কোনো কয়দী নোহোৱা বাক্সা জিলা কাৰাগাৰ হ’ব শ্যামকানু-সিদ্ধাৰ্থহঁতৰ নতুন ঠিকনা
শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাসহ পাঁচ অভিযুক্তক গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত ৰখা নহয় বুলি খবৰ প্ৰকাশ পাইছে। গুৱাহাটী কাৰাগাৰত যিহেতু জুবিন গাৰ্গৰ অনুৰাগী ভিক্টৰ দাস, অজয় ফুকনকো বন্দী কৰি ৰখা হৈছে, সেয়ে নিৰাপত্তাৰ খাতিৰত অন্য এক কাৰাগাৰত ৰখা হ'ব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা আৰু বাকী কেইজনক।

আজি আদালতত হাজিৰ কৰোৱা হ’ল জুবিন গাৰ্গৰ মৃত্যুৰ পাঁচ অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সান্দীপন গাৰ্গ আৰু জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা। আদালতত তেওঁলোকৰ পক্ষত কোনো উকিলে ওকালতি নকৰিলে আৰু কোনেও জামিন আবেদনো নকৰিলে।
ইফালে চিআইডিয়ে পুনৰ জিম্মাত বিচৰা নাই তেওঁলোকক। প্ৰয়োজনত পৰৱৰ্তী সময়ত পুনৰ তেওঁলোকক জিম্মাত লোৱাৰ সম্ভাৱনা আছে। যাৰ বাবে আদালততে পাঁচোজনকে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
কিন্তু আশ্চৰ্যজনকভাৱে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাসহ পাঁচ অভিযুক্তক গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত ৰখা নহয় বুলি খবৰ প্ৰকাশ পাইছে। গুৱাহাটী কাৰাগাৰত যিহেতু জুবিন গাৰ্গৰ অনুৰাগী ভিক্টৰ দাস, অজয় ফুকনকো বন্দী কৰি ৰখা হৈছে, সেয়ে নিৰাপত্তাৰ খাতিৰত অন্য এক কাৰাগাৰত ৰখা হ’ব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা আৰু বাকী কেইজনক। এই ক্ষেত্ৰত চৰ্চালৈ আহিছে বাক্সাৰ নিকাছিত নতুনকৈ স্থাপন কৰা জিলা কাৰাগাৰৰ নাম।
উল্লেখ্য যে প্ৰায় দুমাহ পূৰ্বে উদ্বোধন কৰা হৈছিল নিকাছিস্থিত বাক্সা জিলা কাৰাগাৰখন। বৰ্তমানলৈকে তাত কোনো কাৰাবন্দী নাই। বাক্সা জিলাৰ বিভিন্ন গোচৰত অভিযুক্ত বা দোষী সাব্যস্ত হোৱা লোকক নলবাৰী জিলা কাৰাগাৰতেই ৰখা হৈছে। সেয়ে এই কাৰাগাৰখনৰ প্ৰথম কাৰাবন্দী হ’ব জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত এই পাঁচ অভিযুক্ত।
অতি শেহতীয়াভাৱে প্ৰাপ্ত তথ্য মতে পানবজাৰ থানাৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে বাক্সাৰ নিকাছিস্থিত জিলা কাৰাগাৰলৈ লৈ যোৱা হৈছে শ্যামকানু সহ পাঁচ অভিযুক্তক ৷ অত্যাধুনিক সা-সুবিধাযুক্ত এই কাৰাগাৰেই হ’ব এইকেইজন অভিযুক্তৰ ঠিকনা। ইতিমধ্যে কাৰাগাৰখনত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে।
উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটো ৰহস্যঘন হৈ পৰাৰ লগে লগে ৰাজ্যজুৰি ন্যায়ৰ দাবী উত্থাপন হয়। অসম চৰকাৰে গঠন কৰি দিয়া চি আই ডিৰ বিশেষ তদন্তকাৰী গোট (SIT) এ যোৱা ১ অক্টোবৰত গ্ৰেপ্তাৰ কৰিছিল সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক। তাৰ পাছতেই আদালতত হাজিৰ কৰাই ১৪ দিনৰ বাবে দুয়োকে নিজৰ জিম্মাত লয় চি আই ডিয়ে।
আনহাতে জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ তথা অসম আৰক্ষীৰ বিষয়া সন্দিপন গাৰ্গকো যোৱা ৮ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হয়। লগতে গ্ৰেপ্তাৰ কৰা হৈছিল জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক। আজি তেওঁলোকৰ চি আই ডি জিম্মাৰ ম্যাদ অন্ত পৰে। লগে লগে তেওঁলোকক আদালতত হাজিৰ কৰোৱাৰ পাছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।