শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আজি মহাসপ্তমী দিনটোৰ শীৰ্ষ খবৰসমূহ পলকতে পঢ়ক…

জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যবাসী ম্ৰিয়মাণ হৈ থকাৰ মাজতে যথা বিধি অনুসৰি উদযাপন কৰা হৈছে দুৰ্গাপূজা। ইয়াৰ লগতে শিৰোনাম দখল কৰা দিনটোৰ শীৰ্ষ খবৰসমূহ পঢ়ক।

আজি মহাসপ্তমী দিনটোৰ শীৰ্ষ খবৰসমূহ পলকতে পঢ়ক…
দুৰ্গপূজা
manas-borah
Manas Borah | Updated On: 29 Sep 2025 20:28 PM

আজি ২৯ ছেপ্টেম্বৰ, সোমবাৰ। আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যবাসী ম্ৰিয়মাণ হৈ থকাৰ মাজতে যথা বিধি অনুসৰি উদযাপন কৰা হৈছে দুৰ্গাপূজা। পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

দিনটোৰ শীৰ্ষ খবৰ

  1. আজি মহাসপ্তমী। জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যবাসী ম্ৰিয়মাণ হৈ থকাৰ মাজতে যথা বিধি অনুসৰি উদযাপন কৰা হৈছে দুৰ্গাপূজা। মাৰ আশিস বিচাৰি ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পূজাস্থলী সমূহত। অৱশ্য়ে পূৰ্বৰ বৰ্ষৰ দৰে নাই পূজাৰ উছাহ। প্ৰতিখন দুৰ্গাপূজা মণ্ডপতেই জুবিন গাৰ্গৰ প্ৰতি বিশেষ শ্ৰদ্ধা জ্ঞাপন কৰিছে আয়োজক তথা উপস্থিত ভক্তসকলে।
  2. আজি জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ। শিল্পীগৰাকীৰ কাহিলীপাৰাৰ বাসগৃহত অসংখ্য গুণমুগ্ধই শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। তাৰ মাজতে স্বামীৰ মৃত্যুৰ উচিত তদন্তৰ দাবী জনাইছে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে। সেই পাৰ্টীত থকা সকলোকে তদন্তৰ আওঁতালৈ অনাৰ আহ্বান গৰিমা গাৰ্গৰ।
  3. ছিংগাপুৰত গৈ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিব অসম আৰক্ষীয়ে। ইতিমধ্যে তদন্ত প্ৰক্ৰিয়াত সহায়ৰ বাবে ছিংগাপুৰ আৰক্ষীক অনুৰোধ চৰকাৰৰ। তাৰ মাজতেই ফেচবুকত পোষ্টযোগে শীঘ্ৰেই আহি আছোঁ বুলি জনাইছে শ্যামকানু মহন্তই।
  4. শ্যামকানু মহন্তৰ বিৰুদ্ধে নতুন এক অনুসন্ধান আৰম্ভ কৰিছে চিআইডিয়ে। বিত্তীয় খেলিমেলি, ধন সৰবৰাহৰ অভিযোগত চলোৱা হৈছে অনুসন্ধান। চিআইডিৰ এগৰাকী বিষয়াই দাখিল কৰিছে এজাহাৰ।
  5. জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে জুবিন গাৰ্গ এতিয়াও আমাৰ মাজতে আছে। জুবিন গাৰ্গৰ অৱদান অসমীয়া জাতিয়ে কেতিয়াও পাহৰিব নোৱাৰে। ইতিমধ্যে অসম চৰকাৰে তদন্ত আৰম্ভ কৰিছে, ঘটনাটোৰ শক্তিশালী তদন্ত হওক বুলি কয় সোণোৱালে।
  6. ৩০ ছেপ্টেম্বত বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুস্থিত হ’ব মহিলা বিশ্বকাপ ক্ৰিকেটৰ মেচ। তাৰ পূৰ্বে আজি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনায় বিচিচিআইৰ সচিব দেৱজিৎ লন শইকীয়াই। জুবিন অনুৰাগীৰ মাজত খেল উপভোগৰ বাবে ৫ হাজাৰ টিকট বিনামূলীয়াকৈ বিতৰণ কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে।
  7. সোমবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে নতুন দিল্লী বিজেপি কাৰ্যালয় উদ্বোধন কৰে। ভাষণত তেওঁ কয়, “আমাৰ বাবে বিজেপিৰ কাৰ্যালয়টো মন্দিৰতকৈ কম নহয়। আমাৰ বাবে ই অট্টালিকা নহয়, মন্দিৰহে।” তেওঁ কয় যে বিজেপিৰ কাৰ্যালয়ে আমাক মাটিৰ লগত সংযোগ কৰি ৰাখে। দিল্লীৰ সৈতে বিজেপিৰ আন্তৰিক সম্পৰ্ক আছে। কর্মকর্মীসকলৰ ত্যাগৰ ফলত বিজেপিক শক্তিশালী কৰি তুলিছে ৷
  8. এছিয়া কাপ ২০২৫ ৰ খিতাপ দখল ভাৰতীয় দলৰ। পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰে ভাৰতে। কিন্তু তাৰ পাছতো বিজয়ী ট্ৰফী গ্ৰহণ নকৰিলে দলটোৱে। পাকিস্তানৰ মন্ত্ৰী তথা ক্ৰিকেট বৰ্ডৰ অধ্যক্ষ মহছিন নাকভিৰ হাতৰ পৰা ট্ৰফী ল’বলৈ অস্বীকাৰ ভাৰতৰ।
  9. এছিয়া কাপত লাভ কৰা মেচ মাচুল ভাৰতীয় সেনা আৰু পহলগাম কাণ্ডৰ ভুক্তভোগীৰ নামত উছৰ্গা ভাৰতীয় টি-২০ দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ। এক্সত এটা পোষ্টযোগে এই কথা ঘোষণা কৰে খেলুৱৈগৰাকীয়ে।