ৰাজ্যিক কৰ্মচাৰীৰ বাবে ভাল খবৰ! মুকলি নগদবিহীন স্বাস্থ্য সেৱা…
আজি অসম-মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনাৰ অধীনত নগদবিহীন স্বাস্থ্য সেৱাৰ শুভাৰম্ভণি। হিতাধিকাৰীসকলৰ ওচৰত হেলথ কাৰ্ড বিতৰণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বুধবাৰে লোকসেৱা ভৱনত আয়োজিত এক অনুষ্ঠানত আয়ুষ্মান অসম-মুখ্যমন্ত্রী লোক সেৱক আৰোগ্য যোজনাৰ অধীনত নগদবিহীন স্বাস্থ্য সেৱাৰ শুভাৰম্ভণি কৰে। এই আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ বিষয়া-কৰ্মচাৰী ,পেঞ্চনাৰ আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালৰ সদস্যসকলেনগদ বিহীন চিকিৎসা সেৱা লাভ কৰে। অনুষ্ঠানত আঁচনিখনৰ হেলথ কাৰ্ড বিতৰণ কৰে। লগতে যোজনাখনৰ ডিজিটেল সংবাদ পত্রখনো মুখ্যমন্ত্রীয়ে উন্মোচন কৰে।
এই পদক্ষেপৰ ফলত ৰাজ্য চৰকাৰৰ বিষয়া-কর্মচাৰী,পেঞ্চনাৰ আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালৰ সদস্যসকলে ৰাজ্যৰ কেতবোৰ নিৰ্বাচিত অনুমোদিত চিকিৎসালয়ৰ লগতে দেশৰ কেইবাখনো আগশাৰীৰ কৰ্পৰেট চিকিৎসালয়ত নগদ বিহীন চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হ’ব। আনহাতে চিকিৎসা ব্যয় পৰিশোধ আৰু নগদ বিহীন চিকিৎসা সেৱা লাভ কৰাৰ ক্ষেত্ৰত চৰকাৰী বিষয়া-কৰ্মচাৰী, পেঞ্চনাৰ আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল সদস্যসকলক হেল্থ কার্ডখনে সহায় কৰিব।
অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী শৰ্মাই কয় যে, মুঠ ২,২৩,৮২৬ গৰাকী বিষয়া- কর্মচাৰী আৰু ৬,১৭২ গৰাকী পেন্সনাৰে মুখ্যমন্ত্রী লোক সেৱক আৰোগ্য যোজনাত এতিয়ালৈকে পঞ্জীয়ন কৰিছে। কেন্দ্রীয় চৰকাৰে নিৰ্ধাৰণ কৰা চি জি এইচ এছৰ নিৰিখ অনুসৰি আঁচনিখনৰ অধীনত কর্মচাৰী আৰু পেঞ্চনাৰসকলক ধন আদায় দিয়া হয়। মুখ্যমন্ত্ৰীয়ে কয় যে কেন্দ্রীয় চৰকাৰে চি জি এইচ এছৰ নিৰিখ পুনৰ নির্ধাবণ কৰাৰ লগে লগে অসম চৰকাৰেও তাক গ্রহণ কৰে। ফলত কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ কৰ্মচাৰীসকলে সমান স্বাস্থ্য সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে।
শৰ্মাই কয় যে, অসমৰ আটাইকেইখন চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ অধীনৰ সকলো চিকিৎসালয়, বি বৰুৱা কৰ্কট প্রতিষ্ঠান, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালব হৃদয় বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্র, গুৰগাঁৱৰ মেদান্তা-দ্যা মেডিচিটি, জিএনআৰচি গ্রুপ অৱ হাস্পতালছ, ডাউন টাউন হাস্পতাল, মেক্স হেলথ কেয়াৰ হাস্পতাল আৰু শংকৰদেৱ নেত্রালয়ত প্রথম পর্যায়ত নগদ বিহীন চিকিৎসা সেৱা লাভ কৰিব।
ইয়াৰ উপৰি এইমছ গুৱাহাটী, ফ’ৰটিছ গ্রুপ অৱ হাস্পতালছ, নাৰায়াণা গ্রুপ অৱ হাস্পতালছ, নতুন দিল্লীৰ ইনষ্টিটিউট অৱ লিভাৰ এণ্ড বায়লিয়েৰী ছাইন্স আৰু আন কেইবাখনো কৰ্পৰেট হাস্পতালৰ লগত চৰকাৰে নগদ বিহীন চিকিৎসা সেৱা সন্দৰ্ভত আলোচনা কৰি আছে। অৱশ্যে যিসমূহ হাস্পতালত নগদ বিহীন চিকিৎসা সেৱা উপলব্ধ নাথাকিব তাতো কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে চিকিৎসা লাভ কৰি চিকিৎসা ব্যয় পৰিশোধৰ বাবে আৱেদন জনাব পাৰিব।
তেওঁ কয় যে নতুন যোজনাখনৰ বাবে কৰ্মচাৰীসকল যাতে বিপদত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসা ব্যয় পৰিশোধৰ পুৰণি ব্যৱস্থাও সমান্তৰালভাৱে চলাই বখাৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে। শৰ্মাই কয় যে, এই আঁচনিত পঞ্জীয়ন কৰা লোকৰ সংখ্যা এসময়ত ৭-৮ লাখ হ’ব। ইয়াৰ জৰিয়তে কৰ্মচাৰীসকলে বিপদৰ সময়ত সকাহ পাব। কৰ্মচাৰীসকলৰ সুবিধা হোৱাকৈ এই আঁচনিখন উন্নত কৰাৰ বাবেও চৰকাৰে চেষ্টা অব্যাহত ৰাখিব।
অন্য খবৰ পঢ়কঃ ব্ৰহ্মপুত্ৰত জুবিন গাৰ্গৰ চিতাভস্ম বিসৰ্জনৰ পৰা শ্যামকানুৰ পত্নীৰ দুৰ্দশালৈ, দিনটোৰ খবৰ…