শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ট্ৰাম্পলৈ দেখাবলৈ চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে ভাৰতৰ ঔষধৰ শুল্ক হ্ৰাস কৰিলে নেকি?

ট্ৰাম্পলৈ দেখাবলৈ চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে ভাৰতৰ ঔষধৰ শুল্ক হ্ৰাস কৰিলে নেকি?

barasha-misra
Barasha Misra | Updated On: 29 Sep 2025 21:55 PM

যোৱা কেইমাহমানত আমেৰিকাত বিদেশী সামগ্ৰী সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত লৈছে ট্ৰাম্পে। তেওঁ আমেৰিকাত ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে। এতিয়া তেওঁ বিদেশী ঔষধৰ ওপৰত ১০০ শতাংশ শুল্ক ঘোষণা কৰিছে।

ড’নাল্ড ট্ৰাম্পৰ হঠকাৰী সিদ্ধান্তৰ বাবে ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা বৃদ্ধি পাইছে । সেই পৰিবেশত চীনে নতুন দিল্লীৰ সৈতে সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ বাৰ্তা প্ৰেৰণ কৰিছে। বেইজিঙে ভাৰতীয় ঔষধৰ শুল্ক ৩০ শতাংশৰ পৰা শূন্যলৈ হ্ৰাস কৰিছে ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে আমেৰিকালৈ আমদানি কৰা ঔষধৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰাৰ পিছত চীনৰ এই পদক্ষেপ। বিশেষজ্ঞসকলৰ মতে বেইজিঙৰ এই সিদ্ধান্তই চীনলৈ ভাৰতীয় ঔষধৰ ৰপ্তানি বহু পৰিমাণে বৃদ্ধি কৰিব।

যোৱা কেইমাহমানত আমেৰিকাত বিদেশী সামগ্ৰী সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত লৈছে ট্ৰাম্পে। তেওঁ আমেৰিকাত ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে। এতিয়া তেওঁ বিদেশী ঔষধৰ ওপৰত ১০০ শতাংশ শুল্ক ঘোষণা কৰিছে। দুদিন পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ছ’চিয়েল মিডিয়াত এটা পোষ্টত লিখিছিল, “১ অক্টোবৰৰ পৰা আমি যিকোনো ব্ৰেণ্ডেড বা পেটেণ্টযুক্ত ঔষধ সামগ্ৰীৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰিম, যদিহে তেওঁলোকে আমেৰিকাত ঔষধ নিৰ্মাণ প্লাণ্ট নিৰ্মাণ নকৰে। নিৰ্মাণ আৰম্ভ হ’ব, সেইটোৱেই চুক্তি। কোনো ৰেহাই নাথাকিব।”

ট্ৰাম্পৰ ১০০ শতাংশ শুল্ক ঘোষণাই ভাৰতত ব্যাপক প্ৰভাৱ পেলাব পাৰে। কাৰণ আমেৰিকা ফার্মাসিউটিক্যাল সামগ্ৰীৰ আটাইতকৈ ডাঙৰ বজাৰ। ভাৰতে আমেৰিকালৈ সৰ্বাধিক ঔষধ ৰপ্তানি কৰে। এনে পৰিস্থিতিত চীনে ভাৰতীয় ঔষধৰ শুল্ক ৩০ শতাংশৰ পৰা শূন্যলৈ হ্ৰাস কৰিছে। ফলত ভাৰতীয় কোম্পানীসমূহে চীনলৈ ঔষধ ৰপ্তানিৰ বাবে কোনো ধৰণৰ শুল্ক আদায় দিব নালাগিব।