শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

জঘন্য, মাতৃৰ মৃত্যুৰ পিছত ৯ বছৰ ধৰি পিতৃৰ কামনাৰ বলি নাবালিকা!

৯ বছৰ ধৰি নিজ কন্যাৰ ওপৰতে শাৰীৰিক নিৰ্যাতন চলোৱা অভিযোগ এগৰাকী পিতৃৰ বিৰুদ্ধে। কোকৰাঝাৰত সংঘটিত হৈছে এই জঘন্য কাণ্ড।  আৰক্ষীয়ে জনোৱা মতে, ৯ বছৰ পূৰ্বে মৃত্যু হৈছিল নাবালিকাগৰাকীৰ মাতৃৰ। তাৰ পিছৰ পৰাই পাষণ্ড পিতৃৰ কামনাৰ বলি হৈ আহিছিল নাবালিকা কন্যা ৷ অভিযুক্ত পিতৃগৰাকীৰ নাম আইনাল আলী।

জঘন্য, মাতৃৰ মৃত্যুৰ পিছত ৯ বছৰ ধৰি পিতৃৰ কামনাৰ বলি নাবালিকা!
আইনাল আলী
trishna-kalita
Trishna Kalita | Published: 17 Jun 2025 18:48 PM

কিমান তললৈ নামিব পাৰে আমাৰ সমাজখন। য’ত নৃশংসতা সকলো সীমা চেৰাই নিজৰ কামনা সিন্ধি কৰি আহিছে একাংশ লোকে। নাই কোনো আপোন-পৰ, নাই কোনো দয়া-মমতা, মাথোঁ আছে নিজৰ বাসনা পূৰণৰ ইচ্ছা। এগৰাকী কন্যা সন্তানৰ বাবে আটাইতকৈ নিৰাপদ মানুহজনেই হ’ল তেওঁৰ পিতৃ। পিতৃ কাষত থাকিলে যেন একোৰে ভয় নাথাকে। কিন্তু সেই ভগৱান তুল্য পিতৃয়ে যেতিয়া ৰাক্ষসৰ ৰূপ ধাৰণ কৰে, তেতিয়া সকলো শেষ হৈ যায়। এনে ঘটনাৰ বাবে লাজত মূৰ তল কৰিবলৈ বাধ্য হয় একাংশ সভ্য সমাজৰ লোকে।

এইখন অসমতে সংঘটিত হৈছে এক জঘন্য ঘটনা।  ৯ বছৰ ধৰি নিজ কন্যাৰ ওপৰতে শাৰীৰিক নিৰ্যাতন চলোৱা অভিযোগ এগৰাকী পিতৃৰ বিৰুদ্ধে। কোকৰাঝাৰত সংঘটিত হৈছে এই জঘন্য কাণ্ড।  আৰক্ষীয়ে জনোৱা মতে, ৯ বছৰ পূৰ্বে মৃত্যু হৈছিল নাবালিকাগৰাকীৰ মাতৃৰ। তাৰ পিছৰ পৰাই পাষণ্ড পিতৃৰ কামনাৰ বলি হৈ আহিছিল নাবালিকা কন্যা ৷ অভিযুক্ত পিতৃগৰাকীৰ নাম আইনাল আলী। বছৰ বছৰ ধৰি চলি আহিছিল এই অপৰাধ। অভিযোগ  অনুসৰি আৰক্ষীৰ ব্যৱস্থা গ্ৰহণ নকৰালৈকে সকলো লুকুৱাই ৰখাৰ চেষ্টা চলাইছিল অভিযুক্তই।

তাৰ পিছতে আইনাল আলীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ভাৰতীয় ন্যায় সংহিতাৰ ৬৫(১) ধাৰা আৰু শিশুৰ ওপৰত গুৰুতৰ যৌন নিৰ্যাতন সম্পৰ্কীয় POCSO আইনৰ ৬ নং ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে আইনাল । আজি আদলতত হাজিৰ কৰোৱা হৈছিল অভিযুক্ত আইনাল আলীক। আদালতে তেওঁক জে’ললৈ প্ৰেৰণ কৰে।

ইফালে এই গোচৰৰ আন এজন অভিযুক্ত জয়নাল আলী সম্প্ৰতি পলাতক হৈ আছে।  তেওঁক অতি সোনকালে বিচাৰি উলিয়াবলৈ অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে। আইনাল আলীৰ জ্যেষ্ঠ ভাতৃ বৰদেউতাক জয়নাল আলী আৰু পুত্ৰইও জঘন্য কাণ্ড কৰি অহাৰ অভিযোগ। এতিয়া আৰক্ষীৰ তদন্তৰ অন্ততহে সকলো তথ্য পোহৰলৈ আহিব।