Top9 news: মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰৰ পৰা ভয়ংকৰ দুৰ্ঘটনাত ১৮ জনৰ মৃত্যুলৈ, দিনটোৰ খবৰ…
Top9 news: অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কাৰ্বিআংলং কংগ্ৰেছৰ। বিভিন্ন অভিযোগ উত্থাপন কৰি কংগ্ৰেছে এজাহাৰ দাখিল কৰে। মহিলাক লৈ অপমানজনক মন্তব্য কৰাৰ অভিযোগ।

আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ কেইটামান খবৰ-
১. গ্ৰেপ্তাৰ হ’ল জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ তথা অসম আৰক্ষীৰ DSP সন্দিপন গাৰ্গ। জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত শিল্পীগৰাকীৰ সৈতে ছিংগাপুৰত আছিল সন্দিপন গাৰ্গ। এছ আই টিয়ে কেবাদিনো জেৰা চলোৱাৰ অন্তত আজি গ্ৰেপ্তাৰ কৰে আৰক্ষী বিষয়াগৰাকীক।
২. যোৱা নিশা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হয় প্ৰচণ্ড গুলীয়াগুলী। কেইজনমান সন্দেহজনক লোকৰ গতিবিধি নিৰীক্ষণ কৰি অভিযান চলোৱাৰ সময়তে বনৰক্ষীৰ ওপৰত গুলীচালনা কৰে চোৰাং চিকাৰীয়ে। বনৰক্ষীয়ে প্ৰত্যুত্তৰ দিয়াত নিহত হয় এটা চোৰাংচিকাৰী। ৰহমানপুৰ বন সুৰক্ষা শিবিৰৰ সমীপত সংঘটিত হৈছে এই ঘটনা।
৩. হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ। দলটোৰ কাৰ্বি আংলং জিলা সমিতিয়ে ডিফুত দাখিল কৰিছে এজাহাৰ। অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ মুকলিৰ সময়ত মহিলাক লৈ অপমানজনক মন্তব্য কৰাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে।
৪. কাজিৰঙা বিশ্ববিদ্যালয়ৰ গৱৰ্ণিং বডীৰ পৰা বহিষ্কাৰ শ্যামকানু মহন্তক। বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰ্তৃপক্ষৰ। বিশ্ববিদ্যালয়খনৰ সৈতে ভৱিষ্যতে কোনো ধৰণৰ যোগাযোগ নাথাকিব শ্যামকানু মহন্তৰ। ২০১২ চনৰ পৰা ২০২৫ চনলৈ ১০ জনীয়া গৱৰ্ণিং বডীত ৰখা হৈছিল শ্যামকানু মহন্তক।
৫. আজি চিআইডি কাৰ্যালয়ত সাক্ষ্য প্ৰদান কৰিবলৈ উপস্থিত হয় কণ্ঠশিল্পী মানস ৰবিন। জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত সোধা-পোচাৰ বাবে এছ আই টিয়ে তলব কৰিছিল শিল্পীগৰাকীক। জুবিন গাৰ্গৰ মৃত্যুৰ সম্পৰ্কে কিছু তথ্য থকা বুলি দাবী কৰিছিল মানস ৰবিনে।
৬. জনজাতিকৰণৰ দাবীত আজি তিনিচুকীয়াত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে সদৌ চাহ জনজাতি ছাত্ৰসন্থাই। আদিবাসী ছাত্ৰ সংগঠনটোৰ আহ্বানত কেবা সহস্ৰাধিক চাহ জনগোষ্ঠীয় লোকে জনজাতিৰ মৰ্যাদাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। মুখ্যমন্ত্ৰীয়ে কালি তিনিচুকীয়াত এই বিষয়ত মন্তব্য কৰাৰ পাছতেই আজি দেখা যায় প্ৰতিবাদৰ জোৱাৰ।
৭. ছিংগাপুৰ অসম এছ’চিয়েচনৰ ৭ গৰাকী সদস্যক পুনৰ চমন জাৰি কৰিব চিআইডিয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত তেওঁৰ সৈতে আছিল এইকেইগৰাকী ব্যক্তি। কিন্তু ৬ অক্টোবৰত শেষ সময়সীমা বান্ধি দিয়াৰ পাছতো তেওঁলোক উপস্থিত নহ’ল চিআইডিৰ কাৰ্যালয়ত। তেওঁলোকৰ ভিতৰত মাত্ৰ ৰূপকমল কলিতাইহে চিআইডিক সাক্ষ্য প্ৰদান কৰিবলৈ হাজিৰ হয়।
৮. হিমাচল প্ৰদেশত শোকাৱহ ঘটনা। পাহাৰৰ পৰা খহি অহা শিল-মাটিয়ে হেঁচা মাৰি ধৰে এখন যাত্ৰীবাহী বাছ। ফলত বাছখনত থকা ৩০ জন যাত্ৰীৰ ভিতৰত ১৮ জনে মৃত্যুক সাৱটি লয়। আনহাতে আহত হয় বাকীকেইগৰাকী যাত্ৰী। বিলাসপুৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা।
৯. আজি ঘোষণা হ’ল ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা। তিনিগৰাকী বিজ্ঞানীলৈ আগবঢ়োৱা হৈছে ২০২৫ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা। ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে ধাতু-জৈৱিক কাঠামোৰ বিকাশৰ ক্ষেত্ৰত কৰা আৱিস্কাৰৰ বাবে চুছুমু কিটাগাৱা, ৰিচাৰ্ড ৰবছন আৰু ওমৰ এম য়াঘীক এই পুৰস্কাৰ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে।
অন্য খবৰ পঢ়কঃ অখিল গগৈৰ বিৰুদ্ধে ফৌজদাৰী মানিহানি গোচৰ ৰুজু ৰিনিকি ভূঞা শৰ্মাৰ…