Rajya Sabha Elections 2025: অন্ত পৰিব বীৰেন্দ্ৰ-মিছন ৰঞ্জনৰ কাৰ্যকাল, অসমৰ দুখন আসনৰ বাবে ১৯ জুন অনুষ্ঠিত হ’ব ৰাজ্যসভা নিৰ্বাচন…
ৰাজ্যসভাৰ ৮ খন আসনৰ বাবে অহা ১৯ জুনত অনুষ্ঠিত হ’ব নিৰ্বাচন । ইতিমধ্যে এই কথা ঘোষণা কৰিছে ভাৰতীয় নিৰ্বাচন আয়োগে । আয়োগৰ এক বিবৃতিত কোৱা হৈছে যে, একেদিনাই অসমৰ দুখন আৰু তামিলনাডুৰ ৬ খন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব ।

অহা ১৯ জুন তাৰিখে ৰাজ্যসভাৰ ৮ খন আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন । ইতিমধ্যে এই কথা ঘোষণা কৰিছে ভাৰতীয় নিৰ্বাচন আয়োগে । আয়োগৰ এক বিবৃতিত কোৱা হৈছে যে, একেদিনাই অসমৰ দুখন আৰু তামিলনাডুৰ ৬ খন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব । উল্লেখ্য যে, ৰাজ্যসভাৰ অসমৰ দুখন আসন আৰু তামিলনাডুৰ ৬খন আসন ক্ৰমে জুন আৰু জুলাই মাহত খালী হ’ব।
অসম গণ পৰিষদৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু বিজেপিৰ মিছন ৰঞ্জন দাসৰ কাৰ্যকাল শেষ হোৱাৰ পাছতে অসমৰ দুয়োখন আসন খালী হ’ব । ইতিমধ্যে খালী হ’বলগীয়া ৰাজ্যসভাৰ দুয়োখন আসন অক্ষুণ্ণ ৰাখিবলৈ বিচাৰিব ১২৬ জনীয়া অসম বিধানসভাৰ ৮৪ খন আসন নিজৰ হাতত ৰখা বিজেপি নেতৃত্বাধীন এন ডি এয়ে।
তামিলনাডুৰ ছয়জন সদস্যৰ ম্যাদ অহা ২৪ জুলাইত শেষ হ’ব । তেওঁলোক হৈছে আনবুমণি ৰামাদোছ (পিএমকে), এন চন্দ্ৰচেঘৰন (এআইএডিএমকে), মহম্মদ আব্দুল্লা (ডিএমকে), এম শ্বানমুগাম (ডিএমকে), পি উইলছন (ডিএমকে) আৰু ভাইকো (এমডিএমকে)।
২ জুনত ৰাজ্যসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হ’ব বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে । মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ৯ জুন। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ১২ জুন। যদি মনোনয়ন পত্ৰ দাখিল কৰা ব্যক্তিৰ সংখ্যা খালী হোৱা আসনৰ সমান হয় তেন্তে সেইদিনা ফলাফল ঘোষণা কৰিব পাৰিব।
তামিলনাডুত খালী হোৱা ৰাজ্যসভাৰ ছখন আসনৰ ভিতৰত তিনিখন ডি এম কেৰ আৰু এখন মিত্ৰজোঁটৰ অংশীদাৰ এম ডি এম কেৰ হাতত আছে । বাকী দুখন আসনত আছে এআইএডিএমকে আৰু ইয়াৰ মিত্ৰজোঁটৰ অংশীদাৰ পিএমকেৰ হাতত। অসমত এই আসন দুখন বিজেপি আৰু সহযোগী অগপৰ দখলত আছে ।