শোকাৱহ! কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড, একেটা পৰিয়ালৰে চাৰি সদস্যসহ ৮ জন নিহত
আজি পুৱাৰ ভাগত এটা কাৰখানাত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত ৮ জন লোকে প্ৰাণ হেৰুৱাইছে। শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডৰ ফলত কাৰখানাৰ স্বত্বাধিকাৰীগৰাকীৰ পৰিয়ালৰ চাৰিগৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

এক শোকাৱহ ঘটনাই জোকাৰিছে মহাৰাষ্ট্ৰ। ৰাজ্যখনৰ সোলাপুৰ জিলাৰ এটা কাৰখানাত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত ৮ জন লোকে প্ৰাণ হেৰুৱাইছে। আজি পুৱা মুম্বাইৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত সোলাপুৰ এম আই ডি চিৰ আক্কলকোট ৰোডত অৱস্থিত চেণ্ট্ৰেল টেক্সটাইল মিলছত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডৰ ফলত কাৰখানাৰ স্বত্বাধিকাৰীগৰাকীৰ পৰিয়ালত এতিয়া কান্দোনৰ ৰোল।
জানিব পৰা মতে, পুৱা প্ৰায় ৩:৪৫ বজাত এই বস্ত্ৰ কাৰখানাটোত জুই লাগে। ইয়াৰ পিছত জুইৰ লেলিহান শিখাই গোটেই ঘৰটো আগুৰি ধৰে আৰু ৮ জন লোকৰ প্ৰাণ কাঢ়ি নিয়ে। মৃত লোকসকলৰ ভিতৰত কাৰখানাৰ স্বত্বাধিকাৰী হাজী উছমান হাছানভাই মনছুৰীৰ লগতে তেওঁৰ মাত্ৰ ডেৰ বছৰীয়া নাতিসহ পৰিয়ালৰ তিনিজন সদস্য আৰু কাৰখানাটোৰ চাৰিজন শ্ৰমিক আছে বুলি জানিব পৰা গৈছে।
ঘটনা সন্দৰ্ভত স্থানীয় এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, নিহত লোকসকলৰ ভিতৰত তিনিগৰাকী মহিলাও আছে। এই অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে অগ্নিনিৰ্বাপক বাহিনীক জুই নিয়ন্ত্ৰণ কৰিবলৈ পাঁচৰ পৰা ছয় ঘণ্টা সময়ৰ প্ৰয়োজন হয়। প্ৰাথমিক তদন্তত শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। কম সময়ৰ ভিতৰতে জুই গোটেই ঘৰটোতে বিয়পি পৰাৰ ফলত কাৰখানাৰ স্বত্বাধিকাৰী আৰু তেওঁৰ পৰিয়ালটো ভিতৰতে আবদ্ধ হৈ পৰে।
ইয়াৰ উপৰিও কাৰখানাৰ ভিতৰত থকা চাৰিজন শ্ৰমিককো জুইৰ লেলিহান শিখাই আগুৰি ধৰিছিল। লগে লগে এই ঘটনাৰ বিষয়ে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হয়। ঘটনাৰ খবৰ পোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ দল তাৎক্ষণিকভাৱে সেই স্থানত উপস্থিত হয় যদিও তেতিয়ালৈকে সমগ্ৰ কাৰখানাটোত জুই বিয়পি পৰে। অগ্নিনিৰ্বাপক বাহিনীয়ে কেইবাঘণ্টাজোৰা প্ৰচেষ্টাৰ অন্তত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
ইফালে এই ভয়ংকৰ অগ্নিকাণ্ড সন্দৰ্ভত স্থানীয় একাংশ লোকে উল্লেখ কৰা মতে জুইৰ শিখা ইমানেই তীব্ৰতৰ আছিল যে সমগ্ৰ অঞ্চলটোতে আতংকৰ সৃষ্টি হৈছিল। অগ্নিনিৰ্বাপক বাহিনীৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, কেইবাঘণ্টাজোৰা প্ৰচেষ্টাৰ পিছত জুইৰ শিখা নিয়ন্ত্ৰণ কৰা হয় আৰু তাৰ পিছতে লগে লগে উদ্ধাৰ অভিযান চলোৱা হয়। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহন সেই স্থানলৈ প্ৰেৰণ কৰা হয় বুলিও তেওঁ সদৰী কৰে।