শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

OPERATION GHOST SIM : আছিল পাকিস্তানৰে সংযোগ ! চাইবাৰ অপৰাধীক মোবাইল সংযোগ প্ৰদানত জড়িত ৭ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ

বিশেষ টাস্ক ফ’ৰ্চে আৰম্ভ কৰিছে ‘অপাৰেচন গোষ্ট চিম’ । ইয়াৰ অধীনত চাইবাৰ অপৰাধৰ সৈতে জড়িত এটা ডাঙৰ ৰেকেটৰ ৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে । কোৱো হৈছে যে, সাধাৰণ মানুহক প্ৰতাৰণা কৰাৰ বাবে এই দলটোৱে হোৱাটছএফ একাউণ্ট খুলি দিয়াৰ লগে চাইবাৰ অপৰাধীক মোবাইল ফোন সংযোগ প্ৰদান কৰিছিল ।

OPERATION GHOST SIM : আছিল পাকিস্তানৰে সংযোগ ! চাইবাৰ অপৰাধীক মোবাইল সংযোগ প্ৰদানত জড়িত ৭ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ
চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ অসম আৰক্ষীৰImage Credit source: PTI
manas-borah
Manas Borah | Updated On: 18 May 2025 12:05 PM

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে আৰম্ভ কৰিছে ‘অপাৰেচন গোষ্ট চিম’ । ইয়াৰ অধীনত চাইবাৰ অপৰাধৰ সৈতে জড়িত এটা ডাঙৰ ৰেকেটৰ ৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে । কোৱো হৈছে যে, সাধাৰণ মানুহক প্ৰতাৰণা কৰাৰ বাবে এই দলটোৱে হোৱাটছএফ একাউণ্ট খুলি দিয়াৰ লগে চাইবাৰ অপৰাধীক মোবাইল ফোন সংযোগ প্ৰদান কৰিছিল । এই দলটোৰে আছিল পাকিস্তানৰ চাইবাৰ অপৰাধীৰ সংযোগ।

এক সংবাদমেলত DGP হৰমীত সিঙে কয় যে, অসম, ৰাজস্থান আৰু তেলেংগানাত ঘাটি পাতি চাইবাৰ অপৰাধৰ সৈতে জড়িত এই ৰেকেটোৰ সন্দৰ্ভত সামৰিক চোৰাংচোৱাই প্ৰদান কৰা তথ্যৰ ভিত্তিত ‘অপাৰেচন গোষ্ট চিম’ আৰম্ভ কৰা হৈছে। তেওঁ কয়, “সামৰিক চোৰাংচোৱা শাখাই এই ভুৱা চিম কাৰ্ডৰ ৰেকেটৰ বিষয়ে প্ৰাথমিক তথ্য লাভ কৰিছিল। তেওঁলোকে ইয়াৰ ওপৰত তদন্ত কৰিছিল, যাৰ ফলত এই ৰেকেটোৰ পাকিস্তানলৈকে সংযোগ থকা বুলি জানিব পৰা গৈছে বুলি কয় অসম আৰক্ষীৰ ডিজিপি গৰাকীয়ে ।

ডিজিপি হৰমীত সিঙে কয় যে, এই তথ্য লাভ কৰাৰ পাছতে অসম আৰক্ষীৰ বিশেষ শাখা আৰু বিশেষ টাস্ক ফ’ৰ্চে তদন্ত আৰম্ভ কৰে । ডিজিপিয়ে কয় যে, ৰেকেটোৱে বিভিন্ন লোকৰ নামত ভুৱা চিম কাৰ্ড প্ৰস্তুত কৰি অপৰাধীলৈ প্ৰেৰণ কৰিছিল আৰু তেওঁলোকে ইয়াক সাধাৰণ মানুহক প্ৰতাৰণা কৰা আৰু “ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপ”ৰ বাবে ব্যৱহাৰ কৰিছিল।

তেওঁ লগতে কয় যে, ১৪ মে’ত এছটিএফে এটা গোচৰ ৰুজু কৰিছিল আৰু শুকুৰবাৰে বিয়লিৰ পৰা অসমৰ দুখন জিলা, তেলেংগানাৰ এখন জিলা আৰু ৰাজস্থানৰ দুখন জিলাত একেলগে অভিযান চলাই ৭ জনকৈ লোকক গ্ৰেপ্তাৰ কৰে । ডিজিপি সিঙে কয় যে, এই ৰেকেটোৱে চাইবাৰ অপৰাধীক নতুন মোবাইল সংযোগ লাভ কৰাত সহায় কৰাৰ উপৰিও এই ৰেকেটে পাকিস্তানৰ অপৰাধীসকলক ভাৰতীয় নম্বৰ থকা হোৱাটছএপ একাউণ্ট প্ৰদান কৰিছিল।

“ভুক্তভোগীসকলে বিশ্বাস কৰিছিল যে, ভাৰতীয় নম্বৰৰ পৰা ফোন আহি আছে, কিন্তু বাস্তৱত সেইবোৰ পাকিস্তানৰ পৰা কৰা হৈছিল । এই সন্দৰ্ভত পোন্ধৰজন লোকক সোধা-পোছা কৰা হৈছে আৰু ইয়াৰ ভিতৰত যিসকলৰ নামত চিম কাৰ্ড জাৰি কৰা হৈছিল, সেইসকলো আছে।” এইদৰে কয় ডিজিপি হৰমীত সিঙে । তেওঁ জানিবলৈ দিছে যে, অভিযানত জব্দ কৰা হৈছে মুঠ ৯৪৮ খন চিম কাৰ্ড লগতে অন্যান্য ইলেক্ট্ৰনিক সঁজুলি।