TV9 Festival of India 2025: দিল্লীৰ পূজাৰ মহাসপ্তমীৰ আৰাধনা, উপস্থিত TV9 নেটৱৰ্কৰ MD-CEO বৰুণ দাস
দিল্লীত অনুষ্ঠিত হৈছে TV9 Festival of India 2025। আজি মহাসপ্তমীৰ দিনা পূজাত উপস্থিত থাকে TV9 নেটৱৰ্কৰ MD-CEO বৰুণ দাস। উল্লেখ্য যে, দুৰ্গা পূজা উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তত মা দুৰ্গাক আৰধনা কৰা হৈছে।
বৰ্তমান পূজাৰ বতৰ। দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে শাৰদীয় দুৰ্গা পূজা। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে দিল্লীত অনুষ্ঠিত হৈছে TV9 Festival of India 2025। এই অনুষ্ঠানত আজি পুৱা মহাসপ্তমীৰ আৰাধনা কৰা হয়। য’ত TV9 নেটৱৰ্কৰ MD-CEO বৰুণ দাস উপস্থিত থাকে।
পূজাৰ উপৰি এই ফেষ্টিভেলত দোকান-পোহাৰ, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হ’ব। পূজাৰ লগতে বজাৰৰ আনন্দ, মিঠাইৰ সোৱাদ ল’ব পাৰিব আপুনি। দিল্লীৰ মেজৰ ধ্যান চান্দ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে ভাৰতৰ সৰ্ববৃহৎ লাইফষ্টাইল এক্সপ’।২৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠান ২ অক্টোবৰলৈ চলিব। এই মহোৎসৱত কনচাৰ্ট আৰু দাণ্ডিয়া নাইটৰ লগতে দিনটোৰ ভিতৰতে বলীউডৰ হিট গীত, লোকগীত, ফিউজন আৰু ইণ্ডি সংগীতৰ অনুষ্ঠান অনুষ্ঠিত হ’ব।
Latest Videos