কিমান জটিল হৈছে বান পৰিস্থিতি? ফোনযোগেই খবৰ ল’লে প্ৰধামন্ত্ৰী মোদীয়ে…
এতিয়াও সংকটজনক হৈ আছে ৰাজ্যৰ বানৰ পৰিস্থিতি। এই পৰ্যন্ত বান আৰু ভূমিস্খলনত মৃত্যুৰ সংখ্যা ১১ জন হোৱাৰ বিপৰীতে আন দুজন নিৰুদ্দেশ হৈ আছে। মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা অসমৰ বান পৰিস্থিতিৰ বুজ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে কেন্দ্ৰীয় চৰকাৰৰ পৰা সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে। সামাজিক মাধ্যমযোগে এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে।

কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত আজিও ভয়াৱহ হৈ আছে অসম তথা উত্তৰ-পূবৰ বান পৰিস্থিতি। কেইবাখনো জিলাত অধিক বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে। ২ জুনত দুৰ্যোগৰ প্ৰতিবেদন আৰু তথ্য ব্যৱস্থাপনা ব্যৱস্থা (DRIMS Assam)-এ প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যৰ ২২ খনতকৈও অধিক জিলাত ৫ লাখৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে। চলিত বৰ্ষৰ বানত বৰ্তমানলৈকে ৬ জন লোকৰ মৃত্যু হৈছে, ইয়াৰ বিপৰীতে ভূমিস্খলনৰ ফলত মৃত্যুক সাৱতিছে ৫ জন লোকে।
ইয়াৰ মাজতে মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা অসমৰ বান পৰিস্থিতিৰ বুজ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে কেন্দ্ৰীয় চৰকাৰৰ পৰা সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে। সামাজিক মাধ্যমযোগে এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। তেওঁ লিখিছে, কিছু সময় পূৰ্বে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াই মোক ফোনযোগে অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি সন্দৰ্ভত বিতংভাৱে বুজ লয় আৰু এই বিষয়ত আমি কিছু সময় বাৰ্তালাপ কৰোঁ৷ অসম তথা চুবুৰীয়া ৰাজ্যসমূহত ধাৰাবাহিকভাৱে বৰষুণ হৈ থকাৰ ফলত বানৰ সৃষ্টি হোৱা তথা বহু লোকৰ জীৱনত কিদৰে ইয়াৰ প্ৰভাৱ পৰিছে সেই বিষয়ে তেখেতক অৱগত কৰোঁ।”
মুখ্যমন্ত্ৰীয়ে লগতে লিখিছে, “আমাৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য অভিযান তথা এই দুৰ্যোগৰে মোকাবিলা কৰাৰ ক্ষেত্ৰত আমি লোৱা পদক্ষেপৰ বিষয়েও তেখেতক অৱগত কৰিলোঁ। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ বান পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি আমালৈ সহায়-সহযোগিতা আৰু বান আক্ৰান্তৰ পুনৰ সংস্থাপনৰ প্ৰচেষ্টাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস প্ৰদান কৰিছে। তেখেতৰ পথ প্ৰদৰ্শন আৰু আমাৰ প্ৰতি সহায়ৰ বাবে অসমবাসীৰ হৈ আমি কৃতজ্ঞ হৈ ৰ’ম৷”
A short while ago, Hon’ble Prime Minister Shri @narendramodi ji called me to enquire about the current flood situation in Assam.
I briefed him on how continuous rainfall in Assam and adjoining states has led to flooding and impacted many lives. I also apprised him of the relief…
— Himanta Biswa Sarma (@himantabiswa) June 3, 2025
উল্লেখ্য যে বান পৰিস্থিতিৰ বুজ ল’বলৈ ছিকিমৰ মুখ্যমন্ত্ৰী ক্ৰমে প্ৰেম সিং তামাং আৰু মণিপুৰৰ ৰাজ্যপাল অজয় ভল্লাৰ সৈতে কথা পাতিছে প্ৰধানমন্ত্ৰী মোদীয়ে। এই ক্ষেত্ৰত ৰাজ্যকেইখনলৈ কেন্দ্ৰৰ পৰা সম্ভাৱ্য সহায়ৰ আশ্বাস প্ৰদান কৰে। ইয়াৰ মাজতে আজি বানত ৰাজ্যৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলৰ ভিতৰত অন্যতম কাছাৰ জিলা পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সাহায্য শিবিৰত আশ্ৰয় লৈ থকা বন্যৰ্তৰ সৈতে বাৰ্তালাপত কৰে মুখ্যমন্ত্ৰীয়ে।
ইফালে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ (RMC), গুৱাহাটীয়ে মঙলবাৰৰ বাবে ধুবুৰী, দক্ষিণ ছালমাৰা মানকাচৰ, গোৱালপাৰা আৰু কোকৰাঝাৰ চাৰিখন জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰি। অৰেঞ্জ এলাৰ্টৰ অৰ্থ হ’ল ‘ব্যৱস্থা গ্ৰহণৰ বাবে সাজু হৈ থাকক’। যেতিয়া প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সৈতে ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ বেগত ধুমুহা আৰু বজ্ৰপাত হোৱাৰ সম্ভাৱনা থাকে, সেইসমূহ স্থানত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হয়। ইয়াৰ উপৰিও ৰাজ্যৰ ১১খন জিলাৰ বাবে ‘Yellow alert’ জাৰি কৰিছে আৰএমচিয়ে। এইসমূহ স্থানত বজ্ৰপাত লগতে ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ বেগত বতাহৰ বেগেৰে বতাহ বলাৰ সম্ভাৱনা অতিশয় বেছি।
এতিয়াও সংকটজনক হৈ আছে ৰাজ্যৰ বানৰ পৰিস্থিতি। এই পৰ্যন্ত বান আৰু ভূমিস্খলনত মৃত্যুৰ সংখ্যা ১১ জন হোৱাৰ বিপৰীতে আন দুজন নিৰুদ্দেশ হৈ আছে বুলি জানিব পৰা গৈছে। ইফালে কেইবাটাও অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যত পথ, ৰে”ল আৰু ফেৰী সেৱা । তথ্য অনুসৰি, অসমৰ ২২ জন জিলা আৰু ১২৫৪ খন গাঁও প্ৰভাৱিত হৈছে চলিত বানৰ দ্বাৰা। বানৰ দ্বাৰা প্ৰভাৱিত জিলাকেইখন হ’ল- হাইলাকান্দি, হোজাই, লখিমপুৰ, নগাঁও, শ্ৰীভূমি, কাৰ্বি আংলং, ডিব্ৰুগড়, মৰিগাঁও. কামৰূপ, কাছাৰ, গোলাঘাট, দৰং, মাজুলী, ধেমাজি, বিশ্বনাথ, কামৰূপ (ম), কাৰ্বিআংলং (পশ্চিম), যোৰহাট, তিনিচুকীয়া, শোণিতপুৰ, ডিমা হাচাও আৰু শিৱসাগৰ। এই জিলাসমূহত প্ৰায় ৫,১৫,০৩৯ জন লোক ক্ষতিগ্ৰস্ত হৈছে।