শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গোৱালপাৰাত চকুলোৰ বন্যা, পুৱা পাঁচ বজাতেই আহি উপস্থিত বুলড’জাৰ, এফালৰ পৰা উচ্ছেদ ৬৬৭ টা পৰিয়ালৰ ঘৰ

হাচিলা বিল অঞ্চলত বেদখল কৰা প্ৰায় ১৫০০ বিঘা চৰকাৰী ভূমি পুনৰ উদ্ধাৰৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে এই উচ্ছেদ অভিযান আৰম্ভ কৰে। প্ৰায় ১৫০০ বিঘা ভূমিত অবৈধভাৱে বসবাস কৰি আছিল প্ৰায় ৮ হাজাৰৰো অধিক পৰিয়ালে।

গোৱালপাৰাত চকুলোৰ বন্যা, পুৱা পাঁচ বজাতেই আহি উপস্থিত বুলড’জাৰ, এফালৰ পৰা উচ্ছেদ ৬৬৭ টা পৰিয়ালৰ ঘৰ
গোৱালপাৰাৰ হাচিলা বিলত প্ৰশাসনৰ উচ্ছেদ
barasha-misra
Barasha Misra | Published: 16 Jun 2025 12:28 PM

আজি গোৱালপাৰাৰ হাচিলা বিলত প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান। উচ্ছেদৰ দুদিনৰ পূৰ্বে জাননী জাৰি কৰিছিল প্ৰশাসনে, আনকি বেনাৰ আৰু মাইক্ৰফোনৰ জৰিয়তেও ৰাজহুৱাভাৱে ঘোষণা কৰে। সেই অনুসৰি আজি পুৱাৰে পৰা প্ৰশাসনে চলাইছে বৃহৎ উচ্ছেদ অভিযান।

হাচিলা বিল অঞ্চলত বেদখল কৰা প্ৰায় ১৫০০ বিঘা চৰকাৰী ভূমি পুনৰ উদ্ধাৰৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে এই উচ্ছেদ অভিযান আৰম্ভ কৰে। প্ৰায় ১৫০০ বিঘা ভূমিত অবৈধভাৱে বসবাস কৰি আছিল প্ৰায় ৮ হাজাৰৰো অধিক পৰিয়ালে।

আৰক্ষীৰ সম্পূৰ্ণ সহযোগত চলা এই অভিযানৰ লক্ষ্য হৈছে অবৈধভাৱে বসবাস কৰা ৬৬৭টা অবৈধভাৱে নিৰ্মাণ কৰা ঘৰ আঁতৰোৱা। উচ্ছেদৰ পূৰ্বেই একাংশ অবৈধ দখলকাৰী ঘৰ এৰি গৈছে আৰু কিছুলোকে কান্দি কান্দি আল্লাক প্ৰাৰ্থনা কৰিছে। পুৱা ৫ বজাৰে পৰা ২০খন এক্সেভেটৰেৰে প্ৰশাসনৰ উচ্ছেদ অভিযান আৰম্ভ হয়।

চৰকাৰী সূত্ৰৰ মতে, বেদখল কৰা ভূমিত পাঁচখন বিদ্যালয় আৰু এটা জল জীৱন মিছন (JJM) প্ৰকল্পও আছে, যিবোৰ ৰাজহুৱা সম্পত্তিৰ ওপৰত অনুমোদন অবিহনে কাম কৰি আহিছে।

গোৱালপাৰা আৰক্ষীয়ে এই অভিযানৰ সময়ত আইন-শৃংখলা বজাই ৰাখিবলৈ আৰু কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহ’বলৈ নিৰাপত্তাৰক্ষী মোতায়ন কৰে। বিষয়াসকলে কয় যে, এই উচ্ছেদ বেদখল কৰা চৰকাৰী ভূমি উদ্ধাৰ কৰি জনকল্যাণমূলক প্ৰকল্প আৰু বহনক্ষম উন্নয়নৰ বাবে পুনৰুদ্ধাৰ কৰাৰ অভিযানৰ অংশ।