শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাবালিকা খেলুৱৈক আক্ৰমণক কেন্দ্ৰ কৰি প্ৰতিবাদত উত্তাল শিৱসাগৰ

যোৱা ১৩ আগষ্টত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী নাবালিকা পাঞ্জা খেলুৱৈৰ ওপৰত বহিৰাগত ব্যৱসায়ীৰ আক্ৰমণৰ কেন্দ্ৰ কৰি আজি শিৱসাগৰৰ মাজমজিয়াত কেইবাসহস্ৰাধিক লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। ৩০টাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত বহিৰাগত ব্যৱসায়ীৰ দ্বাৰা অসমৰ কিশোৰী নিৰ্যাতনৰ এনে কাৰ্যৰ বিপক্ষে এই প্ৰতিবাদ গঢ়ি তোলা হৈছে।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাবালিকা খেলুৱৈক আক্ৰমণক কেন্দ্ৰ কৰি প্ৰতিবাদত উত্তাল শিৱসাগৰ
প্ৰতিবাদত উত্তাল শিৱসাগৰ
monjit-dutta
Monjit Dutta | Updated On: 19 Aug 2024 12:20 PM

প্ৰতিবাদত উত্তাল হৈ পৰিছে শিৱসাগৰ। এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাবালিকা পাঞ্জা খেলুৱৈক কেইগৰাকীমান বহিৰাগত ব্যৱসায়ীৰ আক্ৰমণক এই প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ শিৱসাগৰ চহৰৰ গতানুগতিক জনজীৱন স্তব্ধ হৈ পৰিছে। লক্ষণীয়ভাৱে ইতিপূৰ্বেও অসমৰ থলুৱা লোকৰ ওপৰত এইদৰে বহিৰাগত ব্যৱসায়ীৰ আক্ৰমণৰ এনে ঘটনা অভিযোগ উত্থাপন হৈছে। এনে ঘটনাসমূহক কেন্দ্ৰ কৰি পূৰ্বেও শিৱসাগৰত উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে।

যোৱা ১৩ আগষ্টত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈগৰাকীৰ ওপৰত আক্ৰমণৰ পিছতে স্থানীয় লোকসকলৰ মাজত ক্ষোভ বৃদ্ধি পায়। তিনিগৰাকী বহিৰাগত ব্যৱসায়ীৰ বিপক্ষে কিশোৰী খেলুৱৈগৰাকীক আক্ৰমণৰ অভিযোগ উঠিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনে এই ঘটনা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ দাবী তোলাৰ পিছতে দুগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল।

আনহাতে অভিযুক্ত আনগৰাকী বহিৰাগত ব্যৱসায়ীৰ গ্ৰেপ্তাৰৰ দাবীত পুনৰ সৰৱ হৈ পৰিছিল স্থানীয় লোকসকল। স্থানীয় লোকৰ লগতে জাতীয়-জনগোষ্ঠীয় সংগঠনসমূহে এই ঘটনাৰ বাবে বহিৰাগত ব্যৱসায়ীসকলক শিৱসাগৰ জিলাবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী তুলিছিল। সমান্তৰালকৈ থলুৱা লোকৰ ওপৰত এনে নিৰ্যাতনৰ ঘটনা বৃদ্ধি সম্পৰ্কত আলোচনাৰ বাবে এক আলোচনা সভাও আহ্বান কৰিছিল ৩০টাকৈ দল সংগঠন।

এই সভাত ১০ টাকৈ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। আনহাতে সভাত উপস্থিত নথকা ব্যৱসায়ী সকলক ২৪ ঘণ্টাৰ ভিতৰত ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ দাবী কৰা হৈছিল। অন্যথা অনিৰ্দিষ্টকাললৈ তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি দিয়াৰ প্ৰস্তাৱ লোৱা হৈছিল সভাত। বহিৰাগত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত ৮০ৰ পৰা ৯০ শতাংশ স্থানীয় লোকক নিযুক্তিৰ প্ৰস্তাৱ লোৱা হৈছিল।

সমান্তৰালকৈ মাৰোৱাৰী, বেংগলী আদি সংগঠনসমূহ শিৱসাগৰত নিষিদ্ধ কৰাৰ দাবীও উত্থাপন হৈছিল সভাত। বহিৰাগত ব্যৱসায়ীসকলৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ হৰ্ডিঙত অসমীয়া ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল এই সভাত। একেদৰে কোনো কাৰণতে থলুৱা লোকৰ মাটি বহিৰাগত মানুহক বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।

ইফালে বহিৰাগত ব্যৱসায়ীসকলক ক্ষমা খুজিবলৈ বান্ধি দিয়া ২৪ ঘণ্টাৰ সময়সীমা পাৰ হৈ যোৱাৰ পাছতো তেওঁলোকে ক্ষমা নোখোজাত আজি জিলাখনৰ মাজমজিয়াত এই প্ৰবল প্ৰতিবাদ গঢ়ি তোলা হৈছে। প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত নগৰৰ মাজমজিয়াত থকা সকলো দোকাৰ-পোহাৰ বন্ধ কৰি দিয়া হৈছে। এই প্ৰতিবাদী সমদল সংগঠিত কৰা দল-সংগঠনসমূহে প্ৰতিবাদী মিছিলৰ জৰিয়তে থলুৱা লোকৰ ওপৰত নিৰ্যাতন বন্ধ কৰিবলৈ বহিৰাগত ব্যৱসায়ীসকলক হুংকাৰ দিছে।