আজি গৰু বিহু, ৰঙালীৰ ৰঙত ৰঙীণ চহা অসমীয়া…
কৃষিজীৱী চহা অসমীয়াই আজি পালন কৰিছে গৰু বিহু । পুৱা ভাগতে প্ৰচলিত পৰম্পৰা পালন কৰি গৰুক মাহ-হালধিৰে নোৱাইছে-ধুৱাইছে অসমীয়া কৃষক ৰাইজে ।

“লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা,
মাৰে সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু।”
ৰঙালীৰ ৰঙত ৰঙীণ হৈ পৰিছে ৰাজ্যবাসী । আজিৰ হেঁপাহৰ ৰঙালী বিহুৰ প্ৰথমটো দিন । কৃষিজীৱী চহা অসমীয়াই পালন কৰিছে গৰু বিহু । পুৱা ভাগতে প্ৰচলিত পৰম্পৰা পালন কৰি গৰুক মাহ-হালধিৰে নোৱাইছে-ধুৱাইছে অসমীয়া কৃষক ৰাইজে । নিয়ম আৰু প্ৰচলিত পৰম্পৰা অনুসৰি, চ’ত আৰু বহাগ মাহৰ সংক্ৰান্তিৰ দিনটোত চহা অসমীয়া কৃষক ৰাইজে পালন কৰে গৰু বিহু । গো-ধনৰ শ্ৰীবৃদ্ধি কামনাৰে অতি আনন্দৰে কৃষকে পালন কৰে এই গৰু বিহু ।
ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আজি কৃষকসকলে ঘৰৰ গৰুকেইটাক ওচৰৰ নৈ অথবা জান-জুৰিৰ ঘাটলৈ লৈ গৈ নোৱাইছে-ধুৱাইছে। দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই গো-ধনৰ শ্ৰীবৃদ্ধিৰ কামনা কৰিছে কৃষসকলে । ইয়াৰ মাজতে কৃষক ৰাইজৰ মাজত দেখা গৈছে ৰঙালীৰ ৰং । উল্লেখ্য় যে, অসমীয়া কৃষিভিত্তিক সমাজ ব্যৱস্থাত গৰুৱে উল্লেখনীয় ভূমিকা পালন কৰে ।
গৰু বিহু পৰম্পৰা
আজি গৰু বিহুৰ দিনটোত ৰাতিপুৱাই কৃষকসকলে নিজৰ গৰুকেইটাক নদীৰ পাৰলৈ লৈ যায় । গৰুৰ গাত মাহ-হালধি সানে আৰু গৰুৰ গা ঘঁহিবৰ বাবে খেৰৰ নুৰা ব্যৱহাৰ কৰে কৃষকসকলে । একেদৰে আজিৰ দিনটোত গৰুৰ গাত লাও-বেঙেনা আদি ছটিয়াবলৈ ছাট সজাৰ পৰম্পৰা আছে । গৰু বিহু দিনটোৰ এই কাৰ্যসূচীত গাঁৱৰ ডেকা-গাভৰু, শিশু-মহিলা সকলো উপস্থিত থাকে আৰু তেওঁলোকৰ মাজত ৰঙালীৰ ৰং প্ৰতিফলিত হয় ।
ইফালে, ছাটত থকা সকলো লাও-বেঙেনা গৰুলৈ নামাৰি কিছু অংশ ছাটত ৰখা হয়। এই ছাট ঘৰলৈ ওভোটাই নানি ওচৰ-চুবুৰীয়াৰ সৈতে ছাট, পঘা আৰু থেকেৰা সলনি কৰাৰো গৰু বিহুৰ নিয়ম। গোহালিৰ কোনোবা এক কোণত এই ছাট ৰখা হয়। লোক বিশ্বাস অনুসৰি, গৰুৰ গাত সানিবলৈ তৈয়াৰ মাহ-হালধিৰে আজিৰ দিনটোত গা ধুলে বহুখিনি বেমাৰৰ পৰা হাত সাৰিব পাৰি বুলি কোৱা হয় । আজিৰ দিনটোত গাঁৱৰ নামঘৰত ৰাজহুৱাকৈ শৰাই আগবঢ়োৱাৰ নিয়মো আছে ।
একেদৰে গৰু বিহুৰ দিনা নাহৰ পাতত মন্ত্ৰ লিখি ঘৰৰ দুৱাৰ-খিৰিকীৰ কোণত ৰখাৰো এটা নিয়ম আছে । ইফালে যেতিয়া ঘৰৰ গৰু কেইটা ঘৰলৈ ঘূৰি আহে তেতিয়া গোহালিত ‘জাগ দিয়া’ হয়। ঘৰৰ গৰু কেইটাক নতুন মৰাপাটৰ পঘাৰে বন্ধা হয় । আজিৰ দিনটোত অসমীয়া লোকসকলে এশ এবিধ শাক খোৱাৰো পৰম্পৰা আছে । এই সকলোবোৰ পৰম্পৰাৰ মাজেৰে আজি কৃষিজীৱী অসমীয়াই পালন কৰিছে গৰু বিহু । এই আপাহতে সকলো অসমবাসীলৈ আমাৰ তৰফৰ পৰাও জনাইছোঁ গৰু বিহুৰ অলেখ শুভ কামনা…