ধুবুৰীত আদালতৰ সমীপৰ দেৱালত ৰহস্যজনক দেৱাল লেখন, ফৰেনছিক বিশেষজ্ঞ নামিছে তদন্তত
ধুবুৰী পি আই ক’ৰ্টৰ বিপৰীতে অৱস্থিত ডাক বাংলোৰ দেৱালত দেখাপোৱা ৰহস্যজনক দেৱাল লিখনিৰ তদন্তৰ বাবে সোমবাৰে অসমৰ ফৰেনছিক বিজ্ঞান সঞ্চালকালয়ৰ ফৰেনছিক বিশেষজ্ঞৰ এটা দল ধুবুৰীত উপস্থিত হয়।

ধুবুৰীত জিলাত শেহতীয়াকৈ বিৰাজ কৰিছে এক অশান্তিময় পৰিৱেশে। মূলতঃ ঈদৰ পাছত মন্দিৰৰ চৌহদত গো-মাংস উদ্ধাৰ আৰু তাৰ লগে লগে আন কেতবোৰ স্থানত আপত্তিজনক পোষ্টাৰ আঁৰি দিয়াকে ধৰি বিক্ষিপ্ত ঘটনা সংঘটিত হয়। যাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীয়ে ধুবুৰী চহৰত শ্বুট এট চাইটৰ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ধুবুৰী চহৰত টহল দিয়া আৰম্ভ কৰে আৰক্ষীয়ে। একে নিশাৰ ভিতৰতে ধুবুৰী জিলাৰ আঠখন থানাৰ অধীনৰ অঞ্চলৰ পৰা জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰা হয় ৩৮ গৰাকী লোকক।
ইফালে ধুবুৰী পি আই ক’ৰ্টৰ বিপৰীতে অৱস্থিত ডাক বাংলোৰ দেৱালত দেখাপোৱা ৰহস্যজনক দেৱাল লিখনিৰ তদন্তৰ বাবে সোমবাৰে অসমৰ ফৰেনছিক বিজ্ঞান সঞ্চালকালয়ৰ ফৰেনছিক বিশেষজ্ঞৰ এটা দল ধুবুৰীত উপস্থিত হয়। হঠাতে ৰহস্যময় বাৰ্তাৰ প্ৰচাৰে সমগ্ৰ চহৰখনতে ব্যাপক উদ্বেগ আৰু আশংকাৰ সৃষ্টি কৰিছিল।
গোচৰটোক অধিক গুৰুত্বসহকাৰে চোৱাচিতা কৰি ফৰেনছিক দলটোৱে বিশদ পৰীক্ষা চলায়। পৰীক্ষাগাৰত বিশ্লেষণৰ বাবে লেখাসমূহৰ ভৌতিক আৰু ফটোগ্ৰাফিক নমুনা সংগ্ৰহ কৰে দলটোৱে। বিষয়াসকলে কয় যে “চহৰখন জোকাৰি যোৱা” এই কাণ্ডক লৈ স্থানীয় প্ৰশাসন আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয় অধিক সষ্টম হৈ পৰিছে।
এই গোচৰৰ সন্দৰ্ভত ধুবুৰী আৰক্ষীয়ে এজন লোকক আটক কৰিছে যদিও তেওঁৰ পৰিচয় সন্দৰ্ভত এক বিসংগতিৰ সৃষ্টি হৈছে। নুৰুল হক ইছলাম নামৰ ব্যক্তিজন “মানসিকভাৱে অস্থিৰ” বুলি উল্লেখ কৰিছে একাংশই । সেয়ে এই গ্ৰেপ্তাৰৰ বিৰোধিতা কৰাও দেখা গৈছে। কৰ্তৃপক্ষই এতিয়াও স্পষ্ট কৰা নাই যে তেওঁলোকে আটক কৰা ব্যক্তিজন এইজনেই নে এই গোচৰৰ সৈতে জড়িত কোন পৃথক সন্দেহযুক্ত ব্যক্তি।
দেৱালৰ বাৰ্তাসমূহৰ সঠিক প্ৰকৃতি, উদ্দেশ্য আৰু উৎপত্তিৰ বিষয়ে জানিব পৰা হোৱা নাই, কিয়নো অনুসন্ধানকাৰীসকলে ইয়াৰ বিষয়বস্তু বিশ্লেষণ কৰি আছে। ন্যায়িক চৌহদৰ বাহিৰত হঠাতে এইধৰণৰ লেখা প্ৰকাশ পোৱাৰ ফলত সম্ভাৱ্য ৰাজনৈতিক, সামাজিক বা মানসিক পৰিস্থিতি সম্পৰ্কে প্ৰশ্ন উত্থাপন হৈছে।