শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
মাত্ৰ এদিনত LIC ত ১,১০০ কোটি টকাৰ বিনিয়োগ, জানক সকলো...

মাত্ৰ এদিনত LIC ত ১,১০০ কোটি টকাৰ বিনিয়োগ, জানক সকলো…

Barasha Sarma
Barasha Sarma | Edited By: Barasha Misra | Updated On: 29 Sep 2025 21:31 PM

LIC: নতুন জি এছ টিৰ গাঁথনি কাৰ্যকৰী হোৱাৰ পাছতে লাখ লাখ মানুহৰ পচন্দ হৈ পৰিছে LIC. এদিনত এল আই চিত ১,১০০ কোটি টকাৰ বিনিয়োগ হোৱাৰ খবৰ আহি পৰিছে। যিয়ে আচৰিত কৰি তুলিছে বহুতক।

মাত্ৰ এদিনতে এল আই চিত বিনিয়োগ ১,১০০ কোটি টকা। এই কথা আচৰিত, কিয়নো এল আই চিয়ে সাধাৰণতে ১ মাহত ৫০০০ কোটি টকাৰ বিনিয়োগ বীমাৰ বাবে লাভ কৰে। তেনেস্থলত এইবাৰ মাত্ৰ এটা দিনতে এল আই চিয়ে মাহৰ অধিকাংশ বিনিয়োগ বীমা লাভ কৰে। নতুন জি এছ টি কাৰ্যকৰী হোৱাৰ পাছতে এল আই চিৰ এই ডাঙৰ লাভ হৈছে।

উল্লেখ্য যে, ২২ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হৈছে জি এছ টিৰ নতুন গাঁথনি। ইয়াত ১৮ আৰু ২৮ শতাংশৰ শ্লেব বিলুপ্তি কৰা হৈছে। যাৰ বাবে বহু সামগ্ৰীৰ দাম কমি হৈছে। ইয়াৰোপৰি স্বাস্থ্য আৰু জীৱন বিমা জি এছ টিৰ পৰা মুক্ত কৰি দিয়া হৈছে। যাৰ বাবে এতিয়া বহু মানুহে বিনিয়োগ কৰিবলৈ এল আই চি বাছি লৈছে।

সূত্ৰই জনাই যে, বহু মানুহে এতিয়া বীমাৰ বাবে এল আই চি বাছি লৈছে।