বিশেষভাৱে পালন কৰা হ’ব ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী: মুখ্যমন্ত্ৰীৰ বৈঠক
মুখ্যমন্ত্রীয়ে কয় যে ,সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী বছৰজোৰা বিভিন্ন কাৰ্যসূচীৰে সম্প্ৰতি ৰাজ্য চৰকাৰে উদযাপন কৰি আছে। এই উদযাপনৰ লগতে সংগতি ৰাখি অহা ৫ নৱেম্বৰত বৰেণ্য অসম সন্তানগৰাকীৰ বিয়োগৰ দিনটোও বিশেষ ধৰণে পালন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে ৰাজ্য চৰকাৰে।

৫ নৱেম্বৰত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী। ৰাজ্যজুৰি এই দিনটো উদযাপনৰ বাবে আজি লোকসেৱা ভৱনৰ বিস্তৃত আলোচনা অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰীৰ ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ মুখ্য সচিবকে ধৰি কেইবাগৰাকীও শীর্ষ বিষয়াৰ উপস্থিতিত ভিডিঅ’ কনফাৰেন্সিঙত মিলিত হয়।
মুখ্যমন্ত্রীয়ে কয় যে ,সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী বছৰজোৰা বিভিন্ন কাৰ্যসূচীৰে সম্প্ৰতি ৰাজ্য চৰকাৰে উদযাপন কৰি আছে। এই উদযাপনৰ লগতে সংগতি ৰাখি অহা ৫ নৱেম্বৰত বৰেণ্য অসম সন্তানগৰাকীৰ বিয়োগৰ দিনটোও বিশেষ ধৰণে পালন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে ৰাজ্য চৰকাৰে। জিলা পৰ্যায়ত ভাৰতৰত্ন ড° হাজৰিকাৰ বিয়োগৰ দিনটো কিদৰে পালন কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰা হৈছে সেই সন্দৰ্ভত বৈঠকত সাংস্কৃতিক পৰিক্ৰমা বিভাগে বিতংভাৱে অৱগত কৰে।
We held a video conference with all District Commissioners of Assam to review the preparations for the statewide observance of the death anniversary of Bharat Ratna Dr. Bhupen Hazarika on 5th November.
Detailed discussions were held to ensure that the tribute is observed in a… pic.twitter.com/SpoKZsdKvP
— Himanta Biswa Sarma (@himantabiswa) October 18, 2025
মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে, অহা ৫ নৱেম্বৰৰ দিনটোত ৰাজ্যৰ প্ৰতিখন জিলাত সুধাকণ্ঠক শ্রদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যে জিলা প্রশাসনে এক অনুষ্ঠানৰ আয়োজন কৰিব। এই অনুষ্ঠানত জিলাখনৰ জ্যেষ্ঠ তথা সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলক আমন্ত্রণ জনোৱা হ’ব। এই অনুষ্ঠানতে সংশ্লিষ্ট জিলাৰ অগ্রণী শিল্পীসকলে ড° ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰাৰ লগতে অনুষ্ঠানত উপস্থিত থকা জনসাধাৰণৰ অংশগ্রহণেৰে বৰেণ্য শিল্পীগৰাকীৰ ‘মানুহে মানুহৰ বাবে’ শীর্ষক কালজয়ী গীতটো পৰিৱেশনৰ ব্যৱস্থা কৰা হৈছে। সকলো শ্ৰেণীৰ জনসাধাৰণৰ অংশগ্ৰহণৰ সুবিধার্থে এই অনুষ্ঠানটো প্রতিখন জিলাৰ কোনো এক গুৰুত্বপূৰ্ণ স্থানত অনুষ্ঠিত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে বৈঠকত পৰামৰ্শ আগবঢ়ায়।
তেওঁ লগতে কয় যে, বৃহৎ জিলাসমূহে প্রয়োজন সাপেক্ষে সমজিলা সমূহতো এই অনুষ্ঠান আয়োজন কৰিব পাৰিব। এই দিশত অভিভাৱক মন্ত্ৰীসকলৰ সৈতে আলোচনা কৰিবলৈ জিলা আয়ুক্তসকলক নির্দেশ দিয়ে মুখ্যমন্ত্রীয়ে। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ মৃত্যু দিৱস পালনৰ কাৰ্যসূচী যাতে সুকলমে অনুষ্ঠিত হয় সেই দিশতো মুখ্যমন্ত্রীয়ে জিলা আয়ুক্তসকলক যাৱতীয় নির্দেশনা প্রদান কৰে।
লগতে পঢ়ক: বাক্সাৰ হিংসাত্মক ঘটনাৰে জড়িত ৯ জনক গ্ৰেপ্তাৰ, আৰক্ষীয়ে দিলে বহু বিস্ফোৰক তথ্য…