পুনৰ ২৬ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক পুচ বেক, মুখ্যমন্ত্ৰীৰ কঠোৰ সকীয়নি
পুনৰ ২৬ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক পুচ বেক কৰিছে অসম আৰক্ষীয়ে। পূৰ্বৰ দৰে এইবাৰ এই তথ্য সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বাংলাদেশীৰ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী। পুনৰ ২৬ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক পুচ বেক কৰিছে অসম আৰক্ষীয়ে। পূৰ্বৰ দৰে এইবাৰ এই তথ্য সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
সোমবাৰে তেওঁ এক্স হেণ্ডেলৰ এটা পোষ্টত কয় যে, অসম আৰক্ষীয়ে ৰাজ্যখনৰ পৰা ২৬জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক ঘূৰাই পঠিয়াইছে। তেওঁ কয়, “ঐশ্বৰিক শক্তিয়ে সকলো অশুভক ধ্বংস কৰে। এইবাৰ ই অবৈধ অনুপ্ৰৱেশকাৰী। মা দুৰ্গাৰ আশীৰ্বাদত ২৬ জন অবৈধ অনুপ্ৰৱেশকাৰীক ক্ষন্তেকতে পুচ বেক কৰা হৈছে।”
“বাংলাদেশত পূজাৰ উৎসৱত ব্যাঘাত জন্মায়, ভাৰতত আমি এই কাৰ্য কৰিবলৈ নিদিওঁ।” এক্স হেণ্ডেলত এইদৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অৱশ্যে ভাৰত-বাংলাদেশৰ কোনটো খণ্ডৰ পৰা এই অনুপ্ৰৱেশকাৰীসকলক পুচ বেক কৰা হৈছে সেই কথা উল্লেখ কৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
The power of the divine Shakti destroys all evils- this time it is illegal infiltrators.
With the blessings of Maa Durga, 26 illegal infiltrators have been PUSHED BACK in the wee hours.
They disturb Puja festivities in Bangladesh, we won’t allow it to happen in Bharat. pic.twitter.com/kulY8clf6K
— Himanta Biswa Sarma (@himantabiswa) September 29, 2025
প্ৰকাশিত খবৰ অনুসৰি, যোৱা কেইমাহমানত ৫৫০ জনতকৈ অধিক কথিত অনুপ্ৰৱেশকাৰীক ভাৰত-বাংলাদেশ সীমান্তৰে ঘূৰাই পঠিওৱা হৈছে। মুখ্যমন্ত্ৰী শৰ্মাই কেইবাবাৰো দাবী কৰিছিল যে, ৰাজ্য চৰকাৰ অনুপ্ৰৱেশমুক্ত অসমৰ প্ৰতি দায়বদ্ধ আৰু প্ৰতি সপ্তাহত কমেও ৩৫-৪০ জন লোকক উভতাই পঠিওৱা হৈছে।
শেহতীয়াকৈ অসম কেবিনেটে ইমিগ্ৰেণ্টছ (এক্সপলচন ফ্ৰম অসম) এক্ট, ১৯৫০ৰ অধীনত এছ অ’ পিৰ ফ্ৰেমৱৰ্কত অনুমোদন জনাইছে, যাতে জিলা উপায়ুক্ত আৰু এছ এছ পি সকলক ৰাজ্যৰ পৰা অবৈধ প্ৰব্ৰজনকাৰীক বহিষ্কাৰ কৰিবলৈ আৰু চুবুৰীয়া দেশৰ পৰা অহা অবৈধ অনুপ্ৰৱেশৰে মোকাবিলা কৰিবলৈ সুবিধা হয়।
মন্ত্ৰীসভাই অনুমোদন জনোৱা এছ অ’ পি অনুসৰি অবৈধ অনুপ্ৰৱেশকাৰীক যদি শূন্য লাইনৰ ওচৰত ধৰা পৰে, বা ৰাজ্যত প্ৰৱেশৰ ১২ ঘণ্টাৰ ভিতৰত ধৰা পৰে, তেন্তে তেওঁক পৰৱৰ্তী কোনো আইনী প্ৰক্ৰিয়া অবিহনে তৎক্ষণাত ঘূৰাই পঠিওৱা হ’ব।