ভাৰতৰ কিমান নাগৰিক পাকিস্তানৰ জেলত আছে?

30 May 2025

TV9 ASSAM

জম্মু-কাশ্মীৰৰ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে ভাৰত-পাকিস্তানৰ মাজত বৃদ্ধি পাইছে উত্তেজনা। অৱশ্যে ১০ মে'ত দুই দেশে যুদ্ধ বিৰতিৰ সিদ্ধান্ত লয়।

ভাৰত-পাকিস্তান

ভাৰতৰ কাৰাগাৰত বহু পাকিস্তানী বা বিদেশী নাগৰিক বন্দী হৈ আছে। ঠিক তেনেকৈ পাকিস্তানৰ কাৰাগাৰতো ভাৰতীয় লোক বন্দী হৈ আছে।

বন্দী

প্ৰতি বছৰে এই দুয়োখন দেশে কয়দী সন্দৰ্ভত তথ্য প্ৰদান কৰে। উল্লেখ কৰা প্ৰয়োজন যে, এই নাগৰিকসমূহ বিভিন্ন ধৰণৰ অভিযোগত গ্ৰেপ্তাৰ হৈ শাস্তি ভুগি আছে।

তথ্য

প্ৰতি বছৰৰ দৰে এইবাৰো গৃহ মন্ত্ৰালয়ে তথ্য জাৰি কৰিছে। গতিকে, আহক জানো পাকিস্তানৰ জেলৰ কিমান সংখ্যক ভাৰতীয় নাগৰিক বন্দী হৈ আছে। মাজে সময়ে নিয়ম অনুসৰি কয়দীক মুকলি কৰি দিয়া হয়।

গৃহ মন্ত্ৰালয়

তথ্য অনুসৰি ভাৰতৰ জেলত ৩৮১ পাকিস্তানী নাগৰিক আৰু ৮১ জন মাছমৰীয়া বন্দী হৈ আছে। এই মাছমৰীয়সকলে ভাৰতৰ সীমাত প্ৰৱেশ কৰা বাবে গ্ৰেপ্তাৰ হৈছিল।

ভাৰতৰ জেলত

 পাকিস্তানৰ জেলত ৪৯ গৰাকী ভাৰতীয় নাগৰিক আৰু ২১৭ গৰাকী মাছমৰীয়া বন্দী আছিল।  ইয়াৰে ২২ জনক মুকলি কৰি দিছিল। ২০২৫ চনৰ ১৭ মাৰ্চ পৰ্যন্ত ১৯৪ জন ভাৰতীয় মাছমৰীয়া পাকিস্তানত বন্দী হৈ আছে।

পাকিস্তানী জেল

 দুই দেশৰ জেলত বন্দী নাগৰিকৰ সংখ্যা হ্ৰাস-বৃদ্ধি হৈ থাকে। কিয়নো কেতিয়াবা কিছুমানক মুকলি কৰি দিয়া হয়, কেতিয়াবা জিম্মাত মৃত্যু হয়। 

বিঃদ্ৰঃ

পঢ়িবলৈ ক্লিক কৰক 

বৃক্কত পাথৰৰ লক্ষণ