত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হয়। এই সফলতাত উৎফুল্লিত হৈ পৰে নগাঁওবাসী ৰাইজ।
৭. শিৱসাগৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। ঘোচ লোৱা অৱস্থাত হাতে-লোটে আটক যোগান বিভাগৰ অধীক্ষক নাগুইব খানক। ৪০০০ টকা ঘোচ লোৱা অৱস্থাত জালত পৰিল অধীক্ষকগৰাকী। দুৰ্নীতি নিবাৰক শাখাৰ ১২ জনীয়া এটা দলে আটক কৰে নাগুইব খানক। সমবায়ৰ এক কামৰ বাবদ ২০ হাজাৰ টকাৰ ঘোচ বিচৰাৰ অভিযোগ খানৰ বিৰুদ্ধে।
৮. দিল্লী আৰক্ষীৰ বিশেষ কোষ, ঝাৰখণ্ড এটিএছ আৰু ৰাঁচী আৰক্ষীয়ে চলোৱা এক যৌথ অভিযানত গ্ৰেপ্তাৰ হৈছে দুটা সন্দেহযুক্ত ISIS সদস্য। এই অভিযানত গ্ৰেপ্তাৰ হোৱা মূল অভিযুক্তগৰাকীক বোকাৰোৰ আশ্বাৰ ডানিছ বুলি চিনাক্ত কৰা হৈছে। ISIS ৰ সৈতে সম্পৰ্ক ৰখাৰ এক গোচৰত বহুদিনৰ পৰা দিল্লী আৰক্ষীৰ বিশেষ শাখাই বিচাৰি আছিল ডানিছক। আনগৰাকী অভিযুক্ত হৈছে আফটাব। দিল্লীৰ পৰাই অনুসন্ধানকাৰী দলে গ্ৰেপ্তাৰ কৰিছে আফটাবক।
৯. এছিয়া কাপত আজি নিজৰ অভিযান আৰম্ভ কৰিছে ভাৰতে। ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছে মেচখন। সংযুক্ত আৰৱ আমিৰ শ্বাহীৰ বিৰুদ্ধে যুঁজত নামিছে ভাৰত। ভাৰতীয় দলক নেতৃত্ব দিছে সূৰ্যকুমাৰ যাদৱে।
অন্য খবৰ পঢ়কঃ ভাৰতৰ সাৰ্বভৌমত্ব দুৰ্বল কৰাৰ ষড়যন্ত্ৰ- অসমৰ সাংসদ আৰু বিদেশী পত্নীৰ বিৰুদ্ধে কি আছে SIT ৰ প্ৰতিবেদনত?