১১ বছৰত উত্তৰ-পূবৰ শিক্ষা খণ্ডত ২১ হাজাৰ কোটি টকা বিনিয়োগ কেন্দ্ৰৰ, গহপুৰত আৰু কি ক’লে নিৰ্মলা সীতাৰমণে?
কেন্দ্ৰীয় চৰকাৰে বিগত ১১ বছৰত উত্তৰ-পূবৰ শিক্ষা খণ্ডত ২১ হাজাৰ কোটি টকা বিনিয়োগ কৰিছে। কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰি এই মন্তব্য প্ৰকাশ কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে।
দুদিনীয়া ভ্ৰমণসূচীৰ অসমলৈ অহা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আজি গহপুৰৰ ভোলাগুৰিত উপস্থিত হয়। বিশ্বনাথ জিলাৰ গহপুৰৰ ভোলাগুৰিত কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি স্থাপন কৰিবলৈ লোৱা কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে।
এই অনুষ্ঠানত ভাগ লৈ তেওঁ দাবী কৰে যে, কেন্দ্ৰীয় চৰকাৰে বিগত ১১ বছৰত উত্তৰ-পূবৰ শিক্ষা খণ্ডত ২১ হাজাৰ কোটি টকা বিনিয়োগ কৰিছে। এই সময়ছোৱাত অঞ্চলটোত সংযোগ ক্ষমতাও বৃদ্ধি পাইছে, নতুন ৰাজ্যসমূহক ৰে’লৱেৰ মানচিত্ৰত ৰখা হৈছে আৰু কেইবাটাও গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণ কৰা হৈছে বুলিও তেওঁ লগতে কয়।
মুঠ ২৪১ একৰ ভূমিত ৪১৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়। নিৰ্মিত এলেকা ৭ লাখ বৰ্গফুট। ৰাজ্যৰ ১২৬ টা সমষ্টিৰ অমৃত কলহৰ ভূমিৰে বিশ্ববিদ্যালয়খনৰ শিল্যানাস সম্পন্ন হয়।
সীতাৰমণে কয়, “২০১৪ চনৰ পৰা কেন্দ্ৰই উত্তৰ-পূবৰ শিক্ষা খণ্ডত ২১ হাজাৰ কোটি টকা বিনিয়োগ কৰিছে। ৮৫০ খনতকৈও অধিক নতুন বিদ্যালয় মুকলি কৰা হৈছে। অঞ্চলটোৰ প্ৰথমখন এইমছ কাৰ্যক্ষম হৈ উঠিছে আৰু ২০০ৰো অধিক নতুন দক্ষতা বিকাশ প্ৰতিষ্ঠান কাৰ্যক্ষম হৈছে।” অঞ্চলটোৱে দেশৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয়ো লাভ কৰিবলৈ গৈ আছে বুলি কয় কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে।
লগতে তেওঁ কয় যে,কেৱল অসমতে ১৫ খন নতুন মেডিকেল কলেজ নিৰ্মাণ কৰা হৈছে, আনহাতে ৰাজ্যখনত দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ কেন্সাৰ কেয়াৰ চেণ্টাৰ স্থাপন হ’বলৈ গৈ আছে আৰু ৰাজ্যখনত অতি সোনকালে অঞ্চলটোৰ দ্বিতীয়খন আই আই এম স্থাপন হ’ব বুলিও তেওঁ লগতে কয়।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, শিক্ষা খণ্ডক উন্নীত কৰিবলৈ কেন্দ্ৰই অঞ্চলটোৰ ৰাজ্য চৰকাৰসমূহৰ সৈতে সমন্বয়ৰে কাম কৰি আছে। পথ, দলং আৰু সুৰংগ উন্নয়নৰ উপৰিও অঞ্চলটোৰ বিমান পৰিবহণ আৰু ৰে’ল খণ্ডতো কাম কৰি আছে বুলি সীতাৰমণে জানিবলৈ দিয়ে। যোৱা ১১ বছৰত অঞ্চলটোত ১০টা নতুন গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণ কৰা হৈছে বুলিও কয় সীতাৰমণে। এই সময়ছোৱাত প্ৰথমবাৰৰ বাবে মণিপুৰ আৰু মেঘালয়ক দেশৰ ৰে’লৱে মেপত সংযোজন কৰা হৈছে বুলিও তেওঁ লগতে কয়।
ইফালে, স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সীতাৰমণে কয় যে,”১৭ বছৰ বয়সত যেতিয়া তেওঁ পঢ়া-শুনা কৰিবলৈ বিশ্ববিদ্যালয়ত ভৰ্তি হ’ব লাগিছিল, তেতিয়া তেওঁ আমাৰ জাতীয় পতাকা হাতত লৈ জাতিৰ বাবে নিজৰ প্ৰাণ আহুতি দিছিল। বহু আগতেই তেওঁৰ নামত এখন বিশ্ববিদ্যালয় স্থাপন কৰিব লাগিছিল।”
উল্লেখ্য যে, বিশ্ববিদ্যালয়খনে কৃত্ৰিম বুদ্ধিমত্তা আৰু মেচিন লাৰ্নিং, চাইবাৰ-চিকিউৰিটি, ব্লকচেইন, ড্ৰ’ন আৰু নেভিগেচন প্ৰযুক্তি, কোৱাণ্টাম কম্পিউটিং, ব্ৰেইন কম্পিউটাৰ ইন্টাৰফেছ, ইণ্টাৰনেট অৱ থিংছ, আৰু স্মাৰ্ট চিটি আৰু স্মাৰ্ট ইনভাইৰমেণ্টকে ধৰি বিভিন্ন প্ৰযুক্তিৰ ক্ষেত্ৰৰ পাঠ্যক্ৰম আগবঢ়াব। ইয়াত ২০০০ ছাত্ৰ-ছাত্ৰীৰ বাবে একাডেমিক ব্লক, ১৬২০ ছাত্ৰ-ছাত্ৰীৰ বাবে হোষ্টেল, আৱাসিক কোৱাৰ্টাৰ, অতিথিশালা আদি থাকিব।