শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আজি অভিশপ্ত ৩০ অক্টোবৰঃ ভয়ংকৰ বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল ৮১ জনে, ঘূণীয় হৈ ৰ’ল বহুতো…

30th October Assam: আজি ৩০ অক্টোবৰ। অসমবাসীয়ে পাহৰিব নোৱাৰা এটা দিন। এই দিনটোতেই ধাৰাবাহিক বিস্ফোৰণত বহু লোকে প্ৰাণ হেৰুৱাইছিল আৰু আজিও বহু ঘূণীয়া হৈ ৰৈছে।

আজি অভিশপ্ত ৩০ অক্টোবৰঃ ভয়ংকৰ বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল ৮১ জনে, ঘূণীয় হৈ ৰ’ল বহুতো…
৩০ অক্টোবৰImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 30 Oct 2025 09:46 AM

আজি অভিশপ্ত ৩০ অক্টোবৰ! এই দিনটো সম্ভৱতঃ অসমবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰে।এই ক’লা দিনটোতেই ২০০৮ চনত অসমত সংঘটিত হৈছিল ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনা। য’ত বহু লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন বহুতো চিৰদিনৰ বাবে ঘূণীয়া হৈ ৰয়। সেই দিনটোত গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন প্ৰান্ত বিস্ফোৰণত কঁপি উঠিছিল। গুৱাহাটীত ৫ টা, বৰপেটা ৰোডত ২টা, বঙাইগাঁৱত এটা আৰু কোকৰাঝাৰত দুটাকৈ বোমা বিস্ফোৰণ হৈছিল।

১৭ টা বছৰ অতিক্ৰম কৰিলে সেই অভিশপ্ত ঘটনাই। প্ৰতিবাৰৰ দৰে এইবাৰে অসমৰ বিভিন্ন স্থানত আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখে যে-” ২০০৮ চনৰ ৩০ অক্টোবৰ৷ অসমৰ ইতিহাসৰ এটি ক’লা দিন৷ সন্ত্ৰাসবাদীৰ বৰ্বৰতাত প্ৰাণ হেৰুৱাইছিল সেইদিনা বহু নিৰীহ লোকে৷ চিৰদিনৰ বাবে ঘুণীয়া হৈছিল বহুতো৷ উক্ত দিনটোত অকালতে প্ৰাণ হেৰুওৱা প্ৰতিজনকে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আহত হোৱা প্ৰতিগৰাকী তথা পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ”৷

উল্লেখ্য যে,২০০৮ চনৰ এই বোমা বিস্ফোৰণৰ ঘটনাই কঁপাই তুলিছিল সমগ্ৰ অসম। বড়ো উগ্ৰপন্থী সংগঠন এন ডি এফ বিয়ে গুৱাহাটী, কোকৰাঝাৰ, বৰপেটা আৰু বঙাইগাঁও জিলাৰ মুঠ ৯টা স্থানত বিস্ফোৰণ সংঘটিত কৰিছল। এই বিস্ফোৰণৰ ফলত ৮১ জন লোক নিহত হোৱাৰ লগতে প্ৰায় ৪৭০ জন আহত হৈছিল।

এই ঘটনাৰ লগত জড়িত মূল অভিযুক্তক শাস্তি বিহা হৈছিল যদিও সন্তুষ্ট নহয় অসমবাসী। অভিযুক্ত ৰঞ্জন দৈমাৰীৰ পৰিকল্পনা অনুসৰি এই মৃত্যুলীলা হৈছিল। এই কাণ্ডত চিবিআইয়ে ১৫ জনক গ্ৰেপ্তাৰ কৰিছিল। ২০১০ চনত গ্ৰেপ্তাৰ হৈছিল ৰঞ্জন দৈমাৰী। ২০১৮ চনৰ ২৯ জানুৱাৰীত গুৱাহাটীৰ বিশেষ আদালতে দৈমাৰীৰ লগতে আন কেইবাজনত দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল। কিন্তু পাছত উচ্চ ন্যায়ালয়ে কেইবাজনক দোষমুক্ত ঘোষণা কৰিছিল।

 

অন্য খবৰ পঢ়কঃ ৰাজ্যিক কৰ্মচাৰীৰ বাবে ভাল খবৰ! মুকলি নগদবিহীন স্বাস্থ্য সেৱা…