এয়া আৰম্ভণিহে, সামৰণি নহয়… পাকিস্তান ভ্ৰমণক লৈ গৌৰৱ গগৈয়ে দিয়া স্বীকাৰোক্তিৰ পিছত উভতি ধৰিলে মুখ্যমন্ত্ৰীয়ে
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, " দীৰ্ঘদিনীয়া হোঁহকা-পিছলাৰ অন্তত অৱশেষত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ শ্রীগৌৰৱ গগৈয়ে স্বীকাৰ কৰিলে যে তেওঁ পাকিস্তানলৈ গৈছিল। গৌৰৱ গগৈয়ে এই কথাও স্বীকাৰ কৰিছে যে তেওঁৰ পত্নীয়ে পাকিস্তানত চাকৰি কৰিছিল। কিন্তু সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত এই কথা স্পষ্ট যে এয়া আৰম্ভণিহে, সামৰণি নহয়।"

বিগত কিছুদিনৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লক্ষ্য হৈ পৰিছে কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈ। কিছুদিনৰ পৰা ব্ৰিটিছ মূলৰ পত্নী এলিজাবেথক লৈ গগৈক আক্ৰমণ কৰি আহিছে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। অসমৰ মুখ্যমন্ত্ৰীয়ে এলিজাবেথক আই এছ আইৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰি আহিছে। এতিয়া মুখ্যমন্ত্ৰী শৰ্মাৰ এই অভিযোগ সন্দৰ্ভত মুখ খুলিছে গৌৰৱ গগৈয়ে। বুধবাৰে দিল্লীত এক সংবাদমেল সম্বোধন কৰি গগৈয়ে কয় যে, ২০১১ চনত কৰ্মসূত্ৰে তেওঁৰ পত্নী পাকিস্তানত এবছৰ আছিল। ইয়াৰোপৰি বিয়াৰ পাছত পত্নীৰ সৈতে তেওঁ ২০১৩ চনত পাকিস্তানলৈ গৈছিল। এই ভ্ৰমণ সম্পূৰ্ণ ব্যক্তিগত বুলি উল্লেখ্য কৰে গৌৰৱ গগৈয়ে।
এই মন্তব্যৰ পিছতে গৌৰৱ গগৈক উভতি ধৰিছে মুখ্যমন্ত্ৰীয়ে। সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ” দীৰ্ঘদিনীয়া হোঁহকা-পিছলাৰ অন্তত অৱশেষত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ শ্রীগৌৰৱ গগৈয়ে স্বীকাৰ কৰিলে যে তেওঁ পাকিস্তানলৈ গৈছিল। গৌৰৱ গগৈয়ে এই কথাও স্বীকাৰ কৰিছে যে তেওঁৰ পত্নীয়ে পাকিস্তানত চাকৰি কৰিছিল। কিন্তু সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত এই কথা স্পষ্ট যে এয়া আৰম্ভণিহে, সামৰণি নহয়।”
মুখ্যমন্ত্ৰীয়ে কয়, “আগন্তুক সময়ত যিবোৰ কথা পোহৰলৈ আহিব, সেইবোৰ হ’ব অত্যন্ত গুৰুত্বপূৰ্ণ। বিশ্বস্ত তথ্যসূত্ৰ আৰু নথিপত্ৰৰ আধাৰত লাভ কৰা প্ৰমাণসমূহে স্পষ্টভাৱে প্ৰতিপন্ন কৰে যে বিগত সময়ছোৱাত সাংসদ শ্রী গগৈয়ে পাকিস্তানী প্ৰশাসনৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি আহিছে আৰু নিশ্চিতভাৱে এয়া এক অতি উদ্বেগজনক বিষয়।।”
Finally , Congress MP Shri Gaurav Gogoi has admitted that he visited Pakistan.
But let us be very clear — this is just the beginning, not the end.
What lies ahead is far more serious. There exists every reasonable ground, supported by credible inputs and documented…— Himanta Biswa Sarma (@himantabiswa) May 28, 2025
মুখ্যমন্ত্ৰী ড০ শৰ্মাই আকৌ কয়, ” সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত অসম চৰকাৰে সম্পূৰ্ণ স্বচ্ছতা আৰু দায়বদ্ধতা ৰক্ষাৰ প্ৰতিশ্ৰুতি দিছে, আৰু অহা ১০ ছেপ্টেম্বৰত বিশেষ অনুসন্ধানকাৰী গোটৰ (SIT) তদন্ত সম্পূৰ্ণ হোৱাৰ পাছত সকলো তথ্য জনসাধাৰণৰ আগত প্ৰকাশ কৰা হ’ব। অসমবাসী তথা দেশবাসীৰ সঁচা কথা জনাৰ পূৰ্ণ অধিকাৰ আছে আৰু নিশ্চিতভাৱে সেই সত্য ৰাইজক অৱগত কৰা হ’ব।”
লগতে মুখ্যমন্ত্ৰীয়ে কয়, ” সমগ্ৰ ঘটনাপ্ৰবাহৰ ক্ষেত্ৰত ৰাইজে নিশ্চিতভাৱে এই কথা নাপাহৰে তথা কংগ্ৰেছ দল আৰু দলটোৰ শীৰ্ষ নেতা শ্ৰীৰাহুল গান্ধীক কোনো কাৰণতে ৰেহাই নিদিয়ে, যি এনে বিপজ্জনক তথা সন্দেহজনক ব্যক্তিক ৰাজনৈতিক নেতৃত্বত প্ৰতিষ্ঠিত কৰাৰ চেষ্টা চলাই আহিছে।” তেওঁ কয়, এয়া কেৱল এজন সাংসদৰ বিষয় নহয়, ই হৈছে দেশৰ স্বাৰ্থৰক্ষাৰ দিশত কৰা এক চৰম আপোচ।”
কি দাবী কৰিছিল মুখ্যমন্ত্ৰীয়ে?
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল যে গৌৰৱ গগৈৰ পত্নী এলিজাবেথে ১৯ বাৰ পাকিস্তান ভ্ৰমণ কৰিছে আৰু তেওঁৰ লগত চুবুৰীয়া দেশখনত পাকিস্তানী সেনাৰ বিষয়া আছিল। পাকিস্তানত কাম কৰাৰ পিছত দিল্লীলৈ আহি এন জি অ’ত কাম কৰিছিল যদিও পাকিস্তানৰ পৰা দৰমহা লাভ কৰি আছিল বুলি অভিযোগ উত্থাপন কৰিছিল মুখ্যমন্ত্ৰীয়ে। শৰ্মাই দাবী কৰে যে গগৈয়েও ব্যক্তিগতভাৱে পাকিস্তান ভ্ৰমণ কৰিছিল আৰু তাত ১৫ দিন আছিল।