শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বোকাখাতৰ ঘৰত উপস্থিত হৈ উমা চেত্ৰীক সম্বৰ্ধনা কেশৱ মহন্তৰ

উমা চেত্ৰীক অসম গণ পৰিষদৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনোৱাৰ লগতে অনাগত দিনৰ বাবে শুভেচ্ছা জনালে কেৱশ মহন্তই। ইফালে বোকাখাতত আজি অনুষ্ঠিত হয় উমা চেত্ৰীৰ ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠান।

বোকাখাতৰ ঘৰত উপস্থিত হৈ উমা চেত্ৰীক সম্বৰ্ধনা কেশৱ মহন্তৰ
manas-borah
Manas Borah | Updated On: 08 Nov 2025 19:24 PM

মহিলা এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট বিশ্বকাপ খিতাপ দখল কৰা ভাৰতীয় দলটোত আছিল অসম জীয়ৰী উমা চেত্ৰী। এদিনীয়া বিশ্বকাপ বিজয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অন্যতম সদস্যা অসম জীয়ৰী উমা চেত্ৰীয়ে অসমবাসীক গৌৰৱান্বিত কৰিছে। এই আনন্দৰ ক্ষণত শনিবাৰে উমাৰ বোকাখাতৰ কাঁধুলীমাৰীস্থিত বাসগৃহত অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হয়।

তেওঁ উমা চেত্ৰীক অসম গণ পৰিষদৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনোৱাৰ লগতে অনাগত দিনৰ বাবে শুভেচ্ছা জনায়। উমা চেত্ৰীৰ পিতৃ লোকবাহাদুৰ চেত্ৰী আৰু মাতৃ দীপা চেত্ৰীক তেখেতসকলৰ কন্যাৰ অসামান্য সফলতাৰ বাবে অভিনন্দন জনাই ভাৰত তথা অসমক গৌৰৱান্বিত কৰাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে কেৱশ মহন্তই।

উমাৰ গৃহত উপস্থিত হৈ কেশৱ মহন্তই কয় যে, উমা চেত্ৰী অসমীয়াৰ গৌৰৱ আৰু এক অমূল্য সম্পদ। নতুন প্ৰজন্মৰ বাবে উমা অযুত অনুপ্ৰেৰণাৰ উৎস। উৎকৃষ্ট খেল প্ৰদৰ্শনেৰে সদায় অভিলেখ সৃষ্টি কৰি ক্ৰিকেট বিশ্বত উমা জিলিকি থাকক আৰু সমগ্ৰ দেশবাসীৰ লগতে অসমকো গৌৰৱান্বিত কৰি যাওক বুলি কয় মন্ত্ৰীগৰাকীয়ে।

উমা চেত্ৰীক সম্বৰ্ধনা

ইফালে, বিশ্ব বিজয়ী উমাৰ প্ৰতি সন্মান জনাই বোকাখাত জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসন, গোলাঘাট জিলা আৰক্ষী প্ৰশাসন আৰু বোকাখাত সমজিলা প্ৰশাসনৰ সহযোগত বোকাখাত ষ্টেডিয়ামত এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। আজি বিয়লি ভাগত মহিলা বিশ্বকাপ ক্ৰিকেট ২০২৫ত বিজয়ৰ ইতিহাস ৰচা ভাৰতীয় দলৰ সদস্যা বোকাখাতৰ জীয়ৰী উমা চেত্ৰীৰ সন্মানাৰ্থে আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰা, সাংসদ কামাখ্যা প্ৰসাদ তাছা।

দেখা যায় যে, অনুষ্ঠানত ভাগ লোৱাৰ পূৰ্বে উমা চেত্ৰীক উষ্ম আদৰণি জনাই বোকাখাতবাসীয়ে। অসম গৌৰৱ উমা চেত্ৰীক বিভিন্ন দল-সংগঠনৰ সদস্যসকলেও সম্বৰ্ধনা জ্ঞাপন কৰে।