শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বিহ দি প্ৰাণ ল’লে জুবিন গাৰ্গৰ! CIDৰ জেৰাত সিদ্ধাৰ্থ-শ্যামকানুৰ বিপক্ষে বিস্ফোৰণ শেখৰৰ

শেখৰ গোস্বামীৰ এনে বিস্ফোৰক স্বীকাৰোক্তিৰ পিছত এতিয়া জুবিন গাৰ্গৰ মৃত্যুত এক বৃহৎ ষড়যন্ত্ৰৰ ইঙ্গিত পোৱা গৈছে। এই সন্দৰ্ভত তদন্তকাৰী দলে এফআইআৰত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ নাম প্ৰধান অভিযুক্ত হিচাপে উল্লেখ কৰিছে।

বিহ দি প্ৰাণ ল’লে জুবিন গাৰ্গৰ! CIDৰ জেৰাত সিদ্ধাৰ্থ-শ্যামকানুৰ বিপক্ষে বিস্ফোৰণ শেখৰৰ
জুবিন গাৰ্গৰ গোচৰত শেখৰ বিস্ফোৰণ
monjit-dutta
Monjit Dutta | Published: 04 Oct 2025 07:38 AM

কোনো দুৰ্ঘটনা বা শাৰীৰিক অসুস্থতা নহয়, এক পৰিকল্পিত হত্যাকাণ্ডৰ বলি অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ! এই বিস্ফোৰক ভাষ্য প্ৰদান কৰিছে প্ৰয়াত শিল্পীগৰাকীৰ সহযোগী বাদ্যযন্ত্ৰী শেখৰ গোস্বামীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ইতিমধ্যে শেখৰ গোস্বামীক চিআইডিয়ে গ্ৰেপ্তাৰ কৰিছে তদন্তকাৰী সংস্থাটোৰ জেৰাৰ সময়তে এতিয়া শেখৰে এনে বিস্ফোৰক স্বীকাৰোক্তি দিছে শেখৰৰ ভাষ্যক গোচৰত গ্ৰেপ্তাৰ হোৱা গায়িকা অমৃতপ্ৰভা মহন্ত আৰু জেৰাৰ সন্মুখীন হোৱা নিশিতা গোস্বামীয়েও সমৰ্থন কৰা বুলি তদন্ত সমিতিয়ে প্ৰকাশ কৰিছে

শেখৰ গোস্বামীৰ এনে বিস্ফোৰক স্বীকাৰোক্তিৰ পিছত এতিয়া জুবিন গাৰ্গৰ মৃত্যুত এক বৃহৎ ষড়যন্ত্ৰৰ ইঙ্গিত পোৱা গৈছে এই সন্দৰ্ভত তদন্তকাৰী দলে এফআইআৰত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ নাম প্ৰধান অভিযুক্ত হিচাপে উল্লেখ কৰিছে। অভিযুক্তৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰ, হত্যা আৰু culpable homicide not amounting to murder’ আদি গুৰুতৰ আৰু জামিন অযোগ্য ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

তদন্তকাৰী দলৰ সমুখত শেখৰ গোস্বামীয়ে লগতে বহু বিস্ফোৰক মন্তব্য কৰিছে শেখৰে দিয়া ভাষ্য মতে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ ষড়যন্ত্ৰ কৰিছিল ছিংগাপুৰৰ হোটেলত থকাৰ সময়তো সিদ্ধাৰ্থৰ আচৰণ সন্দেহজনক আছিল বুলি জেৰাত প্ৰকাশ কৰিছে শেখৰে ইফালে য়ট পাৰ্টীলৈ যোৱাৰ সময়ত সিদ্ধাৰ্থই নাবিকজনকৰ পৰা য়টখন নিজৰ নিয়ন্ত্ৰণলৈ অনা বুলিও শেখৰে উল্লেখ কৰিছে

কেৱল ইমানেই নহয়, সিদ্ধাৰ্থই ছিংগাপুৰস্থিত অসম এচছিয়েশ্যনৰ সদস্য তন্ময় ফুকনক সুৰাৰ ব্যৱস্থা কৰাত বাধা দি নিজাকৈ মদ যোগান ধৰা বুলিও দাবী কৰিছে শেখৰে। সাগৰত সাঁতুৰি থকাৰ সকাৰ সময়ত অৱশ জুবিনক ৰক্ষা কৰাৰ পৰিৱৰ্তে সিদ্ধাৰ্থই যাব দে, যাব দে বুলি চিঞৰিহে উঠা বুলিও শেখৰে জেৰাত উল্লেখ কৰিছে সাঁতোৰত পাৰ্গত জুবিন গাৰ্গ পানীত ডুবি মৃত্যু হোৱাটো সম্ভৱ নহয় বুলিও তেওঁ দৃঢ় দাবী কৰে

জেৰাত শেখৰে লগতে সিদ্ধার্থ শৰ্মা আৰু শ্যামকানু মহন্তই জুবিনক বিহ খুৱাই হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল বুলিও বিস্ফোৰক দাবী কৰিছে। তদুপৰি য়টৰ ভিডিঅ’ কোনো লোকৰ সৈতে শ্বেয়াৰ নকৰিবলৈও সিদ্ধাৰ্থই ভাবুকি দিয়া বুলি উল্লেখ কৰিছে শেখৰ গোস্বামীয়ে তেওঁ লগতে তদন্তকাৰী দলৰ আগত আন এক চাঞ্চল্যকৰ তথ্যও প্ৰকাশ কৰিছে

শেখৰৰ ভাষ্য মতে, জুবিন গাৰ্গৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ সংকটজনক হৈ পৰাৰ সময়ত তেওঁৰ মুখ আৰু নাকৰ পৰা ফেন ওলাবলৈ ধৰিছিল কিন্তু সিদ্ধার্থ শৰ্মাই এচিডিটিৰ বাবে এনে হোৱা বুলি উল্লেখ কৰি পৰিস্থিতিক গাপ দি ৰাখিবলৈ চেষ্টা কৰা বুলি উল্লেখ কৰিছে ধৃত শেখৰে ইফালে অমৃতপ্ৰভা মহন্তা আৰু নিশিতা গোঁসাইৰ জবানবন্দীতো শেখৰ গোস্বামীৰ ভাষ্যৰ মিল থকা বুলি উল্লেখ কৰিছে SIT-