শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মৃত্যুৰ পাছত জুবিনৰ অভিলেখৰ পৰা অভিষেক শৰ্মাৰ ৰেকৰ্ডলৈ…দিনটোৰ খবৰ…

জুবিন গাৰ্গৰ মৃত্যুৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই। বিভিন্নজনে শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায় বিচাৰিছে। ইফালে জুবিনৰ ইচ্ছা অনুসৰিয়ে ৰৈ ৰৈ বিনালে ছবিখন ৩১ অক্টোবৰত মুক্তি লাভ কৰিব।

মৃত্যুৰ পাছত জুবিনৰ অভিলেখৰ পৰা অভিষেক শৰ্মাৰ ৰেকৰ্ডলৈ…দিনটোৰ খবৰ…
জুবিন গাৰ্গক শেষ বিদায় জনাবলৈ অনুৰাগীৰ ভিৰImage Credit source: Facebook Page
barasha-sarma
Barasha Sarma | Published: 24 Sep 2025 17:03 PM

আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ-

১)৩১ অক্টোবৰত মুক্তি লাভ কৰিব জুবিন গাৰ্গৰ সপোনৰ প্ৰজেক্ট ৰৈ ৰৈ বিনালে।  এই সন্দৰ্ভত পত্নী গৰিমা শইকীয়া গাৰ্গে কয় যে, ছবিখনৰ প্ৰায় সকলো কাম হৈ গ’ল কিন্তু তেওঁৰ ডাবিঙৰ কাম থাকি গ’ল। কিন্তু তেওঁ বিচৰা ধৰণে ৩১ অক্টোবৰত ছবিখন মুক্তি দিম। ইতিমধ্যে ইয়াৰ ওপৰত সকলোৱে কাম কৰি আছে। উল্লেখ্য যে, এই ছবিখনৰ টিজাৰ ইতিমধ্যে মুকলি লাভ কৰিছে।

২) অসমৰ হেঁপাহৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুই সৃষ্টি কৰিছে বহু ৰহস্যৰ। সাধাৰণ জনতাৰ পৰা অভিনেতা-অভিনেত্ৰী, বিশিষ্ট লোক আদি সকলোৱে এই ক্ষেত্ৰত উচিত তদন্ত বিচাৰে। শিল্পী বিদ্যাসাগৰ, মানস ৰবীন, অভিনেতা ৰবি শৰ্মা আদিকে ধৰি বিভিন্ন জনে জুবিনৰ মৃত্যুৰ ওপৰত ন্যায় বিচাৰিছে। লগতে সকলো ধৰণৰ সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দিছে।

৩) অসমত নিষিদ্ধ শ্যামকানু মহন্তৰ লগত জড়িত যিকোনো অনুষ্ঠান। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত কয় যে,“ৰাজ্য চৰকাৰে শ্ৰীশ্যামকানু মহন্ত আৰু তেওঁৰ সৈতে সম্পৰ্কিত যিকোনো সংস্থাক অসমৰ ভিতৰত কোনো ধৰণৰ অনুষ্ঠান বা উৎসৱ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। ৰাজ্য চৰকাৰেও শ্ৰী মহন্তৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে যিকোনো অনুষ্ঠানৰ সৈতে জড়িত কোনো অনুষ্ঠানলৈ কোনো ধৰণৰ আৰ্থিক অনুদান, বিজ্ঞাপন বা পৃষ্ঠপোষকতা প্ৰদান নকৰে। লগতে ৰাজ্য চৰকাৰে তেওঁক কোনো ধৰণৰ আৰ্থিক সাহায্য বা পৃষ্ঠপোষকতা প্ৰদান নকৰিবলৈ ভাৰত চৰকাৰকো অনুৰোধ জনাব।”

৪)শ্যামকানু মহন্তক ব্লেকলিষ্টেড কৰাৰ পিছত শিৱসাগৰত প্ৰতিক্ৰিয়া। ব্লেকলিষ্টেড কৰাৰ বাবে মুখ্যমন্ত্রীক ধন্যবাদ শৃংখল চলিহাৰ। তেওঁ কয় যে, শ্যামকানু মহন্তক ব্লেকলিষ্টেড কৰিলেই নহ’ব, জেলত ভৰাব লাগিব।

৫) মৃত্যুৰ পাছতো যেন অভিলেখ ৰচি গ’ল জুবিন গাৰ্গে।বিশ্বৰ চতুৰ্থ বৃহত্তম সমাৱেশ হিচাপে লিমকা বুক অৱ ৰেকৰ্ডৰ অভিলেখ গঢ়িলে জুবিন গাৰ্গৰ শেষ যাত্ৰাই। লিমকাই ইতিমধ্যে ইয়াৰ আনুষ্ঠানিক স্বীকৃতি দিছে। মাইকেল জেকচন, পোপ ফ্ৰান্সিছ, এলিজাবেথ (দ্বিতীয়)ৰ পাছত জুবিনৰ শেষ যাত্ৰাই অভিলেখ গঢ়ে। উল্লেখ্য যে, জুবিনৰ শেষ যাত্ৰাত লাখ লাখ মানুহৰ সমাগম হৈছিল। যিয়ে সমগ্ৰ বিশ্বৰ দৃষ্টি কাঢ়িছিল।

৬)যোৰহাটত পথ অৱৰোধ কৰি উত্তাল পৰিবেশৰ সৃষ্টি কৰা উদণ্ড যুৱকৰ দলৰ ইতিমধ্যে ১৪ জনক গ্ৰেপ্তাৰ কৰিছে যোৰহাট আৰক্ষীয়ে | আজি জিলা আৰক্ষী অধীক্ষকে সংবাদ মেল যোগে সদৰী কৰে এই তথ্য। বিভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

৭)লাডাখ ৰাজ্য আৰু জনজাতীয় মৰ্যাদা প্ৰদানৰ দাবীত লেহত অব্যাহত আছে প্ৰতিবাদ। বুধবাৰে এই প্ৰতিবাদসমূহ হিংসাত্মক ৰূপ লয়, ছাত্ৰ-ছাত্ৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। ছাত্ৰ-ছাত্ৰীয়ে বিজেপিৰ এটা কাৰ্যালয় আৰু চিআৰপিএফৰ এখন বাহনত অগ্নিসংযোগ কৰে। এই সন্দৰ্ভত দিল্লীত গৃহ মন্ত্ৰালয়ৰ সৈতে ৬ অক্টোবৰত বৈঠক অনুষ্ঠিত হ’ব।

৮)অভিষেক শৰ্মাই আইচিচি টি-২০ ৰেংকিঙতো ইতিহাস ৰচনা কৰিছে। তেওঁ কেৱল ১ নং স্থান অক্ষুণ্ণ ৰখাৰ লগতে ৯০০ ৰেটিং পইণ্ট অতিক্ৰম কৰিছে। শৰ্মা ৯০০ ৰান অতিক্ৰম কৰা মাত্ৰ তৃতীয়জন ভাৰতীয় বেটছমেন। এই তালিকাত সূৰ্যকুমাৰ যাদৱ আৰু বিৰাট কোহলিৰ নাম আছে।

৯)যোৱা ৯ ছেপ্টেম্বৰত জেন জেড প্ৰতিবাদৰ সময়ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ঝলানাথ খানালৰ পত্নী। তেওঁক এতিয়া উন্নত চিকিৎসাৰ বাবে বিমানেৰে ভাৰতলৈ প্ৰেৰণ কৰা হৈছে।

 

অন্য খবৰ পঢ়কঃ ককা-আইতাই হাত-ভৰি বান্ধি ৰাখিছিল, দেউতাই… মাতৃৰ মৃত্যু সন্দৰ্ভত ৩ সন্তানৰ ভয়ংকৰ বিৱৰণ…