29 September 2025
TV9 ASSAM
চকুৰ কিছুমান পৰিৱৰ্তনক প্ৰায়ে আওকাণ কৰা হয় যদিও বিশেষকৈ দীৰ্ঘদিন ধৰি ডায়েবেটিছ বা উচ্চ ৰক্তচাপত ভুগি থকা লোকৰ ক্ষেত্ৰত ই বৃক্ক সমস্যাৰ ইংগিত দিব পাৰে।
বৃক্কৰ সমস্যা হ'লে আপোনাৰ চকুৰ চাৰিওফালটো ফুলিব পাৰে। বৃক্কৰ ফিল্টাৰিং ইউনিটবোৰ নষ্ট হ'লে এনে হয়।
ডায়েবেটিছ বা উচ্চ ৰক্তচাপৰ ফলত বৃক্কৰ সমস্যা হ'লে দৃষ্টিশক্তি হ্ৰাস পাব পাৰে।
ক্ৰনিক কিডনী ডিজিজৰ ফলত তেজত আৱৰ্জনা জমা হয়-যিটো অৱস্থাক ইউৰেমিয়া বোলা হয়। এই অৱস্থাত চকু শুকান, খজুৱতি হ'ব পাৰে। কিয়নো চকুপানী হ্ৰাস পাবলৈ ধৰে।
তেজত ইউৰিয়া বৃদ্ধি হ'লে চকুৰ সৰু সৰু ৰক্তবাগী নলীবোৰত প্ৰদাহ হৈ চকু ৰঙা পৰিবলৈ ধৰে বা ৰঙা দেখা যায়।
বৃক্কৰ সমস্যা হ'লে দৃষ্টিশক্তি হঠাতে কমি যাব পাৰে। এই লক্ষণ কেতিয়াও আওকাণ নকৰিব।
কেতিয়াবা চকুৱে আপোনাক বৃক্ক বা আন আভ্যন্তৰীণ ৰোগৰ বিষয়ে সতৰ্ক কৰি দিয়ে। গতিকে চকুৰ কোনো পৰিৱৰ্তন যদি দীৰ্ঘদিন ধৰি থাকে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।
পঢ়িবলৈ ক্লিক কৰক