শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বন্ধুৰ লগত গৈছিল জলপ্ৰপাত চাবলৈ, ৩ মেধাৱী শিক্ষাৰ্থীৰ সৈতে ভয়ংকৰ ঘটনা…

হাৰাংগাজাৱৰ জলপ্ৰপাতৰ সৌন্দৰ্য উপভোগ কৰিবলৈ গৈছিল তিনিওজনে। জলপ্ৰপাতটোলৈ গৈছিল শিলচৰ NITৰ এটা ৭জনীয়া শিক্ষাৰ্থীৰ দল। দলটোৰ ৬জন শিক্ষাৰ্থী গা ধুবলৈ নামিছিল জলপ্ৰপাতটোত। 

বন্ধুৰ লগত গৈছিল জলপ্ৰপাত চাবলৈ, ৩ মেধাৱী শিক্ষাৰ্থীৰ সৈতে ভয়ংকৰ ঘটনা…
শিলচৰ এনআইটিৰ তিনি শিক্ষাৰ্থী
trishna-kalita
Trishna Kalita | Updated On: 08 Nov 2025 22:02 PM

ৰাজ্যত সংঘটিত হৈছে আন এক শোকাৱহ ঘটনা। বন্ধুৰ সৈতে ফুৰিবলৈ গৈছিল শিলচৰ এনআইটিৰ তিনি শিক্ষাৰ্থী।  ডিমা হাচাওৰ হাৰাংগাজাৱৰ জলপ্ৰপাতৰ সৌন্দৰ্য উপভোগ কৰিবলৈ গৈছিল তিনিওজনে। জলপ্ৰপাতটোলৈ গৈছিল শিলচৰ NITৰ এটা ৭জনীয়া শিক্ষাৰ্থীৰ দল। দলটোৰ ৬জন শিক্ষাৰ্থী গা ধুবলৈ নামিছিল জলপ্ৰপাতটোত। তাৰ পিছতে পানীত পৰে তিনি  শিক্ষাৰ্থী।  হাৰাংগাজাৱত সংঘটিত হৈছে এই কৰুণ ঘটনা।

জানিব পৰা মতে শনিবাৰে শিলচৰ এনআইটি (NIT Silchar)-ৰ প্ৰথম বৰ্ষৰ তিনিজন ছাত্র-ছাত্রী নিখোঁজ হৈ পৰে। তেওঁলোকে ডিমা হাছাও জিলাৰ হাৰাংগাজাৱৰত বৌলছৌল জলপ্ৰপাতৰ গভীৰ পানীত পৰি যায়। শিক্ষাৰ্থীকেইজন ক্ৰমে উত্তৰ প্ৰদেশৰ চৌহাৰ্দ ৰায়, সৰ্বক্ৰিতিকা আৰু বিহাৰৰ ৰাধিকা। তিনিওজনেই শিলচৰ এনআইটি (NIT Silchar)-ৰ প্ৰথম বৰ্ষৰ ছাত্র-ছাত্রী। অৱসৰ বিনোদনৰ বাবে প্ৰকৃতিৰ সান্নিধ্য উপভোগ কৰিবলৈ তেওঁলোকে বন্ধু-বান্ধৱীৰ সৈতে হাৰাংগাজাও ভ্ৰমণত গৈছিল। হাৰাংগাজাও আৰক্ষী থানাৰ পৰা প্ৰায় ৩ কিলোমিটাৰ নিলগত অবস্থিত বৌলছৌল ৱাটাৰ ফল্ছ।

স্থানীয় সূত্ৰৰ পৰা জনা মতে, শনিবাৰে আটাইকেইজনে প্ৰথমে বৌলছৌল জলপ্ৰপাতৰ ফটো তুলিছিল আৰু জলপ্ৰপাতৰ পানীত নামি গৈছিল। সেই সময়ত তেওঁলোক মাজৰ এজন ছাত্র পানীত তলত সোমাই যায়। তেওঁ উদ্ধাৰ কৰিবলৈ বাকী দুজনে পানীত জাঁপ মাৰে। কিন্তু প্ৰবল সোঁত আৰু গভীৰ পানীৰ বাবে তিনিওজনেই পানীৰ মাজত হেৰাই যায়। জানিব পৰা অনুসৰি শিলচৰৰ পৰা বাইকেৰে বৌলছৌল ৱাটাৰ ফল্ছলৈ আহিছিল শিক্ষাৰ্থী কেইগৰাকী।

ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে ডিমা হাছাও আৰক্ষী, আৰক্ষী-প্রশাসনৰ লগতে SDRF-NDRFৰ উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়। স্থানীয় লোকেও উদ্ধাৰ কাৰ্যত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। ইতিমধ্যে উদ্ধাৰ কৰা হৈছে সন্ধানহীন সৰ্ব কৃতিকাৰ মৃতদেহ উদ্ধাৰ। বৰ্তমানেও NITৰ আন ২ গৰাকী শিক্ষাৰ্থী।  NDRF-এ অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।