১৫ জানুৱাৰীৰ ভিতৰত চয়-নিশ্চয় হ’ব ২০২৬ ৰ নিৰ্বাচনৰ বাবে অগপ-বিজেপিৰ আসনৰ ভাগ-বাটোৱাৰাৰ
অহা বছৰ অনুষ্ঠিত হ'ব অসম বিধানসভা নিৰ্বাচন। পূৰ্বৰ দৰেই মিত্ৰতা অক্ষুণ্ণ ৰাখি যুঁজত নামিবলৈ সাজু হৈছে অগপ-বিজেপি। এইবাৰ কোন সমষ্টিত কোনে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিব, তাক লৈ দল দুটাৰ মাজত আলোচনা চলি আছে। অহা ১৫ জানুৱাৰীৰ পূৰ্বেই সকলো চয়-নিশ্চয় হ'ব বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰীয়ে।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কয় যে আগন্তুক নিৰ্বাচনত অসম গণ পৰিষদে মুখ্য ভূমিকা গ্ৰহণ কৰিবলৈ সাজু হৈছে, বিজেপি আৰু অগপৰ মাজত মিত্ৰতাৰ আলোচনা উন্নত পৰ্যায়ত উপনীত হৈছে। দুয়োটা দলৰ দীৰ্ঘদিনীয়া অংশীদাৰিত্বক পুনৰ দৃঢ় কৰি মুখ্যমন্ত্রীয়ে ইংগিত দিয়ে যে মিত্রতাৰ অধীনৰ অধিকাংশ আসন অগপলৈ যোৱাৰ সম্ভাৱনা আছে ৷
যোৱা বুধবাৰে অগপৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী কেশৱ মহন্তৰ সৈতে বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰী শৰ্মা। সেইদিনা তেওঁ কয় যে আঞ্চলিক দলটোৰ সৈতে আনুষ্ঠানিক আলোচনা অতি সোনকালে আৰম্ভ হ’ব।
তেওঁ কয়, ‘‘আসন ভাগ-বাটোৱাৰাৰ আলোচনা পূৰ্বতকৈ বহু আগবাঢ়িছে। আমি কেইবাটাও সমষ্টিত একেলগে কাম কৰিবলৈ আগবাঢ়িছোঁ, আৰু বেছিভাগ আসনত অগপৰ প্ৰাৰ্থী থকাৰ সম্ভাৱনা আছে।’’
তেওঁ লগতে কয় যে অন্যান্য আঞ্চলিক গোটসমূহৰ সৈতেও একেধৰণৰ যোগাযোগ হ’ব ৷ ‘‘মই বিশ্বাস কৰোঁ যে মাঘ বিহুৰ পূৰ্বে ১৫ জানুৱাৰীৰ ভিতৰত অগপ, ৰাভা হাছং আৰু গণ শক্তিৰ সৈতে আলোচনা সমাপ্ত কৰিব লাগিব। তেতিয়ালৈকে মিত্ৰতাৰ কাঠামো সাজু হোৱাটো প্ৰয়োজন।’’ -শৰ্মাই কয়।
যুৱ নেতৃত্বক অগ্ৰাধিকাৰ দিয়াৰ বাবে বিজেপিৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰি মুখ্যমন্ত্রীয়ে কয় যে আগন্তুক নির্বাচনত অধিক যুৱক-যুৱতী আৰু মহিলাক সুযোগ প্ৰদান কৰাৰ মন আছে ৷
‘‘প্ৰতি বছৰে আমি বিজেপিত অধিক যুৱক-যুৱতী আৰু মহিলাক অন্তৰ্ভুক্ত কৰাৰ বাবে কাম কৰোঁ। ইয়াৰ পূৰ্বে তৰংগ গগৈ নিৰ্বাচিত হৈছিল, এইবাৰ আমি বিচাৰো যে তৰংগতকৈও কম বয়সীয়া লোকে দলটোক প্ৰতিনিধিত্ব কৰক।’‘ যুৱকেন্দ্ৰিক হৈ থকা বিজেপিৰ লক্ষ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয়।
কংগ্ৰেছৰ আভ্যন্তৰীণ বিভ্ৰান্তি আৰু মনোযোগৰ অভাৱ বুলি অভিহিত কৰি বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ “উন্নয়ন-চালিত দৃষ্টিভংগী”ৰ বিপৰীত বুলিও শৰ্মাই কয়।
“কংগ্ৰেছে শেহতীয়াকৈ এনে কিছুমান বৈঠক অনুষ্ঠিত কৰিছিল য’ত বিজেপিয়ে কিমান হ’ৰ্ডিং লগাইছে তাৰ দৰে তুচ্ছ বিষয়ৰ ওপৰত আলোচনা চলিছিল। কালি তেওঁলোকৰ আভ্যন্তৰীণ তথ্য কোনে ফাদিল কৰিলে সেই সম্পৰ্কে দুঘণ্টীয়া জুম মিটিং আছিল, কিন্তু সেই বৈঠকতে নিজেই এই ফাদিলৰ বাবে দায়ী লোকসকলক অন্তৰ্ভুক্ত কৰা হৈছিল। গতিকে কি হৈছিল আমি ইতিমধ্যে জানো।‘‘ মুখ্যমন্ত্ৰীয়ে কয়।
তেওঁ আৰু অভিযোগ কৰে যে কংগ্ৰেছ নেতাসকলে নিজেই নিজৰ দলৰ সম্ভাৱনাৰ ওপৰত আস্থাহীন। ‘‘কংগ্ৰেছৰ ৰাইজে নিজৰ দল জয়ী হোৱাটো নিবিচাৰে। তেওঁলোকে বিজেপি জয়ী হোৱাটো বিচাৰে কাৰণ উন্নয়ন সকলোতে দেখা যায়। ১৫ বছৰ কংগ্ৰেছে শাসন কৰিছিল, কোনোবাই কেতিয়াবা উমৰাংছুৰ কথা উল্লেখ কৰিছিল নেকি? উমৰাংছু আৰু কাৰ্বি আংলঙৰ দৰে অঞ্চললৈ বিজেপিয়েই উন্নয়ন আনিছে।’’ শৰ্মাই কয়।
তেওঁ দাবী কৰে যে বিজেপিয়ে ক্ষমতা দখল কৰাৰ পাছতহে এই অঞ্চলসমূহত শান্তি আৰু স্থিতিশীলতা আহিছিল। ‘‘কংগ্ৰেছৰ শাসনৰ সময়ত অশান্তিৰ সৃষ্টি হৈছিল আৰু ইয়ালৈ কেৱল সামৰিক বাহিনীহে আহিছিল। আজি উন্নয়ন হৈ আছে।’’ ডঃ শৰ্মাই কয়।