Zubeen Garg: জুবিন গাৰ্গৰ মৃত্যুৰ উপযুক্ত ন্যায় বিচাৰিব গৰিমা শইকীয়া গাৰ্গে…
Zubeen Garg: জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত বিচাৰিছে গৰিমা শইকীয়া গাৰ্গে। সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয় যে, ন্যা পাবলৈ লাগিব। ইয়াৰোপৰি এই ক্ষেত্ৰত তদন্তৰ ওপৰত যথেষ্ঠ আশা কৰা বুলি তেওঁ কয়।
জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত বিচাৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে। সংবাদ মাধ্যমৰ আগত তেওঁ কেইবাটাও বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে, বহু প্ৰশ্ন আছে, সকলোৰে উত্তৰ লাগিব। ন্যায় পাব লাগিব। আমি উচিত তদন্তৰ আশা কৰিছো। ইয়াৰোপৰি তেওঁ জুবিনৰ সপোনৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে, জুবিন গাৰ্গে সদায় বৰ অসম গঢ় দিয়াৰ চেষ্টা কৰিছিল।
মৃত্যু আগদিনা তেওঁ জুবিন গাৰ্গৰ সৈতে ফোনত কথা পতাৰ কথাও উল্লেখ কৰে। অৱশ্যে য়াট পাৰ্টিৰ কথা জুবিনে কোৱা নাছিল বুলি উল্লেখ কৰে গৰিমাই। তেওঁ কয় যে, সম্ভৱতঃ জুবিনেও এই কথা জনা নাছিল। অন্যথা তেওঁ ইয়াৰ বিষয়ে ক’লেহেতেন।
উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত পৰিয়ালৰ লোকেও দাখিল কৰিছে এজাহাৰ। বৰ্তমান এছ আই টিয়ে তদন্ত অব্যাহত ৰাখিছে।
Latest Videos

জুবিন গাৰ্গৰ মৃত্যুৰ উপযুক্ত ন্যায় বিচাৰিব গৰিমা শইকীয়া গাৰ্গে...

দিল্লীত মহাসপ্তমীৰ আৰাধনা, উপস্থিত TV9 নেটৱৰ্কৰ MD-CEO বৰুণ দাস

মেজৰ ধ্যানচাঁদ নেচনেল ষ্টেডিয়ামত দিল্লীৰ পূজাৰ এক্সক্লুছিভ ভিডিঅ'

দুৰ্গা পূজা মানে TV9 Network ৰ ফেষ্টিভেল অৱ ইণ্ডিয়া!
