শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…
Morning News
trishna-kalita
Trishna Kalita | Updated On: 18 Sep 2025 07:22 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি গৌৰাংগলাল দাসক। ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া গৌৰাংগলাল দাস। প্ৰধানমন্ত্ৰী মোদীৰ অন্যতম মন্ত্ৰণাদাতা হিচাপে খ্যাত দাস।
  2. প্ৰথমবাৰলৈ ভাৰতত অনুষ্ঠান পৰিৱেশন কৰিবলৈ আহি আছে পোষ্ট মেলন। গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান। ভাৰতত তেওঁ প্ৰথমটো শ্ব’ পৰিৱেশন কৰিব গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত। অহা ৮ ডিচেম্বৰত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ একক কনচাৰ্ট।  এই অনুষ্ঠানৰ বাবে বুক মাই শ্ব’ত অহা ২০ ছেপ্টেম্বৰত উপলব্ধ হ’ব টিকট।
  3. অব্যাহত আছে মৰাণ জনগোষ্ঠীৰ অৰ্থনৈতিক অৱৰোধে। জনজাতিকৰণৰ দাবীত অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী। অৰ্থনৈতিক অৱৰোধত তিনিচুকীয়া জিলাত ব্যাপক প্ৰভাৱ। ৰাজপথত নিশাও শ শ মালবাৰী ট্ৰাকৰ শাৰী। ডিগবৈ শোধনাগাৰত আবদ্ধ পেট্ৰ’ল-ডিজেল ভৰ্তি এখন ৰে’ল।
  4. ৰাজ্যৰ জিলাই জিলাই বিস্তৰ ক্ষতিসাধন কৰিছে ভদীয়া বানে। ভাঙিছে মথাউৰি, বুৰিছে শ শ গাঁও। বানত বিস্তৰ ক্ষতিসাধন শ শ বিঘা ধাননি পথাৰৰ। পশুখাদ্যৰ অভাৱত হাহাকাৰ লাগিছে পশুপালকৰ মাজত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে, ৬ খন জিলাৰ ২২ হাজাৰৰো অধিক লোক ভদীয়া বানত ক্ষতিগ্ৰস্ত হৈছে। বানৰ কৱলত পৰিছে ২২,০১৬ জন লোক।
  5. মানকাচৰৰ ৰাজহ চক্ৰ বিষয়া পাৰ্থ প্ৰতিম বৰ্মনৰ বিৰুদ্ধে এগৰাকী যুৱতীয়ে উত্থাপন কৰিছে ভয়ংকৰ অভিযোগ। নাম প্ৰকাশৰ পৰা বিৰত থকা যুৱতীগৰাকীয়ে উত্থাপন কৰা অভিযোগ অনুসৰি পাৰ্থ প্ৰতিম বৰ্মনে তেওঁৰ ওপৰত যৌন নিৰ্যাতনৰ উপৰিও শাৰীৰিক নিৰ্যাতন চলোৱা বুলি চাঞ্চল্যকৰ অভিযোগ তুলিছে যুৱতীগৰাকীয়ে।
  6.  ৰাজ্যিক বিজেপিক তীব্ৰ সমালোচনা হায়দৰাবাদৰ সাংসদ তথা AIMIM ৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিৰ। AI-ৰ দ্বাৰা প্ৰস্তুত কৰা ভিডিঅ’ৰ জৰিয়তে অসম বিজেপিয়ে সাম্প্ৰদায়িকতা বিয়পোৱাৰ অভিযোগ তুলিছে সাংসদগৰাকীয়ে। মুছলমানসকলক বিদেশী হিচাপে ভাবুকি প্ৰদান কৰা বুলিও বিজেপিৰ বিৰুদ্ধে অভিযোগ তোলে ওৱেইছিয়ে।
  7. ভোট চুৰিৰ বিষয়টো ধাৰাবাহিকভাৱে উত্থাপন কৰি আহিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । এই বিষয়ত তেওঁ বিজেপিক তীব্ৰ আক্ৰমণ কৰি আহিছে। বৃহস্পতিবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰিব লোকসভাৰ বিৰোধী দলৰ নেতাই । এই সংবাদমেলত ভোট চুৰিৰ বিষয়টোক লৈ তেওঁ হাইড্ৰজেন বোমা বিস্ফোৰণ কৰিব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।
  8. আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পৰ ব্ৰিটেইন ভ্ৰমণ। তেওঁলোকে দ্বিতীয়বাৰৰ বাবে ৰাজকীয় ভ্ৰমণত ৰাজকুমাৰ উইলিয়াম আৰু কেট মিডলটনৰ সৈতে সাক্ষাৎ কৰিবলৈ উইণ্ডচৰ এষ্টেটত উপস্থিত হয়। ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মেৰিন ৱান হেলিকপ্টাৰ উইণ্ডচৰ এষ্টেটত অৱতৰণ কৰাৰ পিছত ৱেলছৰ ৰাজকুমাৰ আৰু ৰাজকুমাৰীয়ে ৱাল্ড গাৰ্ডেনত ট্ৰাম্পক আদৰণি জনায়।

লগতে পঢ়ক: বৃহস্পতিবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…