শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অসম ৰাজ্যিক পৰিবহন নিগমৰ প্ৰতীকটো মনত আছেনে? সেই প্ৰতীকৰ স্ৰষ্টা চৌকত আলীৰ দেহাৱসান

চৌকত আলীয়ে ১০৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ অসমৰ বাবে দি গৈছে এক যুগমীয়া অৱদান। অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছত অংকিত দুৰ্দান্ত গঁড়টো নিশ্চয় আপুনিও দেখিছে। সেই গঁড়টো হৈছে অসম ৰাজ্যিক পৰিবহন নিগমৰ প্ৰতীক চিহ্ন। এই প্ৰতীক চিহ্নৰ স্ৰষ্টা হৈছে চৌকত আলী।

অসম ৰাজ্যিক পৰিবহন নিগমৰ প্ৰতীকটো মনত আছেনে? সেই প্ৰতীকৰ স্ৰষ্টা চৌকত আলীৰ দেহাৱসান
চৌকত আলীৰ দেহাৱসান
raj-saikia
Raj Saikia | Updated On: 08 Nov 2025 14:29 PM

২০২৫ বৰ্ষৰ শেষাৰ্ধই যেন দুখৰ উপৰি দুখ কঢ়িয়াই আনিছে অসমবাসীলৈ। জুবিন গাৰ্গৰ পৰা ৰামচৰণ ভড়ালীলৈকে কেবাজনো শিল্পীক হেৰুৱালে অসমে। শনিবাৰে পুৱাই আন এক খবৰে মৰ্মাহত কৰিছে অসমৰ ৰাইজক। অসমৰ বাবে এক অমূল্য তথা চিৰযুগমীয়া বৰঙণি আগবঢ়োৱা এগৰাকী শতায়ুগৰকা শিল্পীয়ে চিৰবিদায় মাগিলে ইহ সংসাৰৰ পৰা। তেওঁ হৈছে চৌকত আলী। ১৯২৩ চনৰ ২৪ নৱেম্বৰত গুৱাহাটীৰ আমবাৰীত জন্মগ্ৰহণ কৰিছিল চৌকত আলীয়ে।

তেজপুৰৰ বাসিন্দা এইগৰাকী চৌকত আলীয়ে ১০৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। যোৱা নিশা প্ৰায় আঢ়ৈ বজাত বাৰ্ধক্যজনিত কাৰণত তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে। তেওঁ অসমৰ বাবে দি গৈছে এক যুগমীয়া অৱদান। বহুতেই হয়তো সেয়া দেখিছে, কিন্তু তাৰ আঁৰৰ কাহিনী নাজানে। অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছত অংকিত দুৰ্দান্ত গঁড়টো নিশ্চয় আপুনিও দেখিছে। সেই গঁড়টো হৈছে অসম ৰাজ্যিক পৰিবহন নিগমৰ প্ৰতীক চিহ্ন। এই প্ৰতীক চিহ্নৰ স্ৰষ্টা হৈছে চৌকত আলী।

১৯৭১ চনত তেতিয়াৰ আছাম ট্ৰান্সপৰ্ট আৰু বৰ্তমানৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছত নতুনকৈ সংযোজন কৰা হৈছিল এটি এশিঙীয়া গঁড়ৰ ছবি। সেই ছবি অংকন কৰিছিল তেতিয়াৰ আছাম ট্ৰান্সপৰ্টৰ কৰ্মচাৰী চৌকত আলীয়ে। এই সৃষ্টিৰ বাবে পুৰস্কাৰ হিচাপে তেতিয়াৰ আছাম ট্ৰান্সপৰ্টৰ সঞ্চালক ভৱেন হাজৰিকাই ১০২ টকা আগবঢ়াইছিল চৌকত আলীক। কেৱল চিত্ৰশিল্পী হিচাপেই নহয়, এজন খেলুৱৈ, এজন অভিনয় শিল্পী হিচাপেও খ্য়াতি অৰ্জন কৰিছিল তেওঁ।

অসম ৰাজ্যিক পৰিবহন নিগমৰ প্ৰতীকৰ উপৰিও তেওঁ অংকন কৰিছিল আন বহু চিত্ৰ। কেবাখনো অসমীয়া ছবিতো অভিনয় কৰিছিল চৌকত আলীয়ে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰো সান্নিধ্য লাভ কৰিছিল তেওঁ। ১৯৪৩ চনৰ পাছৰে পৰা তেওঁ মহাৰাণা ক্লাবৰ হৈ প্ৰায় ২০ বছৰ ধৰি খেলিছিল। তেওঁ মহাৰাণা ক্লাৱৰ হৈ গুৱাহাটীত হকী দলৰ অধিনায়কত্বও কৰিছিল। তাৰোপৰি তেওঁ ১৯৪৮ চনত গুৱাহাটীৰ Young Union ৰ হৈ ফুটবল দলৰ গ’লকীপাৰো আছিল। সৰ্বভাৰতীয় পৰ্যায়ত খিতাপ দখল কৰিছিল এই দলটোৱে।

আজিও তেওঁ অকংন কৰা সেই গঁড়ৰ ছবি বুকুত কঢ়িয়াই অসমৰ নগৰে-চহৰে চলি আছে অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছসমূহ। বহুতেই সেই গঁড়টো দেখিছে, কিন্তু এই গঁড়টোৰ স্ৰষ্টাগৰাকীক হয়তো বহুজনে চিনি নাপায়। চৌকত আলীৰ বিয়োগত শোক প্ৰকাশ কৰিছে ৰাজ্যৰ বিভিন্ন জনে।