শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, দুদিনীয়া অসম ভ্রমণ সন্দর্ভত মুখ্যমন্ত্ৰীৰ বৈঠক

এই বৈঠকত মুখ্যমন্ত্রী ড° শৰ্মাই গুৱাহাটী আৰু নামৰূপত অনুষ্ঠিত হ'বলগীয়া প্ৰধানমন্ত্ৰীৰ দুয়োটা বৃহৎ অনুষ্ঠানৰে প্রস্তুতি সন্দৰ্ভত সবিশেষ আলোচনা কৰে। অনুষ্ঠান দুটা যাতে সুকলমে অনুষ্ঠিত কৰিব পৰা যায় তাৰ বাবে তেওঁ শীর্ষ বিষয়াসকলক যাবতীয় নির্দেশনা প্রদান কৰে।

অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, দুদিনীয়া অসম ভ্রমণ সন্দর্ভত মুখ্যমন্ত্ৰীৰ বৈঠক
barasha-misra
Barasha Misra | Published: 04 Dec 2025 07:48 AM

অহা ২০ আৰু ২১ ডিচেম্বৰত দুদিনীয়া অসম ভ্রমণৰ বাবে আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বুধবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গুৱাহাটীৰ কইনাধৰাস্থিত ১নং ৰাজ্যিক অতিথিশালাত প্রধানমন্ত্রীৰ প্ৰস্তাৱিত দুদিনীয়া অসম ভ্রমণ সন্দৰ্ভত এখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়। এই দুদিনীয়া অসম ভ্রমণকালত প্রধানমন্ত্রী মোদীয়ে বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টার্মিনেল ভৱনটো আনুষ্ঠানিকভাবে উদ্বোধন কৰাৰ লগতে ভাৰতৰত্ন গৰাকীৰ এটা প্রতিমূর্তি উন্মোচন কৰিব। তাৰ পিছত গুৱাহাটীত এখন জনসভাও সম্বোধন কৰিব প্রধানমন্ত্রীয়ে। ইফালে প্রায় ১১ হাজাৰ কোটি টকা ব্যয়ৰে নামৰূপত স্থাপন হ’বলগীয়া বার্ষিক ১২.৭ মেট্রিক টন সমৰ্থৰ এমোনিয়া-ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি এখন জনসভাত অংশগ্রহণ কৰিব মোদীয়ে।

এই বৈঠকত মুখ্যমন্ত্রী ড° শৰ্মাই গুৱাহাটী আৰু নামৰূপত অনুষ্ঠিত হ’বলগীয়া প্ৰধানমন্ত্ৰীৰ দুয়োটা বৃহৎ অনুষ্ঠানৰে প্রস্তুতি সন্দৰ্ভত সবিশেষ আলোচনা কৰে। অনুষ্ঠান দুটা যাতে সুকলমে অনুষ্ঠিত কৰিব পৰা যায় তাৰ বাবে তেওঁ শীর্ষ বিষয়াসকলক যাবতীয় নির্দেশনা প্রদান কৰে।

এই বৈঠকত ভিডিঅ’ কনফাৰেঞ্চযোগে উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান আদি বিভাগৰ মন্ত্রী বিমল বড়া, বিধায়ক তৰংগ গগৈ, কামৰূপ আৰু ডিব্ৰুগড় জিলাৰ জিলা আযুক্তদ্বয়, আছাম ভেলী ফার্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক এছ পি মহান্তিয়ে অংশগ্রহণ কৰে। আনহাতে বৈঠকত মুখ্য সচিব ড° ৰবি কোটা, আৰক্ষী সঞ্চালকপ্ৰধান হৰমীত সিঙকে ধৰি কেইবাগৰাকীও শীর্ষ বিষয়া উপস্থিত থাকে।