জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত: উপস্থিত আৰক্ষীৰ দল, MLAT ৰ আধাৰত ছিংগাপুৰক সহযোগিতাৰ প্ৰস্তাৱ অসম চৰকাৰৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই MLAT(পাৰস্পৰিক আইনী সহায়তা চুক্তি) আধাৰত তদন্তৰ ক্ষেত্ৰত ছিংগাপুৰৰ চৰকাৰৰ সহযোগিতাৰ বাবে প্ৰস্তাৱ দিয়াৰ কথাও সদৰী কৰিছে। তেওঁ কয় যে, যদি অভিযুক্তই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ নকৰে, তেন্তে তেওঁলোকক ধৰি আনিবই লাগিব। ইতিমধ্যে তাৰ ব্যৱস্থা কৰা হৈছে বুলি কয় মুখ্যমন্ত্ৰীয়ে।

বিশেষ তদন্তকাৰী দলে অব্যাহত ৰাখিছে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। ইতিমধ্যে SIT ৰ এটা দলে ছিংগাপুৰত বাহৰ পাতিছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, “অহা দুই-তিনিদিন আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। অসমৰ মানুহ হতাশ হ’ব লগা কাম আমি কৰা নাই। অসম চৰকাৰৰ প্ৰতি সকলোৱে আস্থা আৰু বিশ্বাস ৰাখক।”
ইয়াৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই MLAT(পাৰস্পৰিক আইনী সহায়তা চুক্তি) আধাৰত তদন্তৰ ক্ষেত্ৰত ছিংগাপুৰৰ চৰকাৰৰ সহযোগিতাৰ বাবে প্ৰস্তাৱ দিয়াৰ কথাও সদৰী কৰিছে। তেওঁ কয়,”পাৰস্পৰিক আইনী সহায়তা চুক্তি(MLAT) আধাৰত ছিংগাপুৰৰ সহযোগিতাৰ বাবে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়লৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে।”
“গৃহ মন্ত্ৰালয়ে এই প্ৰস্তাৱ ছিংগাপুৰলৈ প্ৰেৰণ কৰাৰ লগে লগে ছিংগাপুৰত থকা আমাৰ আৰক্ষী দলে তদন্তৰ ক্ষেত্ৰত যথেষ্টখিনি আগুৱাই যাব পাৰিব। অহা দুই-তিনিদিন যথেষ্ট আমাৰ বাবে গুৰুত্বপূৰ্ণ হ’ব।” এইদৰে কয় মুখ্যমন্ত্ৰী শৰ্মাই। তেওঁ কয় যে, যদি অভিযুক্তই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ নকৰে, তেন্তে তেওঁলোকক ধৰি আনিবই লাগিব। ইতিমধ্যে তাৰ ব্যৱস্থা কৰা হৈছে বুলি কয় মুখ্যমন্ত্ৰীয়ে।
উল্লেখ্য যে, MLAT ৰ আধাৰত ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ জৰিয়তে তদন্ত প্ৰক্ৰিয়াত সহযোগিতাৰ বাবে ছিংগাপুৰ চৰকাৰলৈ প্ৰেৰণ কৰা প্ৰস্তাৱে SIT ৰ তদন্ত প্ৰক্ৰিয়াত অধিক সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
আজি শাৰদীয় দুৰ্গাপূজাৰ মহাসপ্তমীৰ দিনটোত জালুকবাৰী সমষ্টিৰ কেইবাটাও পূজা মণ্ডপ ভ্ৰমণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, “পূজা চোৱাতকৈ সমষ্টিৰ মানুহখিনিক এবাৰ লগ পাবলৈ আহিছোঁ। হতাশাৰ মাজতো অসমখনক কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ তাৰ বাবে মাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।”