শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

লুঙী-ধূতিতকৈ ১০০০০ টকা দিয়াই ভাল, কংগ্ৰেছক কটাক্ষ কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্রেছে আজিকালি নিজেই কৰি অহা কামবিলাকৰ বাবে লাজ পাব লগা হৈছে। জনসাধাৰণেও মুকলিকৈ ধূতি-লুঙীক প্রত্যাখ্যান কৰিছে। ইফালে বিৰোধী ঐক্যক টিভি ছিৰিয়েল আখ্যা দিয়ে মুখ্যমন্ত্ৰীয়ে।

লুঙী-ধূতিতকৈ ১০০০০ টকা দিয়াই ভাল, কংগ্ৰেছক কটাক্ষ কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য
হিমন্ত বিশ্ব শৰ্মাImage Credit source: Facebook
raj-saikia
Raj Saikia | Published: 12 Nov 2025 17:23 PM

গুৱাহাটীত অনুষ্ঠিত এক অনুষ্ঠানৰ সময়ত কংগ্রেছ দলক তীব্ৰ সমালোচনা কৰে অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই। মহিলাক দহ হাজাৰ টকাকৈ প্ৰদান কৰা সন্দৰ্ভত কংগ্ৰেছে বিজেপি চৰকাৰক কৰা সমালোচনাৰ প্রতিক্রিয়া প্রকাশ কৰিছে ডঃ শৰ্মাই। ৰাজ্য চৰকাৰৰ আর্থিক সাহায্য আঁচনিৰ অধীনত মহিলা হিতাধিকাৰীয়ে দহ হাজাৰ টকাকৈ লাভ কৰা কাৰ্যক কংগ্রেছ দলে সমালোচনা কৰিছিল।

ৰাইজক সম্বোধন কৰি শৰ্মাই কয়, ‘‘কংগ্ৰেছে কৈছিল যে আমি ৰাইজক যি ১০ হাজাৰ টকা দিছো, সেয়া টকাৰ অপচয়। যেতিয়া তেওঁলোকে লুঙী-ধূতি দিয়ে, তেতিয়া সেয়া অপচয় নহয়নে? এখন লুঙী আৰু ধূতি দিয়া ভাল, নে অসমৰ মহিলাসকলক ১০,০০০ টকা দিয়াটো ভাল?”

তেওঁ লগতে কয়, “তেওঁলোকে পাঁচ বছৰৰ মূৰে মূৰে এবাৰ লুঙী, ধূতি, আঁঠুৱা দিয়ে। কিন্তু আমি যেতিয়া ইয়ালৈ মহিলাসকলক মাতিছিলো, তেতিয়া আমি কেতিয়াও সোধা নাছিলো যে কোনে কংগ্ৰেছক ভোট দিলে। আমাৰ লক্ষ্য সহজ, অসমৰ প্ৰতিগৰাকী মহিলাক লাখপতি দিদী কৰি তোলা।”

 

কল্যাণমূলক আঁচনি আৰু ৰাজহুৱা ধনৰ ফলপ্ৰসূ ব্যৱহাৰক লৈ শাসকীয় বিজেপি চৰকাৰ আৰু কংগ্ৰেছৰ মাজত বাকযুদ্ধ অব্যাহত থকাৰ সময়তে মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কৰিছে। মহিলাসকলক অৰ্থনৈতিকভাৱে সৱলীকৰণৰ লক্ষ্যৰে গ্ৰহণ কৰা ‘লাখপতি দিদি’ পদক্ষেপ ডঃ শৰ্মাৰ নেতৃত্বত অসম চৰকাৰৰ অন্যতম ফ্লেগশ্বিপ কাৰ্যসূচী হিচাপে পৰিগণিত হৈছে।

ইফালে মঙলবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্রেছে আজিকালি নিজেই কৰি অহা কামবিলাকৰ বাবে লাজ পাব লগা হৈছে। জনসাধাৰণেও মুকলিকৈ ধূতি-লুঙীক প্রত্যাখ্যান কৰিছে। ইফালে বিৰোধী ঐক্যক টিভি ছিৰিয়েল আখ্যা দিয়ে মুখ্যমন্ত্ৰীয়ে।

আজি গুৱাহাটীৰ খানাপাৰাত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে ডঃ হিমন্ত বিশ্ব শৰ্মাই। এক পোষ্টত তেওঁ কয়, “৪০ লাখ মহিলা উদ্যোগীক শক্তিশালী কৰিবলৈ আৰম্ভ হোৱা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান ৰহাৰ পাছত আজি গুৱাহাটীলৈ আহিছে ৷ আজি খানাপাৰাত কেইবাহাজাৰো আইমাতৃ-বাইদেউৰ উপস্থিতিয়ে আমাৰ নাৰীশক্তিৰ আকাশ চুই চোৱাৰ সপোনক প্ৰতিফলিত কৰিলে ৷ অভিযানৰ অধীনত ১০,০০০ টকাৰ প্ৰাৰম্ভিক চেক প্ৰদান কৰিবলৈ পাই আনন্দিত হৈছোঁ ৷ আমাৰ মহিলাসকলক স্বাৱলম্বী কৰি গঢ়ি তোলাৰ উদ্দেশ্যৰে আমি সুস্থিৰ ধাৰাবাহিক গতিৰে আগুৱাই যাব পৰাটোৱেই এই আঁচনিৰ উল্লেখনীয় সাফল্য ৷”