শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভাইৰেল হৈ পৰিছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন, সঁচা নে মিছা? SIT-এ ক’লে…

ছ'চিয়েল মিডিয়া আৰু মেছেজিং প্লেটফৰ্মত ভাইৰেল হোৱা জুবিন গাৰ্গৰ জি এম চি এইচৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন  ‘প্ৰকৃত নহয়’ বুলি দাবী কৰে মুন্না প্ৰসাদ গুপ্তাই। সংবাদ মাধ্যমক সম্বোধন কৰি গুপ্তাই স্পষ্ট কৰি দিয়ে, “সেই প্ৰতিবেদন প্ৰকৃত নহয়। ইয়াত কোনো চিকিৎসকৰ স্বাক্ষৰৰ অভাৱ আৰু সেয়েহে ই প্ৰামাণিক নহয়।”

ভাইৰেল হৈ পৰিছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন, সঁচা নে মিছা? SIT-এ ক’লে…
মুন্না প্ৰসাদ গুপ্তা
trishna-kalita
Trishna Kalita | Updated On: 15 Oct 2025 12:30 PM

অব্যাহত আছে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত। SITৰ জেৰাত পোহৰলৈ আহিছে বহু নতুন নতুন তথ্য। ইয়াৰ মাজতে বিভিন্ন প্লেটফৰ্মত ভাইৰেল হৈ পৰিছিল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। এছ আই টিৰ মুৰব্বী তথা চি আই ডিৰ বিশেষ ডি জি পি মুন্না প্ৰসাদ গুপ্তাই আজি জুবিনৰ মৃত্যুৰ গোচৰৰ চলি থকা তদন্ত সন্দৰ্ভত সংবাদ মাধ্যমক অৱগত কৰে।

ছ’চিয়েল মিডিয়া আৰু মেছেজিং প্লেটফৰ্মত ভাইৰেল হোৱা জুবিন গাৰ্গৰ জি এম চি এইচৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন  ‘প্ৰকৃত নহয়’ বুলি দাবী কৰে মুন্না প্ৰসাদ গুপ্তাই। সংবাদ মাধ্যমক সম্বোধন কৰি গুপ্তাই স্পষ্ট কৰি দিয়ে, “সেই প্ৰতিবেদন প্ৰকৃত নহয়। ইয়াত কোনো চিকিৎসকৰ স্বাক্ষৰৰ অভাৱ আৰু সেয়েহে ই প্ৰামাণিক নহয়।”

এছ আই টিৰ মুৰব্বীগৰাকীয়ে জনোৱা মতে, ছিংগাপুৰৰ পৰা অহা ১১ জন অসমীয়া প্ৰবাসীৰ ভিতৰত ৯ জন ইতিমধ্যে উপস্থিত হৈ নিজৰ বক্তব্য লিপিবদ্ধ কৰিছে। গুপ্তাই লগতে কয় যে, আজি যদি বাকী থকা প্ৰবাসীজন আহি পায় তেন্তে তেওঁৰ বিবৃতিও লিপিবদ্ধ কৰা হ’ব, যাৰ ফলত মুঠ ১০টা লিপিবদ্ধ বিবৃতি হ’ব।

তেওঁ জনোৱা মতে, ১৭ অক্টোবৰত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক আদালতত হাজিৰ কৰোৱা হ’ব। সূত্ৰ অনুসৰি মতে আজি  চি আই ডিৰ কার্যালয়ত উপস্থিত হৈছে প্ৰবাসী অসমীয়া দুগৰাকী ব্যক্তি সুস্মিতা গোস্বামী আৰু দেৱজিৎ হাজৰিকা ৷

ইফালে আৰক্ষীৰ জিম্মাৰ ম্যাদ শেষ হোৱাৰ পাছতে আজি CJM আদালতত হাজিৰ কৰা হয় শ্যামকানু মহন্তকে ধৰি পাঁচত অভিযুক্তক। ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত এই পাঁচজন ব্যক্তি। চিআইডিয়ে ৫ অভিযুক্তক হাজিৰ কৰি মুখ্য দণ্ডাধীশৰ আদালতত ।  আজি CJM আদালতত হাজিৰ কৰাৰ পাছতে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ হৈছে। ইয়াৰ লগতে সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যকো ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ।