শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগৰ পৰা ষড়যন্ত্ৰলৈ…১ মিনিটত পঢ়ক দিনটোৰ শীৰ্ষ খবৰ

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ। ‘মিঞা’ সম্প্ৰদায়ৰ বিৰুদ্ধে চৰকাৰে শেহতীয়াকৈ চলোৱা অভিযান সন্দৰ্ভত মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। অহা ২৯ আগষ্টত অসম ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগৰ পৰা ষড়যন্ত্ৰলৈ…১ মিনিটত পঢ়ক দিনটোৰ শীৰ্ষ খবৰ
দিনটোৰ শীৰ্ষ খবৰ
trishna-kalita
Trishna Kalita | Published: 09 Aug 2025 20:09 PM

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ।ৰাজ্যখনৰ বিদেশী সমস্যাকলৈ দলটোৱে শনিবাৰে এক সংবাদমেল সম্বোধন কৰে।  ‘মিঞা’ সম্প্ৰদায়ৰ বিৰুদ্ধে চৰকাৰে শেহতীয়াকৈ চলোৱা অভিযান সন্দৰ্ভত মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। অহা ২৯ আগষ্টত অসম ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।

  1.  নিজৰ ৰাজনৈতিক অস্তিত্ব সুৰক্ষিত কৰিবলৈ অসমীয়া জাতিক সংকটৰ মুখলৈ ঠেলি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।” এই গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ। ৰাজনৈতিক ভৱিষ্যতলৈ সংকট নামি অহা কথাটো উপলব্ধি কৰি মুখ্যমন্ত্ৰী শৰ্মাই অসমত বিভাজন, হিংসা আৰু সাম্প্ৰদায়িক ৰাজনীতিৰে অসমীয়া জাতিক সংকটৰ মুখলৈ ঠেলি দিয়াৰ ভয়ংকৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি অভিযোগ কৰে দলটোৱে।
  2. ‘মিঞা’ সম্প্ৰদায়ৰ বিৰুদ্ধে চৰকাৰে শেহতীয়াকৈ চলোৱা অভিযান সন্দৰ্ভত মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। যদি জিলা প্ৰশাসনে নিজৰ কৰ্তব্য ফলপ্ৰসূভাৱে পালন কৰিব নোৱাৰে তেন্তে মুখ্যমন্ত্ৰীয়ে দায়িত্ব ল’ব লাগে আৰু পদত্যাগ কৰিব লাগে বুলি দাবী তোলে কংগ্ৰেছ সাংসদগৰাকীয়ে। বাংলাদেশীৰ নামত সাধাৰণ লোকক অত্যাচাৰ চলোৱাতো কংগ্ৰেছে সহ্য নকৰে বুলিও কয় গগৈয়ে।
  3.  অহা ২৯ আগষ্টত অসম ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া মতে, এই ভ্ৰমণৰ সময়ত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনৈতিক আখ্যান গঢ়ি তোলাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে। ভ্ৰমণকালত কেবাটাও কাৰ্যসূচীত অংশ ল’ব অমিত শ্বাহে।
  4. মুখ্যমন্ত্ৰীৰ শুভবুদ্ধি উদয় হোৱাৰ বাবে প্ৰাৰ্থনা জনালে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। মুখ্যমন্ত্ৰীয়ে কথা ক’লে বিষ নিগৰে বুলিও কটাক্ষ কৰে বিধায়ক গগৈয়ে।
  5. অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হানি ট্ৰেপিঙৰ ভয়ংকৰ ষড়যন্ত্ৰ। ঝাৰখণ্ড নিৰ্বাচনৰ সময়ত চলিছিল এই ষড়যন্ত্ৰ। দুগৰাকী মহিলাক পঠিওৱা হৈছিল মুখ্যমন্ত্ৰীৰ ওচৰলৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰহস্যজনক ধৰণে কথা পাতিছিল দুই মহিলাই। কিন্তু সন্দেহ ওপজাত মহিলা দুগৰাকীক বিদায় দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। ঝাৰখণ্ডৰ শীৰ্ষ আৰক্ষী বিষয়াই ২ মহিলাক ধন দিয়াৰো অভিযোগ।
  6. জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে অব্যাহত আছে নিৰাপত্তা বাহিনীৰ অভিযান। কুলগামত বিগত ৯ দিন ধৰি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীয়ে চলাই আহিছে অভিযান। এই এনকাউণ্টাৰত সন্ত্ৰাসবাদীৰ গুলীত শ্বহীদ হৈছে দুজন সেনা জোৱান। সেনাই উল্লেখ কৰা মতে এই দুই ছহিদ ক্ৰমে লেফটেনেণ্ট কৰ্ণেল প্ৰীতপাল সিং আৰু জোৱান হৰমিন্দৰ সিং।
  7. সাত বছৰতকৈ অধিক সময়ৰ ব্যৱধানৰ অন্তত চলিত মাহৰ শেষৰ ফালে চীন ভ্ৰমণ কৰিব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সাংহাই সহযোগিতা সংস্থাৰ টিয়ানজিন সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে চুবুৰীয়া দেশখনত উপস্থিত হ’ব পাৰে প্ৰধানমন্ত্ৰী মোদী । সম্ভাৱ্য এই ভ্ৰমণক লৈ আশান্বিত চুবুৰীয়া ৰাষ্ট্ৰ চীন। তেওঁৰ এই ভ্ৰমণে দুয়োখন দেশৰ বন্ধুত্ব আৰু সংহতি অধিক শক্তিশালী কৰি তুলিব বুলি মন্তব্য প্ৰকাশ চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ।
  8. মুম্বাইৰ ছত্ৰপতি শিৱাজী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নেটৱৰ্ক বিসংগতি। যাৰ ফলত স্তব্ধ হৈ পৰে সকলো কাম-কাজ। যাত্ৰীৰ সুবিধাৰ কথা মনত ৰাখি বৰ্তমান মেনুৱেল মোডত চলি আছে চেক-ইন আৰু বৰ্ডিং প্ৰক্ৰিয়া। কিন্তু চিষ্টেম বিকল হোৱাৰ বাবে বিমানবন্দৰত সৃষ্টি হৈছে যাত্ৰীৰ ব্যাপক ভিৰ। এই ভিৰৰ পৰিপ্ৰেক্ষিতত জৰুৰীকালীন সেৱাও সক্ৰিয় কৰা হৈছে। নেটৱৰ্ক বিসংগতিৰ বাবে বৰ্ডিং পাছ প্ৰিন্ট কৰাত সমস্যা হৈছে। সম্প্ৰতি বিমানবন্দৰ কৰ্তৃপক্ষই সমস্যা দূৰ কৰাৰ কামত নিয়োজিত হৈ আছে।
  9. বিটিআৰত অব্যাহত আছে বিজেপিৰ বিজয় সংকল্প যাত্ৰা। মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে দাবী কৰা মতে এইবাৰ বিটিচি নিৰ্বাচনত বিজেপিয়ে ১৮ খন আসন লাভ কৰিব আৰু বাকী ২২ খন আসন লাভ কৰিব ইউপিপিএল আৰু বিপিএফে। বিজেপি আৰু মিত্ৰদলৰ মাজত কোনো শত্ৰুতা নাই বুলিও মন্তব্য কৰে মন্ত্ৰী দাসে।

লগতে পঢ়ক: আমি পাকিস্তানৰ ৫ খন যুঁজাৰু বিমান…অপাৰেশ্যন সেন্দূৰক লৈ ডাঙৰ মন্তব্য বায়ুসেনাৰ মুৰব্বীৰ