শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অসমীয়াক আক্ৰমণ, অসমীয়াৰ প্ৰতিবাদ, আলফা(স্বা)ৰ এন্ট্ৰি আৰু মাৰোৱাৰী সমাজৰ ক্ষমা…

অৱশেষত ক্ষমা খুজিলে মাৰোৱাৰী সমাজে। এগৰাকী কিশোৰী খেলুৱৈক আক্ৰমণ কৰাৰ ঘটনাক লৈ জাঙুৰ খাই উঠিছিল জাতীয়- জনগোষ্ঠীয় দল সংগঠন। এই বিষয়টোত পৰোক্ষাভাৱে সহযোগ কৰিছিল আলফা (স্বা)য়েও।

অসমীয়াক আক্ৰমণ, অসমীয়াৰ প্ৰতিবাদ, আলফা(স্বা)ৰ এন্ট্ৰি আৰু মাৰোৱাৰী সমাজৰ ক্ষমা…
মাৰোৱাৰী সমাজৰ ক্ষমা
barasha-sarma
Barasha Sarma | Published: 20 Aug 2024 17:18 PM

অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হ’ল মাৰোৱাৰী সমাজ। দল- সংগঠনৰ দাবীৰ প্ৰতি সন্মান জনাই তামোল পাণৰ শৰাই আগবঢ়াই আঁঠু কাঢ়ি ক্ষমা বিচাৰিলে মাৰোৱাৰী সমাজে। লগতে ভুক্তভোগীগৰাকীক ২ লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ কথা কয় মাৰোৱাৰী সমাজে।  সোমবাৰে শিৱসাগৰত হৈ যোৱা উত্তাল প্ৰতিবাদৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ প্ৰতিনিধিত্বত মঙলবাৰে শিৱসাগৰ যুৱদলত ৩০ টা দল- সংগঠন, শিৱসাগৰ ৰাইজ আৰু মাৰোৱাৰী সমাজৰ মাজত এক বিশেষ সভা অনুষ্ঠিত হয়।

এই সভাৰ হোৱা আলোচনাৰ প্ৰতি সন্মান জনাই মাৰোৱাৰী সমাজে ভুক্তভোগীৰ ওচৰত ক্ষমা বিচাৰে। সভাত উপস্থিত থাকি শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে জাতীয় সংগঠন সমূহে তোলা দাবী সমূহ পূৰণৰ কৰাৰ আশ্বাস দিয়ে। তেওঁ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিব বুলি জনায়। মন কৰিবলগীয়া যে, শিৱসাগৰৰ মাৰোৱাৰী পট্টীৰ নাম অসমীয়া শ্বহীদৰ নামত বা অসমৰ বৰেণ্য ব্যক্তিৰ নামত কৰাৰ দাবী কৰিছিল জাতীয় দল সংগঠনসমূহে।

উল্লেখ্য যে, যোৱা ১৩ আগষ্টত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ এগৰাকীক অনা- অসমীয়াই ব্যৱসায়ীয়ে আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছিল। এই কথাক লৈ জাতীয়- জনগোষ্ঠীয় সংগঠনৰ মাজত ক্ষোভ বৃদ্ধি হোৱাৰ পাছত আৰক্ষীয়ে ২ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। আনহাতে আন এগৰাকী ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাৰ দাবীত সৰৱ হৈ উঠিছিল সংগঠনসমূহ। স্থানীয় লোকৰ লগতে জাতীয়-জনগোষ্ঠীয় সংগঠনসমূহে এই ঘটনাৰ বাবে বহিৰাগত ব্যৱসায়ীসকলক শিৱসাগৰ জিলাবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী তুলিছিল।

কিন্তু তেনে নকৰাত সোমবাৰে শিৱসাগৰত বিশাল প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয়। হাজাৰ হাজাৰ লোকে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি মাৰোৱাৰী সমাজৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে। লগতে কয়, অসমত অসমীয়াৰ অপমান কেতিয়াও সহ্য কৰা নহয়। আনকি মাৰোৱাৰী পট্টীৰ নাম অসমৰ বৰেণ্য ব্যক্তিৰ নামেৰে ৰখাৰ দাবী জনাই প্ৰতিবাদকাৰীসকলে।

ইয়াৰ মাজতে প্ৰতিবাদৰ নেতৃত্ব দিয়া শৃংখল চলিহাৰ বিৰুদ্ধে গুৱাহাটীত এজাহাৰ দাখিল কৰে গৌৰৱ ছৌমানী নামৰ এজনলোকে। এই কথা পোহৰলৈ অহাৰ পাছতেই জাঙুৰ খাই উঠে আলফা (স্বা) আৰু জাৰি কৰে এক প্ৰেছ বিবৃতি। প্ৰেছ বিবৃতিত আলফা (স্বা)য়ে কয়, যদি গৌৰৱ ছোমানীয়ে গোচৰ প্ৰত্যাহাৰ নকৰে আৰু আৰক্ষীয়ে শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰে তেন্তে পৰিস্থিতি বিষম হ’ব আৰু ইয়াৰ ফল সমগ্ৰ মাৰোৱাৰী সমাজে ভুগিব লাগিব। আলফা (স্বা)ৰ এই সকিয়নিৰ পাছতেই গোচৰ প্ৰত্যাহাৰ কৰে গৌৰৱ ছোমানীয়ে। এই সমগ্ৰ ঘটনাৰাজিৰ অন্তত আজি মাৰোৱাৰী সমাজে ক্ষমা বিচাৰে।