Zubeen Garg: ঢাক নহয়, এইবাৰ জুবিনৰ গীতেৰে মুখৰ বিশ্বনাথৰ কালিবাৰী দুৰ্গা পূজা
বিশ্বনাথত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰি দুৰ্গা পূজাৰ আয়োজন কৰা দেখা গৈছে। ব্যতিক্ৰম হৈ পৰিছে বিশ্বনাথৰ কালি বাৰী দুৰ্গা পূজা। এইবাৰ পূজাৰ মণ্ডপ জুবিন গাৰ্গৰ গীতৰ এলবামেৰে প্ৰস্তুত কৰা হৈছে। ঢাক নহয়, এইবাৰ জুবিনৰ গীতেৰে মুখৰ বিশ্বনাথৰ কালিবাৰী দুৰ্গা পূজা।
আজি সপ্তমী। ইয়াৰ লগে লগে পৰম্পৰাগত ৰীতি- নীতিৰে এই বছৰৰ শাৰদীয় দুর্গোৎসৱ আৰম্ভ হৈছে। এইবাৰ দেৱী দুৰ্গাৰ হস্তীত আগমন ঘটিছে আৰু দোলাত গমন কৰিব। পূৰ্বৰ দৰে আনন্দ নাই এইবাৰৰ দুৰ্গা পূজাত। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ শোকৰ বাবেই পূজাস্থলীসমূহত সেমেকা পৰিৱেশে বিৰাজ কৰিছে।
বিশ্বনাথত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰি দুৰ্গা পূজাৰ আয়োজন কৰা দেখা গৈছে। ব্যতিক্ৰম হৈ পৰিছে বিশ্বনাথৰ কালি বাৰী দুৰ্গা পূজা। এইবাৰ পূজাৰ মণ্ডপ জুবিন গাৰ্গৰ গীতৰ এলবামেৰে প্ৰস্তুত কৰা হৈছে। ঢাক নহয়, এইবাৰ জুবিনৰ গীতেৰে মুখৰ বিশ্বনাথৰ কালিবাৰী দুৰ্গা পূজা। পূজাস্থলীত এফালে দেৱী বন্দনা, আনফালে জুবিন গাৰ্গৰ গানেৰে শ্ৰদ্ধাঞ্জলি।
সবিশেষৰ বাবে চাওক এই ভিডিঅ’….