শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পুনৰ কুটাঘাটৰ আশংকা! জংঘলত লুকুৱাই থোৱা অৱস্থাত ৫টা হেণ্ড গ্ৰেনেড উদ্ধাৰ

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাজ্যত সষ্টম হৈ পৰিছে আৰক্ষী-প্ৰশাসন। কোনো যাতে অপ্ৰীতিকৰ বা অনাকাংক্ষিত ঘটনা সংঘটিত নহয়, তাৰ প্ৰতি চোকা দৃষ্টি নিবদ্ধ ৰাখিছে অসম আৰক্ষীয়ে। গুৱাহাটীৰ লগতে ৰাজ্যৰ আন আন প্ৰান্তটো চলিছে প্ৰশাসনৰ তালাচী অভিযান। ইয়াৰ মাজত কেইবাস্থানটো উদ্ধাৰ কৰা হৈছে বিস্ফোৰক সামগ্ৰী।

পুনৰ কুটাঘাটৰ আশংকা! জংঘলত লুকুৱাই থোৱা অৱস্থাত ৫টা হেণ্ড গ্ৰেনেড উদ্ধাৰ
ঢেকীয়াজুলিত হেণ্ড গ্ৰেনেড উদ্ধাৰ
trishna-kalita
Trishna Kalita | Published: 25 Jan 2025 11:47 AM

গণৰাজ্য দিৱস উদযাপনৰ বাবে সাজু হৈছে সমগ্ৰ দেশ। ইতিমধ্যে সম্পন্ন হৈছে সকলো প্ৰস্তুতি। পেৰেডৰ চূড়ান্ত অনুশীলনত ব্যস্ত হৈ পৰিছে কেডেটসকল। কাইলৈ দেশজুৰি উদযাপন কৰা হ’ব ৭৬ সংখ্যক গণৰাজ্য দিৱস। গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাজ্যত সষ্টম হৈ পৰিছে আৰক্ষী-প্ৰশাসন। কোনো যাতে অপ্ৰীতিকৰ বা অনাকাংক্ষিত ঘটনা সংঘটিত নহয়, তাৰ প্ৰতি চোকা দৃষ্টি নিবদ্ধ ৰাখিছে অসম আৰক্ষীয়ে। গুৱাহাটীৰ লগতে ৰাজ্যৰ আন আন প্ৰান্তটো চলিছে প্ৰশাসনৰ তালাচী অভিযান। ইয়াৰ মাজত কেইবাস্থানটো উদ্ধাৰ কৰা হৈছে বিস্ফোৰক সামগ্ৰী।

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাজ্যত উদ্ধাৰ কৰা হৈছে গ্ৰেনেড৷ ঢেকীয়াজুলিৰ বাতাচিপুৰৰ খাবৰাত উদ্ধাৰ হেণ্ড গ্ৰেনেড। ঢেকীয়াজুলিত জংঘলত লুকুৱাই থোৱা অৱস্থাত ৫টাকৈ হেণ্ড গ্ৰেনেড উদ্ধাৰ। এখন ৰবৰৰ বাগানত উদ্ধাৰ হৈছে গ্ৰেনেডকেইটা। আৰক্ষীৰ অভিযানত উদ্ধাৰ কৰা হয় ৫টাকৈ হেণ্ড গ্ৰেনেড। লগতে উদ্ধাৰ কৰা হৈছে তিনিডাল ডিট’নেটৰ।

ইয়াৰ পাছতে সৃষ্টি হৈছে চাঞ্চল্য। কোনে এই গ্ৰেনেডকেইটা আনিলে এই সন্দৰ্ভত কোনো তথ্য জানি পৰা নাই। অব্যাহত আছে আৰক্ষীৰ অনুসন্ধান। গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত গ্ৰেনেড উদ্ধাৰৰ পাছতে স্বাধীনতা দিৱসৰ পুণৰাবৃত্তিৰ আশংকাৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, ২০২৪ৰ ১৫ আগষ্টত স্বাধীনতা দিৱসৰ বিৰোধিতাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুঠ ২৫ টা স্থানত বোমা স্থাপন কৰা বুলি আলফা (স্বাধীনে) দাবী কৰিছিল। ইয়াৰ পিছতে ৰাজ্যত ব্যাপক এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এই বিবৃতি যোগে আলফা (স্বা)- ই স্বাধীনতা দিৱসৰ বিৰোধিতাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুঠ ২৫ টা স্থানত বোমা স্থাপন কৰা বুলি দাবী কৰে। কিন্তু কাৰিকৰী বিজুতিৰ বাবে এই বোমাসমূহ নুফুটা বুলি উল্লেখ কৰি আলফা (স্বা)- এ লগতে জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বোমাসমূহ উদ্ধাৰ কৰি নিষ্ক্ৰিয় কৰিবলৈ দাবী জনাইছিল। শিৱসাগৰৰ ডিটিঅ’ অফিচ, শিৱসাগৰৰ বিজি ৰ’ড, লাকুৱা তিনিআলি, ডিব্ৰুগড় ASTC বাছ আস্থান, লখিমপুৰৰ ASTC বাছ আস্থান, লখিমপুৰ পেৰেড গ্ৰাউণ্ড, লালুক বজাৰ, নগাঁৱৰ মেডিকেল কলেজ পথ আৰু নগাঁৱৰ বৰহাট থানাৰ কাষৰ এক স্থানৰ লগতে বিভিন্ন তথ্য প্ৰমাণ বিচাৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অভিযান চলাইছিল আৰক্ষীয়ে।

ইফালে গণৰাজ্য দিৱসৰ প্ৰাকমুহূতৰ্ত শুকুৰবাৰে মেৰাপানীত পিষ্টলসহ নগাযুৱকক আটক কৰা হয় । মেৰাপানীৰ ইন্দপুৰ চাৰি আলিৰ পৰা এক গোপন সুত্ৰৰ পম খেদি মেৰাপানী আৰক্ষীয়ে জব্দ কৰে এখন এল্ট’ বাহন। AS01 EB 4149 নম্বৰৰ এল্ট’ বাহনখনৰ  পৰা তিনিজন নগা ব্যক্তিৰ পৰা এটা 22 পিষ্টল আৰু ৯টা সজীৱ গুলি উদ্ধাৰ কৰে আৰক্ষীয়ে। তাৰ পাছতে গাড়ী সহ নগা ব্যক্তিকেইজনক তালাচী অব্যাহত ৰাখিছে। বাহনখন ওখা জিলাৰ পৰা বুলি মেৰাপানী আৰক্ষী জানিব দিয়ে । বৰ্তমান নগা ব্যক্তিকেইজনক মেৰাপানী থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।